নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰী : কাছাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। এইবাৰ সোণাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ য়াবা টেবলেটসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মঙলবাৰে দ্বিতীয় ৰাঙ্গিৰঘাট ব্লকত অভিযান চলাই আৰক্ষীয়ে ৯০০০টা য়াবা টেবলেট উদ্ধাৰ কৰে। সোণাই থানাৰ অ’চি বিশ্বজিৎ নাথে নেতৃত্বত চলে এই অভিযান। এই অভিযানত গ্ৰেপ্তাৰ হোৱা তিনিজন হৈছে ধলাই ককৰাখালৰ প্ৰবীন্দ্ৰ ৰিয়াং (৩৪), কচুদৰম মোহনখালৰ বাহাৰুল ইছলাম লস্কৰ (৫১) আৰু কচুদৰম ছিমিদনগৰৰ প্ৰভাত বৰ্মন (৩০)। আৰক্ষীয়ে তেওঁলোকৰ পৰা প্লাষ্টিকৰ পেকেটৰ পৰা ৯ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰে। ইয়াৰ উপৰি জব্দ কৰে তিনিটা মোবাইল হেণ্ডছেট, এখন বাইক আৰু এখন স্কুটাৰ। জব্দকৃত য়াবা টেবলেটৰ মূল্য ৩ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।
প্ৰেৰক গৌতম তালুকদাৰ