বিৰাট কোহলিৰ বাবেই শেষ হৈছিল যুৱৰাজৰ কেৰিয়াৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ জানুৱাৰীঃ প্রাক্তন ক্রিকেটাৰ ৰবীন উথাপ্পাই ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক বিৰাট কোহলিয়ে যুৱৰাজৰ কেৰিয়াৰ আগতীয়াকৈ সমাপ্ত কৰা বুলি এক বিস্ফোৰক অভিযোগ উত্থাপনেৰে সকলোকে স্তম্ভিত কৰি তুলিছে৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত কোহলিক লৈ উথাপ্পাই এনে আশ্চর্যজনক দাবী উত্থাপন কৰিছে৷ কেঞ্চাৰৰ পৰা সুস্থ হৈ উঠাৰ পিছত যুৱৰাজ সিঙৰ ফিটনেছ আৰু আগৰ দৰে নাছিল৷ ফিটনেছৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিব লগা হৈছিল৷ এই সন্দর্ভত ৰবীন উথাপ্পাউ এক সাক্ষাৎকাৰত প্রকাশ কৰা মতে, যুৱৰাজে ফিটনেছ টেষ্টৰ বাবে পউণ্ট হ্রাস কৰিবলৈ অনুৰোধ কৰিছিল যদিও দলৰ পৰিচালনা সমিতিয়ে তেওঁৰ এউ আহ্বানৰ প্রতি কোনো সঁহাৰি প্রদর্শন কৰা নাছিল৷ অধিনায়ক কোহলিৰ নির্দেশত সেউ সময়ত সকলো সিদ্ধান্ত লোৱা হৈছিল যদিও কোহলিয়ে যুৱৰাজক কোনো ধৰণে সহায় কৰা নাছিল বুলিও উথাপ্পাই লগতে অভিযোগ কৰে৷ অৱশ্যে পিছত ফিটনেছ টেষ্টত উত্তীর্ণ হৈ যুৱৰাজে নিজৰ স্থান দখল কৰে যদিও পিছত এক ব্যর্থ শৃংখলাৰ পিছত তেওঁক ড্রপ কৰা হয় বুলি উথাপ্পাই মন্তব্য কৰে৷ উল্লেখ্য যে কেঞ্চাৰৰ পিছত যুৱৰাজে দললৈ প্রত্যাৱর্তন ঘটাইছিল যদিও ধাৰাবাহিক প্রদর্শন আগবঢ়োৱাত বিফল হৈছিল৷ ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ দলৰ পৰা বাদ পৰাৰ পিছত যুৱৰাজৰ কেৰিয়াৰ আনুষ্ঠানিকভাৱে অন্ত পৰে আৰু তেওঁ অৱসৰৰ কথা ঘোষণা কৰে৷ উথাপ্পাউ দাবী কৰিছে যে যুৱৰাজক দলৰ পৰা বাদ দিয়াৰ আঁৰৰ মূল কাৰণ কোহলি৷ কিন্তু এনে এজন মহান খেলুৱৈক অধিক সুযোগ দিয়া উচিত আছিল বুলি মন্তব্য কৰি উত্থাপ্পাউ কয় যে দলত এক মানদণ্ড বজাই ৰাখিব লাগিব যদিও যুৱৰাজৰ দৰে খেলুৱৈৰ বাবে কেতিয়াবা নিয়ম ভংগ কৰাৰ প্রয়োজন হয়৷ তেওঁ কেৱল কেঞ্চাৰক পৰাস্ত কৰাই নহয়, বহু প্রতিযোগিতাতো জয়ী কৰাইছে বুলি আঙুলিয়াই দি উথাপ্পাই লগতে সেয়ে তেওঁক কিছু সময় দিয়া উচিত আছিল বুলি মন্তব্য কৰে৷