ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮৫ টকালৈ অৱনমিত
🔹 শ্বেয়াৰ বজাৰত পুনৰ অভাৱনীয় পতন
নিউজ ডেস্ক, ২০ ডিচেম্বৰ : পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত চলিছে পতন৷ ডলাৰৰ তুলনাত ইতিহাসত সর্বনিম্ন দৰলৈ অৱনমিত হ’ল ভাৰতীয় মুদ্রা টকা৷ প্রথমবাৰলৈ এক ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য নামিল ৮৫ টকালৈ৷ পৰহি বিয়লিৰ ভাগতেই ভাৰতীয় শ্বেয়াৰ বজাৰত আৰম্ভ হৈছিল পতন৷ হঠাতে মার্কিন ফেডাৰেল ৰিজার্ভে বেংকৰ সুদৰ হাৰ ২৫ বেছিছ পইণ্ট ধৰাৰ লগে লগে বজাৰত পতন আৰম্ভ হয়৷ পৰহি বজাৰ খোলাৰ লগে লগে বজাৰৰ মূল্যই অতিক্রম কৰে ২৫ টকা৷ পৰহি বজাৰ বন্ধৰ সময়ত ডলাৰৰ মূল্য আছিল ৮৪ টকা ৯৬ পইচা৷ কালি বজাৰ খোলাৰ লগে লগে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮৫ টকা ৪ পইচালৈ অৱনমিত হয়৷ দিনটোৰ শেষলৈ ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮৫ টকা ৬ পইচালৈ অৱনমিত হয়৷ এয়া ইতিহাসত সর্বোচ্চ হিচাপে চিহ্ণিত হৈছে৷ অকল টকাৰ মূল্য হ্রাস পোৱাই নহয়, শ্বেয়াৰ বজাৰতো অভাৱনীয় পতন পৰিলক্ষিত হয়৷ দিনটোৰ আৰম্ভণিতে ছেনছেক্স ১১৬২ পইণ্ট কমি যায়৷ গতিকে সূচক ৮০ হাজাৰতকৈও তললৈ অৱনমিত হয়৷ একেই ছবি দেখিবলৈ পোৱা যায় নিফ্টিৰ ক্ষেত্রত৷ অর্থাৎ শ্বেয়াৰ বজাৰত চলি থকা পতনৰ লগে লগে দেশৰ মুদ্রাৰ মূল্যৰো অভাৱনীয় পতন ঘটিছে৷