নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ “সমাজত উচ্চ, মধ্য, নিম্ন আদি বহু স্তৰ আছে আৰু জীৱনৰ মাত্ৰ ১৪ বছৰ বয়সতে এই স্তৰ সমূহ নিৰ্ধাৰণ কৰি নাটক লিখিব পৰা মানুহ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সুবিশাল আৰু ব্যাপ্ত জীৱনৰ বিষয়ে যিমান কোৱা যায় সিমানেই যেন কম৷ পাশ্চাত্য সংগীতৰ সতে অসমৰ পৰম্পৰাগত সংগীকৰ সংমিশ্ৰণ ঘটাই সংগীতৰ এটা নতুন ধাৰা সৃষ্টি কৰিছিল সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰে৷” এই মন্তব্য ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কণ্ঠশিল্পী তৰালি শৰ্মাৰ৷ পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ ২০২৪-২৫ বৰ্ষৰ বার্ষিক ক্রীড়া সমাৰোহৰ বঁটা প্ৰদান আৰু শিল্পী দিৱস অনুষ্ঠানটি কালি অনুষ্ঠিত হৈ যায়৷ আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ চৌহদত একাডেমিৰ ৰেক্টৰ তথা মুখ্য পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাৰ সভাপতিত্বত মুখ্য সচিব উৎপল মেধি, অধ্যাপক অখিল কাকতি আৰু হাইস্কুল শাখাৰ প্ৰধান শিক্ষক হিমাংশু শৰ্মাই আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰি ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাপ্ৰাপ্ত বিশিষ্ট সংগীতশিল্পী তৰালি শৰ্মাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিচাৰণ কৰি কয় যে মানুহ যেতিয়া সংস্কৃতিবান হব, মনটো ধুনীয়া হব তেতিয়া তেওঁ সু-নাগৰিক হব পাৰিব বুলি ৰূপকোঁৱৰে তেওঁৰ সৃষ্টিৰ জৰিয়তে সুন্দৰভাৱে বুজাই গৈছে৷ তেওঁ গান, নাটক, সংগীতৰ মাজেৰে সেইবোৰ সুন্দৰভাৱে প্ৰকাশ কৰি সমাজখন সুন্দৰ কৰি তুলিছিল৷ ভালপোৱাতকৈ যে সেউজীয়া আন একোৱেই নাই তাক প্ৰতিপল প্ৰমাণ কৰি গৈছে ৰূপকোঁৱৰে৷ সেউজীয়া মনৰ মানুহ জ্যোতিপ্ৰসাদৰ আদৰ্শ আমাৰ সকলোৰে বাবে অনুকৰণীয় বুলি মন্তব্য কৰি আনন্দৰাম বৰুৱা একাডেমিৰ দৰে মৰ্যাদাসম্পন্ন শিক্ষানুষ্ঠান এখনৰ অংশ হবলৈ পাই আনন্দিত হোৱা বুলি ব্যক্ত কৰি শিক্ষানুষ্ঠানখনৰ বাৰ্ষিক ক্ৰীড়া মহোৎসৱত বিভিন্ন শিতানত বঁটা প্ৰাপ্ত আৰু অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক শুভেচ্ছা জনায়৷ অধ্যাপক নৃপেন্দ্ৰ দাসে ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বজালী জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত উৰ্মী মেধিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি চাৰণ কৰাৰ লগতে শিক্ষাৰ্থীসকলক পঢ়া শুনাৰ লগতে খেল-ধেমালি আদিতো বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ বাবে অভিনন্দন জনাই অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে৷ পৰীক্ষা নিয়ন্ত্ৰক অখিল কাকতিয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোৰ আৰম্ভনিতে শিক্ষানুষ্ঠানখনৰ একাংশ শিক্ষাৰ্থীয়ে সমবেত জ্যোতি সংগীত পৰিৱেশন কৰে৷ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত এইবেলি পঞ্চম স্থান দখল কৰা বজালীৰ সুসন্তান টুটুমণি কাকতিক বিশেষভাৱে সম্বর্ধনা জনোৱা অনুষ্ঠানটোত শিক্ষানুষ্ঠানখনৰ ছিনিয়’ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মন, বি এইচ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্ৰভাত চৌধুৰী, বাউসী বানীকান্ত কাকতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন্দ্ৰ দাস, বিপুল কৃষ্ণ দাস, আনন্দৰাম বৰুৱা একাডেমিৰ সঞ্চালক অমূল্য কলিতা, উপাধ্যাক্ষ হিমাংশু বৰুৱা আদিয়ে শিক্ষাৰ্থীসকলৰ মাজত বঁটাসমূহ প্ৰদান কৰে৷ উল্লেখ্য যে যোৱা ২ জানুৱাৰীত আনন্দৰাম বৰুৱা একাডেমিৰ ছিনিয়’ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মনে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰা ১১ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বাৰ্ষিক ক্ৰীড়া সমাৰোহত বিভিন্ন শিতানত অংশগ্ৰহণ কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীসকলক মুঠ ১৬০২ টা বঁটা প্ৰদান কৰা হয়৷ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সভাখনত আনন্দৰাম বৰুৱা একাডেমিয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা প্ৰতিভা অন্বেষণ পৰীক্ষাত স্থান প্ৰাপকসকলকো বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ আজি বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ সামৰণি অনুষ্ঠান হিচাপে ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্যকে আদি কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব৷
প্ৰেৰক কল্যাণ কলিতা