নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইছৰ’ৰ বিজ্ঞানী পদত কাছাৰৰ সোণাইৰ আমজাদ আমিন

🔹 কেন্দ্রীয় নিযুক্তি ব’ৰ্ডৰ পৰীক্ষাত একাদশ স্থান দখল

🔹 চৰকাৰী বিদ্যালয়ত গ্রহণ কৰিছিল প্রাথমিক শিক্ষা

নিয়মীয়া বার্তা, ২৪ ডিচেম্বৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে বৰাক উপত্যকাৰ কাছাৰ জিলাৰ সোণাইৰ বাসিন্দা আমজাদ আমিন ৰাহুলে৷ ইছৰ’ৰ কেন্দ্রীয় নিযুক্তি ব’র্ডে প্রকাশ কৰা ১৫৩জনীয়া বাছনি তালিকাত ১১ নম্বৰ স্থান লাভ কৰিছে আমজাদ আমিন ৰাহুলে৷ উল্লেখ্য যে সোণাই সমষ্টিৰ নগদিৰগ্রাম তৃতীয় ব্লকৰ বাসিন্দা তথা পঞ্জাব নেচনেল বেংকৰ শিলচৰ শাখাৰ প্রাক্তন প্রবন্ধক মকাব্বিৰ আলী লস্কৰ আৰু আলেয়া বেগম লস্কৰৰ সন্তান হৈছে আমজাদ আমিন ৰাহুল৷ চৰকাৰী বিদ্যালয়ৰ পৰা প্রাথমিক শিক্ষা গ্রহণ কৰা এইগৰাকী অসম সন্তানে নিজৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্রমৰ বাবেই ইছৰ’ৰ দৰে প্রতিষ্ঠানত বিজ্ঞানী হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছে৷ কাবুগঞ্জ ১৪১ নম্বৰ ৰামচৰণ পাঠশালাত তেওঁ প্রাথমিক শিক্ষা জীৱন আৰম্ভ কৰিছিল৷ লক্ষীচৰণ হাইস্কুলৰ পৰা পঞ্চম আৰু ষষ্ঠ শ্রেণী অধ্যয়ন কৰাৰ পাছত তেওঁ শিলচৰ অধৰচন্দ হাইস্কুলত নামভর্তি কৰে৷ তাৰ পৰাই মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ ৰামানুজন গুপ্তা জুনিয়ৰ কলেজত বিজ্ঞান শাখাত নামভর্তি কৰে৷ সুখ্যাতিৰে উত্তীর্ণ হোৱা আমজাদ আমিন ৰাহুলে শিলচৰৰ এনআইটিৰ পৰা মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্রী গ্রহণ কৰে৷ ইয়াৰ পাছতে তেওঁ শিলচৰতে জল জীৱন মিছনত দুবছৰৰ বাবে কাম কৰে৷ পৰৱর্তী সময়ত আই আই টি খড়গপুৰত মেকানিকেল ডিজাইনিঙৰ পাঠ্যক্রম গ্রহণ কৰে আৰু এটা ব্যক্তিগত প্রতিষ্ঠানত অতিৰিক্ত অভিযন্তা হিচাপে নিযুক্তি লাভ কৰে৷ এই সময়ছোৱাতে তেওঁ ইছৰ’ৰ নিযুক্তি পৰীক্ষাত অৱতীর্ণ হয়৷ এই নিযুক্তি পৰীক্ষাত সফলতাৰে উত্তীর্ণ হোৱাৰ খবৰ লাভ কৰাৰ পাছতে তেওঁৰ লগতে পিতৃ–মাতৃ উৎফুল্লিত হৈ পৰে৷ সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে শিক্ষক, অভিভাৱক আৰু সহপাঠীৰ সহায় আৰু কঠোৰ পৰিশ্রমৰ বাবেই এই সফলতা লাভ কৰিছে৷ এয়া তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ কৃতিত্ব৷ ইছৰ’ৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে তেওঁ আনন্দ প্রকাশ কৰি নতুন প্রজন্মক লক্ষ্য নির্ধাৰণ কৰি অধ্যয়ন কৰিবলৈ পৰামর্শ প্রদান কৰে৷ তেওঁৰ ভগ্ণী হাইলাকান্দিৰ খাইৰুন নেছা মেম’ৰিয়েল কলেজৰ অধ্যক্ষ হিচাপেও কর্মৰত৷

You might also like