নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিংফৌ জনগোষ্ঠীৰ অন্তিমজন ৰজাৰ দেহাৱসান

🔹 লিডুৰ বিছা গাঁৱৰ বাসগৃহত ৭১ বছৰত শেষ নিশ্বাস ত্যাগ

নিয়মীয়া বার্তা, ১৭ জানুৱাৰী : অসমৰ শিল্প জগতৰ অন্যতম বাটকটীয়া তথা চাহ শিল্পৰ আৱিষ্কাৰৰ মূল চিংফৌ জনগোষ্ঠীৰ শেষৰজন ৰজা ৰাজকুমাৰ বিছানং চিংফৌৰ পৰহি নিশা ৮.৫১ বজাত লিডুৰ বিছা গাঁৱত নিজা বাসগৃহত মৃত্যু হয়৷ দীর্ঘদিন ধৰি ৰোগত আক্রান্ত হৈ থকা ৭১ বছৰীয়া চিংফৌ ৰজাজনৰ মৃত্যুত সমগ্র অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ চিংফৌ জাতিটোৰ সিঁচৰতি হৈ থকা লোকসকলক একত্রিত কৰি এখন শক্তিশালী মঞ্চ গঠন কৰি জাতিটোৰ ঐতিহ্য, মর্যাদা অটুট ৰখাৰ ক্ষেত্রত সদায় প্রথম শাৰীত অৱস্থান কৰা এইগৰাকী মহীৰূহৰ অকাল মৃত্যুত জাতিটোৰ লগতে সমগ্র ৰাজ্যখনে এজন মানৱদৰদী লোকক অকালতে হেৰুৱালে৷ উল্লেখ্য যে ৰজা বিছা জৌখঙৰ জ্যেষ্ঠ পুত্র ৰাজকুমাৰ বিছানং চিংফৌৰ জন্ম হৈছিল ১৯৫৪ চনত লিডুৰ বিছা গাঁৱত৷ তেওঁ শৈক্ষিক জীৱনৰ পাতনি মেলিছিল লিডুৰ ইটাখোলাস্থিত এ আৰ এণ্ড টি কোং প্রাথমিক বিদ্যালয়ত৷ জন্মসূত্রে ৰজাৰ ঔৰসত জন্মলাভ কৰাৰ বাবে পৰৱর্তী সময়ত পিতৃৰ পদাংক অনুকৰণ কৰি চিংফৌ জনগোষ্ঠীৰ ত্রাণকর্তা ৰজা হিচাপে অধিষ্ঠিত হয়৷ দৰাচলতে ৰজাৰ ধর্ম প্রজাক সমদৃষ্টিৰে, সমমর্যাদা প্রদান কৰা৷ তেওঁৰ সোণসেৰীয়া জীৱনপ্রৱাহত ৰাজধর্ম পালনত তিলমানো ক্রটি হোৱা নাছিল৷ সেইবাবে সীমাৰ পৰিধি ভাঙি তেওঁ সকলোৰে প্রিয় ব্যক্তি হিচাপে প্রতিষ্ঠিত আছিল৷ বিছা ৰজাৰ অতি সহজ–সৰল কথনভংগী সদায় মানুহৰ কাণত বাজি থাকিব৷ সকলো জাতি–জনগোষ্ঠীৰ সমন্বয় সাধনত লোৱা পদক্ষেপে সদায় জনতাৰ হূদয়ত তেওঁক সমন্বয়ৰ প্রতীক কৰি ৰাখিব৷ আধুনিকতাৰ কৰাল গ্রাসত নিজকে বিলীন হ’বলৈ নিদিয়াকৈ বংশগত পৰম্পৰা, বংশৰ ৰাজকীয় সন্মান অটুট ৰাখি নিজৰ জাতিটোৰ উত্তৰণৰ বাবে যি নিদর্শন দাঙি ধৰিলে, সেয়া সকলোৰে বাবে অনুকৰণীয় হৈ থাকিব৷ বিছা ৰজা বিছানং চিংফৌৰ বিয়োগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্রকাশ কৰিছে৷ এক শোকবার্তাত তেওঁ কয়- ‘চিংফৌ ৰজা বিছানং চিংফৌৰ দেহাৱসানৰ খবৰ শুনি অতিকৈ মর্মাহত হ’লোঁ৷ মার্ঘেৰিটাৰ নিজা বাসগৃহত পৰলোকপ্রাপ্তি ঘটা ৰজাগৰাকীৰ প্রয়াণ চিংফৌ জনগোষ্ঠীৰ লগতে সমগ্র অসমবাসীৰ বাবে অপূৰণীয় ক্ষতি৷ জনসাধাৰণৰ মাজত অতি প্রিয় চিংফৌ ৰজাগৰাকীৰ অৱদান ভৱিষ্যৎ প্রজন্মই সদায়ে স্মৰণ কৰিব৷ তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ শ্রীচৰণত প্রার্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’ আনহাতে, সদৌ অসম ছাত্র সন্থাৰ মার্ঘেৰিটা আঞ্চলিক ছাত্র সমিতি, ছাত্র মুক্তি সংগ্রাম সমিতি, মার্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শর্মা, মার্ঘেৰিটা ব্লক কংগ্রেছ কমিটী, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, মার্ঘেৰিটা সাংবাদিক সন্থা, মার্ঘেৰিটা শাখা সাহিত্য সভাৰ লগতে বিভিন্ন দল–সংগঠন আৰু ব্যক্তিয়ে শোক প্রকাশ কৰিছে৷

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like