নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বনজুই

বিশ্বৰ সর্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্নিয়াৰ লছ এঞ্জেলছত সংহাৰী বনজুয়ে বিশ্ববাসীক শংকিত কৰি তুলিছে৷ বনজুইৰ ভয়াৱহতা ইমানেই তীব্র হৈ পৰিছে যে সর্বশক্তিমান দেশখনে এই বনজুই নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা নাই৷ লছ এঞ্জেলছত সংহাৰী বনজুয়ে ২৫জন লোকৰ প্রাণ কাঢ়ি লোৱাৰ বিপৰীতে ১২ সহস্রাধিক বাসগৃহ নিমিষতে ভস্মীভূত কৰিছে৷ এই বনজুইৰ কবলত বিশ্বপ্রসিদ্ধ হলীউডো সাৰি যোৱা নাই৷ সর্বশক্তি প্রয়োগ কৰি আমেৰিকা যুক্তৰাষ্ট্রই কেলিফ’র্নিয়াৰ প্রশাসনে এই জুই নির্বাপিত কৰিবলৈ চেষ্টা কৰি আছে যদিও এতিয়ালৈকে নিয়ন্ত্রণলৈ আনিব পৰা নাই৷ লজ এঞ্জেলছৰ সমান্তৰালকৈ কেলিফ’র্নিয়াৰ আন অঞ্চললৈও এই বনজুয়ে শংকা নমাই আনিছে৷ তথ্য মতে, বিধ্বংসী বনজুইৰ বাবে ৬০ লাখতকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে৷ যোৱা ১০ জানুৱাৰীত আৰম্ভ হোৱা এই বনজুয়ে এতিয়ালৈকে কেইবা হাজাৰ ভূমি সাঙুৰি ধ্বংসস্তূপত পৰিণত কৰিছে৷ কেইবা শতাধিক বাহন নিমিষতে এই বনজুইৰ কবলত ভস্মীভূত হৈছে৷ অগ্ণিনির্বাপক বাহিনীয়ে অহোপুৰুষার্থ কৰি আছে যদিও শক্তিশালী বতাহৰ বাবে এই জুই সম্প্রসাৰণত বাধা দিব পৰা নাই৷ লক্ষণীয় যে সর্বশক্তিমান আমেৰিকাই এই বনজুই নির্বাপণত ব্যর্থ হোৱা বিষয়টোৱে বহুতো প্রশ্ণ উত্থাপন কৰিছে৷ স্বয়ং দেশখনৰ নৱনির্বাচিত ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৰাষ্ট্রপতি জ’ বাইডেন আৰু কেলিফ’র্নিয়াৰ গৱর্নৰক বনজুই নির্বাপণত বিফল হোৱা বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ দেশখনৰ বতৰ বিজ্ঞানৰ বিশেষজ্ঞই বনজুই সন্দর্ভত সম্ভাৱনা ব্যক্ত কৰাৰ পাছতো কেলিফ’র্নিয়া প্রশাসনে আগতীয়াকৈ কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ ইয়াৰ পৰিপ্রেক্ষিততেই লছ এঞ্জেলছৰ বনজুয়ে ইতিহাসত সবাতোকৈ ভয়াৱহ বনজুই হিচাপে বিবেচিত হৈছে৷ অগ্ণিনির্বাপক বাহিনীৰ পর্যাপ্ত জোৱান আৰু সঠিক ব্যৱস্থাপনা নথকাৰ বাবে বনজুই নির্বাপণ কৰিবলৈ সংগ্রাম কৰিবলগীয়া হৈছে৷ বনজুইৰ ভয়াৱহতা ইমানেই বৃদ্ধি পাইছে যে কেলিফ’র্নিয়া প্রশাসনে ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে৷ এই বিধ্বংসী বনজুইত সাধাৰণ নাগৰিকৰ কথা বাদেই হলীউডৰ চেলিব্রিটীৰ বাসগৃহও সম্পূর্ণৰূপে ভস্মীভূত হৈছে৷ বাসগৃহৰ উপৰি দোকান–পোহাৰ আৰু চৰকাৰী প্রতিষ্ঠানসমূহ ভস্মীভূত হোৱাত কেইবা বিলিয়ন ডলাৰ ক্ষতিৰ সন্মুখীন হৈছে৷

