নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট নাট্যশিল্পী মুকুল ঈদিপাছলৈ আছুৰ শিল্পী সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৱিত্ৰ স্মৃতিত প্ৰতিবছৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই শিল্পী দিৱসৰ দিনটোত শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। এইবেলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অসমৰ এগৰাকী নাট্যশিল্পী, অভিনেতা, পৰিচালক নলবাৰী জিলাৰ সু-সন্তান মুকুল ঈদিপাছক এই বৰ্ষৰ শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰে। অসমৰ অ-পেছাদাৰী নাট্য আন্দোলনৰ এগৰাকী অগ্ৰণী যোদ্ধা মুকুল ঈদিপাছে সৰুৰে পৰা নাট্য সাধনা, নাট্য চৰ্চা, নাট ৰচনা কৰাৰ উপৰি কেইবাখনো নাটকত বলিষ্ঠ অভিনয় কৰি নাট্য সংস্কৃতি পথাৰখন চহকী কৰি আহিছে। ঈদিপাছে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত নাট্য অভিনয় তথা নাট পৰিচালনাৰে দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে । স্কুল অৱ ড্ৰামা অসমৰ পৰা নাট্য শিক্ষা লাভ কৰা এইগৰাকী শিল্পীয়েই অসমৰ বিভিন্ন ঠাইত আয়োজন কৰা ৰাষ্ট্ৰীয় আৰু ৰাজ‍্যিক পৰ্যায়ত কেইবাখনো নাট কৰ্মশালাত অংশগ্ৰহণ কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল। ইয়াৰ উপৰি ঈদিপাছে কুৰিখনোৰো অধিক নাট পৰিচালনা কৰাৰ লগতে জেৰেঙা, লভিতা, আকাশ আদি কেইবাখনো নাট ৰচনা কৰিছিল । দীৰ্ঘকাল নাট্য সাধনাৰ সৈতে জড়িত বিশিষ্ট নাট্যশিল্পীগৰাকীক সদৌ নলবাৰী জিলা ছাত্র সন্থাই শিল্পী দিৱস উপলক্ষে তেওঁৰ নিজ ঘৰলৈ গৈ শিল্পী সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, জিলা ছাত্র সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ‍্যোতি মহন্ত, উপদেষ্টাত্ৰয় গুণজ‍্যোতি পাঠক, অক্ষয় ডেকা, উৎপল কলিতা, জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, জিলা ছাত্র সন্থাৰ উপ-সভাপতি কল্প ৰাজংবশী, দিগন্ত ভৰালী, গৌতম বেজবৰুৱা, সহকাৰী সাধাৰণ সম্পাদক কংকন কলিতা, চন্দন বেজবৰুৱা, সাংস্কৃতিক সম্পাদক অমৰজ‍্যোতি দাস, কাৰ্য্যনিৰ্বাহক জ্ঞানদ্বীপ ভট্টাচাৰ্য  আৰু কৈঠালকুছি সাংবাদিক সন্থাৰ কাৰ্যকাৰী সভাপতি আলতাফ হুছেইন, সাধাৰণ সম্পাদক শৈলেন বৰ্মন, সাংবাদিক তথা শিল্পী উদ্ধৱ ঠাকুৰীয়া, কৃতী শিক্ষক ভূপাল চন্দ্ৰ মিশ্ৰৰ লগতে উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি উদ্ধৱ বৰ্মন, সাধাৰণ সম্পাদক জ্যোতিৰ্ময় শৰ্মা, মুখ্য সাংগঠনিক সম্পাদক ভাস্কৰ দাসকে আদি কৰি বিষয়ববীয়াসকল উপস্থিত থাকে।
প্ৰেৰক শ্বাহ আলম আহমেদ
You might also like