🔹 বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠানৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰী : বৰপেটাৰ জিলাৰ সত্ৰকণৰা চাচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ উপলক্ষে কালি পুৱাই উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বৃহত্তৰ সত্ৰকণৰা অঞ্চলৰ প্ৰায় সাত-আঠখন চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ কেইবাসহস্ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে উক্ত কাৰ্যসূচীত। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শিত হ’ল অসমৰ কলা-সংস্কৃতিৰ ভিন্ন দিশ । ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বেশ প্ৰদৰ্শন কৰি অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধ আৰু ঐক্য-সম্প্ৰীতি অনাগত দিনত আৰু অধিক সুদৃঢ় কৰিবলৈ শোভাযাত্ৰাৰ জৰিয়তে প্ৰয়াস চলায়। উল্লেখযোগ্য যে কালিৰে পৰা অৰ্থাৎ ১১, ১২ আৰু ১৩ জানুৱাৰীত মুঠ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপিত হ’ব মহামিলনৰ এই মহাসমাৰোহখন । প্ৰতিটো নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত সংগীত শিল্পীৰ দ্বাৰা পৰিৱেশিত কৰা হ’ব সংগীতানুষ্ঠান। সমান্তৰালকৈ দিনৰ ভাগত শিক্ষাৰ্থীসকলৰ বাবে থাকিব বিভিন্ন শৈক্ষিক কাৰ্যসূচীও । সেয়ে অনাগত দিনৰ প্ৰতিটো কাৰ্যসূচীত সমাজৰ সৰ্বস্তৰৰ জনতা তথা ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু উপস্থিতি সমাৰোহৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে অন্ত:কৰণেৰে কামনা কৰিছে।
প্ৰেৰক আব্দুল আজিজ আহমেদ