নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ মার্চ মাহত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন কার্যসূচী পিছুৱাই দিয়াৰ আহ্বান জনাইছে চীনে ৷ চীনৰ য়ুহানৰ পৰা বিশ্বজুৰি বিস্তাৰ ঘটা মাৰাত্মক ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰাৰ উদ্দেশ্যে নিৰাপত্তা পৰিষদৰ এই কার্যসূচী পিছুৱাই দিয়া উচিত বুলি ঘোষণা কৰিছে চীনা কূটনীতিক ঝাং জুনে৷ উল্লেখনীয় যে মার্চ মাহত নিৰাপত্তা পৰিষদৰ বিভিন্ন বৈঠকৰ অধ্যক্ষতাৰ দায়িত্বত আছে চীন৷ কিন্তু মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈ দেশখনত তিনি সহস্রাধিক লোকে প্রাণ হেৰুৱাইছে৷ বর্তমান ক’ৰোনা প্রতিৰোধত ব্যস্ত হৈ আছে বেইজিং প্রশাসন৷ এনে পৰিস্থিতিত নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা উচিত নহয় বুলি যুক্তি দর্শাইছে চীনে৷ যদি নিৰাপত্তা পৰিষদৰ বৈঠক পিছুৱাই দিয়া সম্ভৱ নহয়, তেন্তে কার্যসূচী কর্তন কৰা উচিত বুলি বেইজিঙে দাবী কৰিছে৷