নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগালীৰ ধেমালি

প্রতিটো জাতিৰ মানুহৰ মাজত কিছুমান পৰম্পৰাগত খেল–ধেমালি প্রচলিত হৈ আহিছে৷ এই খেলসমূহে প্রতিগৰাকী ব্যক্তিৰ শাৰীৰিক বিকাশত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে৷ ভাৰতবর্ষত এনে কিছুমান ঐতিহ্যমণ্ডিত খেল–ধেমালি প্রচলিত হৈ আহিছে, যিবোৰ হাজাৰ বছৰ পুৰণি৷ অৱশ্যে বর্তমান এই পৰম্পৰাগত ক্রীড়াসমূহৰ প্রচলন হ্রাস পাবলৈ ধৰিছে৷ আনকি এনে বহু খেল কালৰ সোঁতত হেৰাই গৈছে৷ বিশেষকৈ ভাৰতবর্ষত ব্রিটিছসকলৰ শাসনকালত এনে পৰম্পৰাগত খেল–ধেমালিৰ স্থান অধিকাৰ কৰে কিছুমান পশ্চিমীয়া খেলে৷ ফলত পৰম্পৰাগত খেল–ধেমালিৰ পৰিৱর্তে নতুন প্রজন্মই নতুন নতুন আধুনিক ক্রীড়াৰ প্রতি আকৃষ্ট হয়৷ অৱশ্যে চৰকাৰৰ লগতে বিভিন্ন ক্রীড়া সংস্থাই এই পুৰণি খেলসমূহ পুনৰুজ্জীৱিত কৰিবলৈ কিছু প্রচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে৷ সেইবোৰ খেলৰ বাবে যথেষ্ট খেলৰ সা–সৰঞ্জাম আৰু বহল স্থানৰ প্রয়োজন নহয়৷ দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেল–ধেমালিৰ প্রচলন হৈছে৷ আনহাতে, ইয়াৰ নিয়মবোৰো ভিন ভিন৷ ইতিহাস অনুসৰি খ্রীষ্টপূর্ব চতুর্থ শতিকাৰ পৰাই খো খোৰ নিচিনা খেলৰ প্রচলন আছিল৷ আনহাতে, বর্তমান দেশজুৰি জনপ্রিয়তা অর্জন কৰা কাবাদী খেলৰ বিষয়ে মহাভাৰততো উল্লেখ আছে৷ এনে বহু খেল আধুনিক যুগত অন্য খেললৈ পৰিৱর্তিত হয় যদিও তাৰ মাজত পুৰণি খেলৰ জুমুঠিটো দেখিবলৈ পোৱা যায়৷ মোগলৰ শাসনকালতো কিছু ঐতিহ্যবাহী খেলৰ ব্যাপক প্রচলন আছিল৷ ইয়াৰ পিছত ইংৰাজৰ ঔপনিৱেশিক শাসনকালত প্রথম অৱস্থাত পৰম্পৰাগত খেলৰ ওপৰত গুৰুত্ব দিয়া হৈছিল৷ কিন্তু ক্রমাগতভাৱে পৰম্পৰাগত খেলৰ পৰিৱর্তে ভাৰতীয় লোকসকলে ক্রিকেট, হকী আৰু ফুটবলৰ দৰে ব্রিটিছৰ খেল–ধেমালিত অধিক মনোনিৱেশ কৰে৷ সাম্প্রতিক সময়ত ভাৰত চৰকাৰে পৰম্পৰাগত খেলসমূহক পুনৰ নতুন প্রজন্মৰ মাজত জনপ্রিয় কৰি তুলিবলৈ উদ্যোগ গ্রহণ কৰিছে৷ এই খেলসমূহে গ্রামীণ ভাৰতীয়সকলক শাৰীৰিক আৰু মানসিকভাৱে উদ্বুদ্ধ কৰাৰ লগতে ভাৰতীয় সংস্কৃতিক সজীৱ কৰি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে৷ অদূৰ ভৱিষ্যতে ভাৰতে অলিম্পিক গেমছ আয়োজনৰ দায়িত্ব লাভ কৰিলে কাবাদী আৰু খো খোৰ দৰে পৰম্পৰাগত খেল অন্তর্ভুক্ত কৰাৰো পৰিকল্পনা গ্রহণ কৰিছে৷ ২০৩৬ চনত অলিম্পিক আয়োজনৰ দাবী জনাব বুলি ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰিছে৷ এয়া সম্ভৱ হ’লে দেশৰ পৰম্পৰাগত খেলসমূহে অলিম্পিকত স্থান লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পাব৷
