চিনামৰা কলেজৰ অধ্যক্ষ ড° অঞ্জন শইকীয়ালৈ ৰাষ্ট্ৰীয় গৱেষণা বঁটা
বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা দিল্লী বিশ্ববিদ্যালয়ৰ প’ষ্ট ডক্টৰেট ইতিহাসৰ গৱেষক ড° অঞ্জন শইকীয়াক কলিকতা বিশ্ববিদ্যালয় আৰু দিল্লীৰ খ্ৰাইষ্ট বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত প্ৰতিষ্ঠিত শিক্ষা আৰু গৱেষণা কেন্দ্ৰ এডুকেছন ৰিছাৰ্ছ এণ্ড ডেভেল’পমেন্ট এছ’চিয়েছন চমুকৈ ERDA-য়ে গৱেষণা বঁটা প্ৰদান কৰিছে। দিল্লীৰ খ্ৰাইষ্ট বিশ্ববিদ্যালয়ত যোৱা মঙ্গলবাৰে অনুষ্ঠিত ERDA গ্ল’বেল অভিৱৰ্তনত ড° শইকীয়াক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, গুগলৰ ৰেটিঙৰ ওপৰত ভিত্তি কৰি (এক লাখৰো অধিক পঢ়ুৱৈ) ৫•৭১৫ ইমপেক্ট ফেক্টৰ থকা উচ্চ মানবিশিষ্ট গৱেষণাধৰ্মী আলোচনী ‘দ্য মিৰৰ’ৰ বাবে ড° শইকীয়াক ২০২৪ বৰ্ষৰ অন্যতম শ্ৰেষ্ঠ সম্পাদকৰ বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ লগত এটা স্মাৰক, এখন মানপত্ৰ আৰু গৱেষাণিক মাননি হিচাপে নগদ ধন আগবঢ়োৱা হৈছে। ইতিমধ্যে ড° শইকীয়াই আলোচনীখনৰ বাবে আই আই টি মুম্বাই, চণ্ডীগড় বিশ্ববিদ্যালয়ৰ International Institute of Organization Research আদিৰ পৰাও গৱেষণা বঁটা লাভ কৰিছে । ড° অঞ্জন শইকীয়া ইতিহাসবিদ তথা মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, অধ্যাপক আনন্দ শইকীয়া আৰু সমাজব্ৰতী মহিলা চম্পাৱতী শইকীয়াৰ একমাত্ৰ পুত্ৰ। উল্লেখ্য, চিনামৰা মহাবিদ্যালয়ৰ ইতিহাস বিভাগে ২০১৪ চনতে আৰম্ভ কৰা ‘দ্য মিৰৰ’ নামৰ আলোচনীখনে ২০২৪ চনত ১১ বছৰত ভৰি দিলেহি। ইণ্ডিয়ান কাউন্সিল অৱ হিষ্ট্ৰিকেল ৰিছাৰ্ছৰ সাহাৰ্য্যৰে প্ৰকাশ হোৱা আলোচনীখন ইতিমধ্যে দেশৰ ৭০ খন বিশ্ববিদ্যালয় আৰু ৩৪খন মহাবিদ্যালয়ে বাৰ্ষিক ক্ৰয় কৰাৰ উপৰিও ফ্ৰান্সৰ বৰডিউক্ বিশ্ববিদ্যালয় আৰু ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়ত অৱস্থিত ই বি এছ ক’ গৱেষণা প্ৰতিষ্ঠানে বিগত পাঁচ বছৰ ধৰি ক্ৰয় কৰি আহিছে। ইতিহাস প্ৰসিদ্ধ চিনামৰা চাহ বাগিচাৰ কাষতে অৱস্থিত চিনামৰা মহাবিদ্যালয়ৰ এই কৃতিত্বক বৈদ্ধিক সমাজে প্ৰশংসা কৰাৰ লগতে অধ্যক্ষ ড° অঞ্জন শইকীয়াক অভিনন্দন জনাইছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া