নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোকেৰে উজলি উঠা গির্জাত কেৰলৰ ধ্বনি–প্রভু যীশুৰ উপাসনা

🔹 কাইলৈ পৱিত্র বৰদিন, খ্রীষ্টান ধর্মাৱলম্বীৰ মাজত ব্যাপক আনন্দ–উছাহ

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : খ্রীষ্টানধর্মীসকলৰ পৱিত্র উৎসৱ বৰদিনলৈ মাজত কেইটামান ক্ষণ বাকী থকা অৱস্থাত উৎসৱমুখৰ হৈ পৰিছে অসম৷ ৰাজ্যৰ বিভিন্ন স্থানত কালিৰে পৰা অনুষ্ঠিত হৈছে বৰদিনৰ উছাহ–উদ্দীপনা৷ এই উপলক্ষে ৰাজ্যৰ আন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন গির্জাঘৰ আলোকসজ্জাৰে সজাই তোলা হৈছে৷ পাণবজাৰৰ গুৱাহাটী বেপ্টিষ্ট চাৰ্চ, দিছপুৰ বেপ্টিষ্ট চাৰ্চ, খাৰঘুলিৰ এভাৰগ্রীন বেপ্টিষ্ট চাৰ্চ, কাহিলিপাৰা বেপ্টিষ্ট চাৰ্চ, বেলতলাৰ যীশুখ্রীষ্ট মুক্তিদাতা বেপ্টিষ্ট চাৰ্চ, আদিংগিৰি বেপ্টিষ্ট চাৰ্চ, পাণবজাৰৰ ছেইণ্ট যোছেফ কেথলিক চাৰ্চ, খ্রাইষ্ট চাৰ্চ, ৰুক্মিণীগাঁও কেথলিক কেথড্রেলকে ধৰি সকলো গির্জঘৰ প্রভু যীশুৰ গুণ–গৰিমাৰে গুঞ্জৰিত হৈ পৰিছে৷ বৰদিনৰ সৈতে সংগতি ৰাখি আজি সন্ধিয়াৰ পৰা বিভিন্ন গির্জাত প্রভু যীশুৰ জন্ম বৃত্তান্ত পৰিৱেশন, বাইবেল শিক্ষা পাঠ আদিকে ধৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত হ’ব৷ বৰদিনৰ অন্যতম উপাদান হৈছে কেৰলৰ ধ্বনি৷ পৱিত্র বৰদিনৰ সৈতে সংগতি ৰাখি খ্রীষ্টানধর্মী ৰাইজে ইতিমধ্যে ঠায়ে ঠায়ে পৰিৱেশন কৰিছে কেৰল৷ সমান্তৰালকৈ গির্জাসমূহতো কেৰলৰ ধ্বনিৰে সৃষ্টি হৈছে এক ধর্মীয় পৰিৱেশ৷ ২৫ ডিচেম্বৰৰ বৰদিনৰ দিনা পুৱা ৯ বজাৰ পৰা গির্জাসমূহত আৰম্ভ হ’ব প্রভু যীশুৰ উপাসনা, ধর্মীয় প্রার্থনা৷ পিছদিনা অর্থাৎ ২৬ ডিচেম্বৰত পূর্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি গির্জাসমূহত আয়োজন কৰা হ’ব প্রীতিভোজৰ৷ বৰদিনৰ সৈতে সংগতি ৰাখি অকল গির্জাসমূহেই নহয়, আলোকসজ্জাৰে আলোকিত হৈ পৰিছে উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী৷ মহানগৰীৰ বিভিন্ন হোটেল–ৰেস্তোৰাঁ, মল আদিত বৰদিনৰ প্রভাৱ পৰিছে৷ আটকধুনীয়া আলোকৰ লগতে ছাণ্টাক্ল’জৰ প্রতিচ্ছবি সংলগ্ণ কৰি ৰাইজক আকর্ষণৰ বাবে চেষ্টা কৰিছে ব্যৱসায়ীসকলে৷ যি কি নহওক, কেৰলৰ ধ্বনিৰ মাজেৰে খ্রীষ্টানধর্মী ৰাইজে প্রভু যীশুৰ ওচৰত ৰাজ্যবাসীৰ মংগলৰ অর্থে প্রার্থনা জনাব৷ প্রভু যীশুৰ দূত ছাণ্টাক্ল’জে ৰাজ্যলৈ লৈ আহিব শান্তি–একতাৰ বতৰা৷ অপায়–মংগলবোৰ নাইকিয়া হ’ব৷ এক কথাত ক’বলৈ গ’লে, বৰদিন অকল খ্রীষ্টানধর্মীসকলৰ পৰম্পৰাগত অনুষ্ঠানেই হৈ থকা নাই, একতা–সমন্বয়ৰ এক প্রতীক হৈ পৰিছে বৰদিন৷

You might also like