২০২৫ বর্ষত ভ্রমণ কৰিবলগীয়া ৫২ স্থানৰ তালিকাত অসম
🔹 ‘নিউয়র্ক টাইমছ’ৰ পর্যটনৰ তালিকাত চতুর্থ স্থানেৰে উজলিল অসম
বিশেষ বাৰ্তা, ১০ জানুৱাৰী : বিশ্বৰ ৫২টা উৎকৃষ্ট ভ্রমণস্থলীৰ ভিতৰত চতুর্থ স্থান লাভ কৰিছে অসমে৷ বিশ্ববিখ্যাত মার্কিন সংবাদ পত্র ‘নিউয়র্ক টাইমছ’–এ প্রকাশ কৰা ২০২৫ বর্ষৰ বিশ্বৰ আটাইতকৈ উল্লেখনীয় পর্যটন ক্ষেত্রৰ ভিতৰত অসমক ৰখা বিষয়টোৱে স্বাভাৱিকতে সৃষ্টি কৰিছে আনন্দৰ পৰিৱেশ৷ বিশ্ব পর্যটন মানচিত্রত পুনৰ অসম উজলি উঠা বিষয়টোৱে ৰাজ্যবাসীক উৎসাহিত কৰাই নহয়, এডভাণ্টেজ আছাম ২.০ৰ পূর্বে এয়া গৌৰৱৰ খবৰ বুলিও চর্চা চলিছে৷ এনে চর্চাক লৈয়েই সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া প্রকাশ কৰি কয়– এয়া ৰাজ্যবাসীৰ বাবে এক প্রাপ্তি৷ সামাজিক মাধ্যমত তেওঁ এইবুলি উল্লেখ কৰিছে যে পর্যটনৰ দিশত অসমৰ প্রচুৰ সম্ভাৱনাক আমি সকলোৱে নিশ্চয়কৈ অনুভৱ কৰোঁ আৰু সেয়েহে ইয়াৰ প্রচাৰ–প্রসাৰত চৰকাৰেও নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে৷ সকলোৰে বাবে উৎসাহৰ ঢৌ কঢ়িয়াই ক্রমান্বয়ে অসমৰ বাবে আহিছে ইটোৰ পাছত সিটো আশাব্যঞ্জক খবৰ৷ বিশ্ববিখ্যাত নিউয়র্ক টাইমছতো ২০২৫ বর্ষত পর্যটনৰ বাবে অতি উপযুক্ত ঠাইৰ তালিকাত অসমৰ নাম প্রকাশিত হৈছে৷ এয়া ৰাজ্যবাসীৰ বাবে এক প্রাপ্তি৷ আনহাতে, পর্যটন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে এই স্বীকৃতিৰ বাবে প্রতিক্রিয়া প্রকাশ কৰি কয় যে অকল অসমেই নহয়, ভাৰতবর্ষৰ বাবে এয়া এক ভাল খবৰ৷ অসমৰ চৰাইদেউ আৰু কাজিৰঙাক লক্ষ্য কৰি যি খবৰ আহিছে, সেয়া অসমৰ বাবে সুখৰ বার্তা৷ ইয়াৰ বাবে ধন্যবাদৰ পাত্র হ’ল প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মন কৰিবলগীয়া যে নিউয়র্ক টাইমছে প্রকাশ কৰা তালিকাত অসমে চতুর্থ স্থান লাভ কৰাৰ মুখ্য কাৰক হিচাপে প্রকাশ হৈছে চৰাইদেউ মৈদাম আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যান৷