অসমতো পৰম্পৰাগত খেলৰ এক ৰমণীয় ইতিহাস আছে৷ আহোমৰ শাসনকালত ৰংঘৰ বাকৰিত বিভিন্ন ধৰণৰ পৰম্পৰাগত খেলৰ আয়োজন কৰিছিল আহোম স্বর্গদেউসকলে৷ সেই সময়ৰ পৰাই অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত ভিন ভিন পৰম্পৰাগত খেল অনুষ্ঠিত হৈছিল৷ অৱশ্যে এই খেলবোৰ সেই সময়ত যুৱক–যুৱতীসকলৰ আজৰি সময়ৰ মনোৰঞ্জনৰ বাবে খেলোৱা হৈছিল৷ এনে বহু পুৰণি খেল–ধেমালি শিশু আৰু কিশোৰ–কিশোৰীসকলৰ মাজতো প্রচলিত আছিল৷ এই খেলসমূহ কৃষিৰ সৈতেও বিশেষভাৱে সম্পর্কিত৷ কাবাদী, খো খো, ৰছী টনা, কলহ ভঙা, নাও খেল, ধোপ খেল, টাংগুটি, উঠা–বহা আদিয়ে পুৰণি খেল–ধেমালিক প্রতিনিধিত্ব কৰে৷ বর্তমান সময়তো ব’হাগ বিহু আৰু মাঘ বিহুৰ সময়ত ল’ৰা–ছোৱালীৰ মাজত পৰম্পৰাগত খেলসমূহ আয়োজন কৰা হয়৷ ভোগালী বিহুত মেজিৰ ওচৰত ল’ৰা–ছোৱালীৰ মাজত দৌৰা, ওখ জাঁপ, দীঘল জাঁপ আদি বিভিন্ন খেল অনুষ্ঠিত কৰা হয় যদিও ভোগালীৰ সময়ত অনুষ্ঠিত কৰা উল্লেখযোগ্য পৰম্পৰাগত খেলসমূহৰ ভিতৰত কণী যুঁজ, বুলবুলি চৰাইৰ যুঁজ, কুকুৰা যুঁজ আৰু ম’হ যুঁজ অন্যতম৷ বিগত ৪০০ বছৰৰো অধিককাল অসমৰ বিভিন্ন প্রান্তত এই খেলসমূহ অনুষ্ঠিত হৈ আহিছে৷ অৱশ্যে একাংশ প্রকৃতিপ্রেমীৰ আবেদনৰ ভিত্তিত ২০১৬ চনত উচ্চতম ন্যায়ালয়ে বুলবুলি চৰাইৰ যুঁজত নিষেধাজ্ঞা আৰোপ কৰে৷ তদুপৰি ম’হ যুঁজৰ ওপৰতো ন্যায়ালয়ে অনুৰূপ নিষেধাজ্ঞা জাৰি কৰে৷ উল্লেখ্য যে আহোম স্বর্গদেউ ৰুদ্রসিংহই ২০০ বছৰ পূর্বেই পৰম্পৰাগত ম’হ যুঁজৰ প্রচলন কৰিছিল৷ ১৯৭২ চনত মাঘ বিহুত আঁহতগুৰিত ম’হ যুঁজৰ আয়োজন কৰা হৈছিল৷ অৱশ্যে এনে নিষেধাজ্ঞা সত্ত্বেও হাজোত পৰম্পৰাগত বুলবুলি যুঁজ আৰু আঁহতগুৰিত ম’হ যুঁজ অব্যাহত আছে৷ মুঠতে এনে পৰম্পৰাগত খেল–ধেমালিবোৰে বিভিন্ন প্রত্যাহ্বানৰ মাজেৰে নিজৰ স্থিতি সবল কৰি ৰখাৰ যুঁজ অব্যাহত ৰাখিছে৷ মাঘ বিহুৰ নিচিনা জাতীয় উৎসৱসমূহৰ মাজেৰে এই খেলসমূহৰ যোগেদি বিভিন্ন অঞ্চলত প্রচলিত আছে যুৱক–যুৱতীসকলৰ শাৰীৰিক বিকাশৰ কচৰৎ আৰু এটি পৰম্পৰাক ধৰি ৰখাৰ প্রয়াস৷

You might also like