নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খোৱাতেলৰ উদ্যোগ স্থাপনেৰে সম্ভাৱনাৰ দুৱাৰ খুলিছে মধ্য সৰুক্ষেত্ৰী সমবায়ে

নকুল তালুকদাৰৰ প্ৰতিবেদন : সততে প্ৰায়বোৰ সমবায় সমিতি বিতৰ্কত সোমাই পৰাৰ লগতে নানা কেলেংকাৰীত নিমজ্জিত হৈ সমবায়ৰ লাও লোৱা অৱস্থা হোৱা পৰিলক্ষিত হয়।আনহাতে অসম চৰকাৰৰ খাদ্য আৰু যোগান বিভাগৰ বিতৰকৰ দায়িত্ববাহী প্ৰায়বোৰ সমবায়তে চাউল হৰলুকি কৰা হিচাপৰ কেলেংকাৰী কৰা আৰু প্ৰতি বছৰে লোকচানৰ ঘৰত দেখা যায়।কিন্ত ইয়াৰ বিপৰীত এখন ছবি চিত্ৰায়ন কৰি চৰ্চালৈ অহাৰ লগতে সম্ভাৱনাৰ দুৱাৰ খুলিছে সৰ্থেবাৰীৰ গাতে লাগি থকা মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে। কেইবছৰমান আগলৈ এইখন সমবায় চলোৱাৰ ক্ষেত্ৰত এক কঠিনতা আহি পৰিছিল।সম্প্ৰতি অকল চাউল বিতৰণেৰে একোখন সমবায় সমিতি চলি থকাটো কঠিন হৈ পৰিছে।ইয়াৰ মাজতেই মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়ত সমবায় সমিতিৰ সচিব প্ৰধান তথা প্ৰাক্তন ছাত্ৰ নেতা গৌৰীকান্ত গোস্বামীয়ে সঞ্চালক মণ্ডলীক লগত লৈ এক নতুন চিন্তাৰে সমবায়ৰ অধিনত স্থাপন কৰে মধ্য সৰুক্ষেত্ৰী অইল মিল।সমবায়ৰ জমা ধন আৰু অংশীদাৰ সকলৰ ধনেৰে সমবায় খনত খাঁটি মিঠাতেল উৎপাদন কৰাৰ লক্ষ্যৰে প্ৰায় চয় লাখ টকা খৰছ কৰি স্থাপন কৰে তেল পেৰা যন্ত্ৰ আৰু তেল ৰিফাইন কৰা যন্ত্ৰ। সমগ্ৰ অঞ্চলটোত যঠেষ্ট পৰিমাণৰ সঁৰিয়হ উৎপাদন হোৱাত কেঁচা মালৰ অভাৱ নাই এই অইল মিল চলাবলৈ।যাৰ বাবে স্থানীয় ভাবেই লাভ কৰি আছে পৰ্যাপ্ত পৰিমাণৰ সৰিয়হ।এক সাহসী পদক্ষেপ গ্ৰহণ কৰি গৌৰীকান্ত গোস্বামীৰ নেতৃত্বত ২০২০ চনত চৰকাৰী অনুদান অবিহনে স্থাপন কৰা হল মধ্য সৰুক্ষেত্ৰী সমবায় অইল মিল।গুণগত দিশত অধিক গুৰুত্ব প্ৰদান কৰাৰ ফলত অতি কম সময়ৰ ভিতৰতে এই মিলত উৎপাদিত তেলে গ্ৰাহকৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হল।সমগ্ৰ অঞ্চলটোত মধ্য সৰুক্ষেত্ৰী সমবায়ৰ উৎপাদিত খাঁটি সৰিয়হৰ মিঠাতেল জনপ্ৰিয় হৈ পৰাৰ ফলত কম সময়ৰ ভিতৰতেই সমগ্ৰ অঞ্চলটোৰ বজাৰ দখল কৰিবলৈ সমৰ্থ হয়। এতিয়া সমগ্ৰ অঞ্চলটোৰ প্ৰতিখন গেলামালৰ দোকানত মধ্য সৰুক্ষেত্ৰী সমবায়ৰ উৎপাদিত খাঁটি সৰিয়হৰ তেল উপলব্ধ হোৱাৰ লগতে বিক্ৰীৰ ক্ষেত্ৰত সকলো কোম্পানী চেৰ পেলাবলৈ সক্ষম হৈছে।