লছ এঞ্জেলছৰ বনজুই প্রাকৃতিক সৃষ্ট৷ দাহ্য উদ্ভিদ বন–বননি আদিত প্রাকৃতিকভাৱে জুই লাগি সংহাৰী ৰূপ ধাৰণ কৰিছে৷ পৃথিৱীৰ ইতিহাসত ২০২৪ বর্ষটো সবাতোকৈ উষ্ণ বর্ষ হিচাপে চিহ্ণিত হৈছে৷ প্রাক্–ঔদ্যোগিক কালৰ তাপমাত্রাৰ পৰিমাণ বৃদ্ধি পোৱাই নহয়, প্রথমবাৰৰ বাবে ১.৫ ডিগ্রী চেলছিয়াছ তাপমাত্রা অতিক্রম কৰিছে৷ একাংশ বিশেষজ্ঞই পৃথিৱীৰ ইতিহাসত সর্বাধিক উষ্ণ বর্ষৰ কাৰণো লছ এঞ্জেলছৰ বনজুই বুলি ধাৰণা কৰিছে৷ উল্লেখ্য যে বনজুই হৈছে পাহাৰ, ভৈয়াম আদিকে ধৰি বনাঞ্চলৰ প্রাকৃতিকভাৱে উদ্ভৱ হোৱা এক প্রক্রিয়া৷ এই বনজুই অপৰিকল্পিত, অনিয়ন্ত্রিত আৰু অভাৱনীয়৷ পৃথিৱীৰ কেইবাখনো দেশত বনজুয়ে বছৰ বছৰ ধৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে৷ এই বনজুইৰ দুর্যোগ বিশ্ববাসীয়ে ইতিমধ্যে প্রত্যক্ষ কৰিছে যদিও বনজুইৰ ভয়াৱহতা সন্দর্ভত অনুমান সঠিকভাৱে কৰিব পৰা নাই৷ লছ এঞ্জেলছে বনজুইৰ ভয়াৱহতা কিমান হ’ব পাৰে তাক প্রমাণ কৰি দিলে৷ আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া, ব্রিটিছ কলম্বিয়া আৰু অষ্ট্রেলিয়াত বনজুইৰ সংহাৰ বিগত বছৰ বছৰ ধৰি চলি আহিছে৷ বনজুয়ে কেৱল মানুহ আৰু মানুহৰ বসতিস্থান, আন্তঃগাঁথনিয়েই ক্ষতি নকৰে, ই প্রকৃতিগত উদ্ভিদৰ পৰা জীৱ–জন্তুলৈকে বিস্তৰ ক্ষতিসাধন কৰে৷ মানৱসৃষ্ট কাৰণ নোহোৱাকৈ বজ্রপাত, আগ্ণেয়গিৰি উদ্গীৰণ, শিলৰ ঘহনি খাই জুইৰ দ্বাৰা প্রকৃতিগত বনজুই৷ প্রকৃতিৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ–বৈচিত্র্যৰ প্রতিও ভাবুকি কঢ়িয়াই আনে বনজুয়ে৷ বনজুইৰ ধোঁৱাই প্রকৃতিৰ বায়ুৰ ওপৰতো নেতিবাচক প্রভাৱ পেলায়৷ বায়ু প্রদূষিত কৰি তোলে, আনকি পানী আৰু মাটিও বনজুইৰ বাবে বিষাক্ত হৈ পৰে৷ মন কৰিবলগীয়া যে মানৱসৃষ্ট কাৰণত গোলকীয় উষ্ণতা বৃদ্ধিয়ে জলবায়ু পৰিৱর্তনৰ ভয়াৱহ বৃদ্ধি কৰাত বিশ্বজুৰি বনজুইৰ প্রকোপ বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছে৷ বনজুই প্রতিৰোধৰ বাবে মানৱ জাতিৰ কৰণীয় আছে৷ এই কথা লছ এঞ্জেলছৰ বিধ্বংসী বনজুয়ে সকীয়াই দিছে৷

You might also like