নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত দুই সশস্ত্র সংগঠনৰ ঘাটিত অভিযান নিৰাপত্তা বাহিনীৰ

🔹 উত্তপ্ত পৰিস্থিতিৰ মাজতে আগ্নেয়াস্ত্র–নথিপত্র জব্দ

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজৰ সংঘর্ষক লৈ এতিয়াও উত্তপ্ত হৈ আছে মণিপুৰ৷ বিগত কেইবামাহ ধৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তালাচী অভিযান চলাই প্রচুৰ গোলা–বাৰুদ আৰু আগ্ণেয়াস্ত্র বাজেয়াপ্ত কৰিছে সেনা–আৰক্ষীয়ে৷ এইবাৰ পূব ইম্ফলৰ মাকউ পোৰবিত দুটা নিষিদ্ধ সংগঠনৰ ঘাটিৰ সন্ধান পালে আৰক্ষীয়ে৷ এই ঘাটিৰ পৰা আগ্ণেয়াস্ত্র, আপত্তিজনক নথি-পত্র আৰু দুখন গাড়ী জব্দ কৰিছে সেনা–আৰক্ষীয়ে৷ নিৰাপত্তা বাহিনীৰ সূত্রই সদৰী কৰা অনুসৰি, এই নিষিদ্ধ সশস্ত্র সংগঠন দুটাৰ নাম ‘কাংলেই য়াওল কান্না লুক (কেৱাইকেএল)’ আৰু পিপলছ ৰিভিউলুচনাৰী পার্টী অৱ কাংলেই পাক (প্রিপাক)৷ পৰহি প্রিপাকৰ তিনিজন সদস্যক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ ইয়াৰ উপৰি পূব ইম্ফলত গ্রেপ্তাৰ হৈছে কাংলেই পাক কমিউনিষ্ট পার্টীৰ গেৰিলা বাহিনীৰ ৯জন সদস্যও৷ পৰহি পূব ইম্ফলত বিভিন্ন ধৰণৰ আগ্ণেয়াস্ত্র উদ্ধাৰ হয়৷ ইয়াৰ ভিতৰত এলন মাস্কৰ ষ্টাৰলিংক ইণ্টাৰনেট ডিভাইচো আছে৷ ইয়াৰ পিছতে চর্চা হয় বিভিন্ন মহলত৷ কেনেদৰে ষ্টাৰলিংক ইণ্টাৰনেট ডিভাইচ সন্ত্রাসবাদীৰ হাতত পৰিল, তাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ অৱশ্যে এলন মাস্কে এই দাবী ভুৱা বুলি উল্লেখ কৰিছে৷

You might also like