মাজুলীৰ লুইতৰ পাৰত আৰম্ভ ‘মন গীত’ৰ সাংস্কৃতিক পৰিক্ৰমা
বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : প্ৰকৃতিৰ ৰম্যভূমি মাজুলীৰ লুইতৰ পাৰত ৰাউল কৌশিক নাথ ফাউণ্ডেশ্যনৰ উদ্যোগত প্ৰতিবছৰে মাজুলীৰ ডেকাচাঙৰ পৰা আৰম্ভ হোৱান ‘মনগীত ‘নামৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচী আৰম্ভ হৈছে। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পী-ক’লা কুশলীৰে উখল মাখল লুইতৰ বালিচৰ। অনুষ্ঠানত অসমৰ ভিন্ন প্ৰান্তৰ বহু শিক্ষাৰ্থীয়ে গীত তথা শিল্পকলাৰ পাঠ লবলৈ শিকিবলৈ অংশগ্ৰহণ কৰা দেখা গৈছে।য’ত নেকি অসমৰ বিভিন্ন বিশিষ্ট কণ্ঠশিল্পীৰ দ্বাৰা গীত শিকোৱা হব আৰু দেশ বিদেশৰ বিভিন্ন শিল্পীয়েও এইবাৰ মনগীতত অংশগ্ৰহণ কৰিছে। প্ৰথম তিনি দিন মাজুলীত আৰু শেষৰ তিনি দিন গুৱাহাটিৰ সোণাপুৰস্থিত ডেকাচাঙৰ বাকৰিত অনুষ্ঠিত হব এই মনগীত অনুষ্ঠান। প্ৰথম দিনাৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী জয় বৰুৱাৰ লগতে বহুকেইজন খ্যাতনামা সংগীত শিল্পী উপস্থিত হৈছেহি। ২০২০ চনৰ পৰা প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰম্ভ হোৱা মনগীতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তদুপৰি এই অনুষ্ঠানৰ যোগে আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলৰ মাজত এক সমন্বয় সাধন হোৱাই নহয় মাজুলীৰ বহু কেইজন শিল্পীয়ে অসমত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। মনগীতে অসমৰ নবপ্ৰজন্মক সংগীত আৰু শিল্প কলাৰ এক নৱজাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মাজুলীৰ বৌদ্ধিক মহলে মন্তব্য কৰিছে।
প্ৰেৰক জীৱন বৰুৱা