নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰীৰ ১নং ধানমাৰা-নিজগৰুবন্ধা-পাতিদৈ ভেৰেলা গাঁও সংযোগী পথত মৰণফান্দ

🔹 দুবছৰেও সম্পূৰ্ণ নহ’ল গুৰুত্বপূৰ্ণ গ্ৰাম্য পথটিৰ পকীকৰণ কাম

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মিছামাৰী অঞ্চলৰ ১নং ধানমাৰা-নিজগৰুবন্ধা-পাতিদৈ ভেৰেলা গাঁও সংযোগী গ্ৰাম্য পথটি পকীকৰণৰ কাম আৰম্ভ হৈ কিছুদিনৰ পাছতে পথটোৰ পকীকৰণৰ কাম যি স্থগিত হৈ ৰ’ল, সেয়ে আজিলৈকে গতি নোলোৱাত স্থানীয় ৰাইজ চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷ যোৱা বাৰিষাত নিৰ্মীয়মাণ পথটিৰ ওপৰত স্থাপন কৰা পুল, কালভাৰ্টসমূহ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ পাছত পথটোৰ যাতায়াতত যি দুৰৱস্থা হৈছিল, সেই দৃশ্য স্থানীয় বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ঠেলামাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া হিমাদ্ৰী বৰা আদিয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰত্যক্ষ কৰি গৈছিল আৰু বাৰিষাৰ পানী শুকালেই পুল, কালভাৰ্টসমূহ মেৰামতি কৰা হ’ব বুলি আশ্বাসো দি গৈছিল ৷ সেই সময়ত উপায়হীন ৰাইজে ভগ্ন পুল, কালভাৰ্টৰ ওপৰত বাঁহৰ সাঁকো নিৰ্মাণ কৰি কোনোমতে অহা-যোৱা কৰাৰ ব্যৱস্থা কৰি লয় ৷ পৰিতাপৰ বিষয় যে বাৰিষাৰ সময়তে নিৰ্মাণ কৰা বাঁহৰ সাঁকোৰ কামিবোৰ বৰ্তমান ছেদেলি-ভেদেলি আৰু পচি যোৱাৰ ফলত সাঁকোৰ ওপৰেদি সম্প্ৰতি যাতায়াত কৰা সম্ভৱ নহয় ৷ ফলত উপায়হীন হৈ ৰাইজে বিধ্বস্ত পুল, কালভাৰ্টৰ তলেদি অহা-যোৱা কৰিবলৈ বাধ্য হৈছে ৷ উল্লেখ্য যে নিৰ্মীয়মাণ পথটি কোটিটকীয়া আঁচনি আৰু ঠিকাদাৰৰ জৰিয়তে নিৰ্মাণৰ কাম চলা বুলি জানিবলৈ দিছে ৷ যোৱা বছৰ খৰালিত পথটোৰ পকীকৰণৰ কাম আৰম্ভ হয়, কিন্তু আজিকোপতি পথ নিৰ্মাণৰ বিৱৰণৰ তালিকা, ঠিকাদাৰৰ নাম আদি সন্নিৱিষ্ট ফলক স্থাপন কৰা পৰিলক্ষিত নহ’ল ৷ পথটোৰ পকীকৰণ প্ৰক্ৰিয়াৰ বাবে মাটি, শিল-বালি ছটিওৱাকে আদি কৰি যি যাৱতীয় কাম আগবাঢ়িছিল, সেইবোৰৰ দিনকদিনে চিনচাব নোহোৱাৰ দৰে অৱস্থা হৈছে ৷ ইয়াৰ ফলত পথ পকীকৰণৰ বাবে আবণ্টিত ধন অপচয় হোৱাৰ বাহিৰে আন একো নহয় আৰু সেইটো কাৰো বুজিবলৈ বাকী নাই ৷ বিশেষ সূত্ৰে জানিব পৰা মতে, তেজপুৰ কেতেকীবাৰীৰ কৃতিকমল তামুলী নামৰ এজন ঠিকাদাৰে উক্ত পথটো পকীকৰণৰ কামৰ ঠিকা লাভ কৰিছে ৷ নিৰ্মাণৰ কাম স্থগিত হৈ পৰাৰ পাছত পথটোৱে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে আৰু পথটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ স্থানীয় ৰাইজে ফোনযোগে যোগাযোগ কৰি আহিছে যদিও ৰাইজৰ কথাত ঠিকাদাৰগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি জানিবলৈ দিছে ৷ বৰ্তমান খৰালি বতৰত পথ নিৰ্মাণৰ কাৰণে সোণালী সুযোগ, কিন্তু ঠিকাদাৰে কিয় পথটোৰ নিৰ্মাণৰ কাম আগবঢ়োৱা নাই, সেই বিষয়টোক লৈ স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে ৷ স্মৰ্তব্য যে যি সময়ত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে অসম মালাৰ দৰে আঁচনি গ্ৰহণ কৰি ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা চলাইছে, সেই সময়ত উল্লেখিত ১নং ধানমাৰা-নিজগৰুবন্ধা-পাতিদৈ ভেৰেলা গাওঁ সংযোগী পথটোৰ পকীকৰণ কাম আৰম্ভ হৈয়ে বিগত দুবছৰে নিৰ্মাণৰ কাম স্থগিত হৈ পৰি থকাটো দুৰ্ভাগ্যজনক ৷ এইক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই উক্ত পথটোৰ নিৰ্মাণ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে, সেইটো লক্ষণীয় হ’ব ৷

প্ৰেৰক বগা তপ্ন

You might also like