মধ্য সৰুক্ষেত্ৰী সমবায়ৰ তেল ক্ৰয় কৰিবলৈ গ্ৰাহকৰ হেতা ওপৰা লগাৰ ফলত এতিয়া চাহিদা প্ৰচুৰ পৰিমাণে বাঢ়ি গৈছে।প্ৰয়োজনীয় চাহিদা পুৰণ কৰাত এতিয়া অপাৰগ হৈ পৰিছে সমবায় খনৰ সপোনৰ তেল উৎপাদন উদ্যোগতো। বছৰি ৭২ হাজাৰ লিটাৰ তেল উৎপাদন কৰিবলৈ সক্ষম হোৱা মধ্য সৰুক্ষেত্ৰী সমবায় অইল মিলত এতিয়া ৬ জন লোকে স্থায়ী ভাবে কৰ্মসংস্থান লাভ কৰিবলৈ সক্ষম হৈছে।অস্থায়ী ভাবেও বহু কৰ্মচাৰী নিয়োজিত হোৱা এই অইল মিলত পৰোক্ষ ভাৱেও বহুতে সংস্থাপনৰ বাট দেখিবলৈ পাইছে।সমবায়খনে এতিয়া এই উদ্যোগৰ পৰা দেখিছে লাভৰ মুখ।সমগ্ৰ অঞ্চলটোতে বিশুদ্ধ খাঁটি সৰিয়হৰ মিঠাতেল গ্ৰাহকৰ হাতত তুলি দিবলৈ সক্ষম হোৱা এই উদ্যোগে প্ৰচুৰ সম্ভাৱনাৰ দুৱাৰ খুলিছে।সম্প্ৰতি মধ্য সৰুক্ষেত্ৰী সমবায়ৰ উৎপাদিত খাঁটি সৰিয়হৰ তেল প্ৰতি লিটাৰ খুচুৰা হিচাপত ১৫০ টকা আৰু পাইকাৰী হাৰত ১৪০ টকা দৰত বিক্ৰী কৰি আছে।তেল চেপাৰ লগতে উন্নত পদ্ধতিৰে ৰিফাইন কৰা এই তেল ছয় মাহলৈ খোৱাৰ উপযোগী হৈ থাকে।সমবায়ৰ সচিব গৌৰীকান্ত গোস্বামীয়ে জানিবলৈ দিয়া মতে এই লাভ দায়ক উদ্যোগৰ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে আৰু শীঘ্ৰেই পুনৰ এতি ডাঙৰ যন্ত্ৰ সংস্থাপনৰ প্ৰস্ততি চলোৱা হৈছে।গ্ৰাহকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য কৰি প্ৰায় ৫ʼ৫ লাখ টকা ব্যয়েৰে স্থাপন কৰিবলৈ পৰিকল্পনা কৰা এই যন্ত্ৰৰ জৰিয়তে দৈনিক ৬০০ লিটাৰ মিঠাতেল উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।এইদৰে চৰকাৰী অনুদান অবিহনে অইল মিল স্থাপন কৰি এক সুন্দৰ নিদৰ্শন ডাঙি ধৰা সমবায় খনে অঞ্চলটোৰ কৃষকৰ সুবিধাৰ প্ৰতি লক্ষ্য কৰি এটি ৰাইচ মিলো স্থাপন কৰিছে।অঞ্চলটোৰ কৃষকে কম মুল্যত নিজৰ ধান ভাঙি লৈ যাব পাৰে।যাৰ.বাবে দৈনিক ধান ভাঙিবলৈ কৃষকে শাৰী পাতে মধ্য সৰুক্ষেত্ৰী সমবায়ৰ ৰাইচ মিলত।সঁচাই অৰ্থতে এক আশাৰ কিৰণ নমাই অনা এই সমবায় খন সমগ্ৰ জিলা খনৰ ভিতৰতেই হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু।সম্ভাৱনাৰ দুৱাৰ খোলা এই খন সমবায় চৰকাৰে পৰিকল্পিত ভাৱে আগবঢ়াই নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আৰ্থিক পেকেজৰ ব্যৱস্থা কৰিলে এই সমবায়ৰ অধিনত গঢ় লৱ পাৰে বৃহৎ উদ্যোগ।

You might also like