নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত অসম ভিত্তিত ভাওনা সমাৰোহ-বাণিজ্য মেলা আৰম্ভ

📌 প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাক প্ৰদান কৰিব “আদৰ্শ উদ্যোগী মহিলা বঁটা”

📌 সদৌ অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক প্ৰান্তিক গোস্বামীলৈ “সত্ৰৰ ৰত্ন” আৰু চাবুৱা মুনীন দত্তক “ভাওনা সাধক” বঁটা

📌 ২০০০গৰাকী আইৰ সমূহীয়া দিহানাম পৰিবেশন

📌 ৰাজ্যৰ ২৪খন সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থকাৰ লগতে অংশগ্ৰহণ কৰিব ১৪টা ভাওনা দলে

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : তিনিচুকীয়াৰ ৰংপুৰীয়াস্থিত শ্ৰীশ্ৰী আদৰ্শ সত্ৰই ২০২৫ চনত ২৫টাকৈ বৰ্ষ গৰকা হেতুকে বছৰজোৰা কায্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাৰ পাছত ২৪ জানুৱাৰীলৈ সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ভাওনা সমাৰোহ ও বাণিজ্য মেলা আয়োজন কৰিছে ৷ শ্ৰীশ্ৰী আদৰ্শ সত্ৰৰ ৰূপালী জয়ন্তী উপলক্ষে ৮ দিনীয়াকৈ আয়োজন কৰা সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ভাওনা সমাৰোহ ও বাণিজ্য মেলাৰ ধৰ্মধ্বজা উত্তোলন উত্তোলন কৰে শ্ৰীশ্ৰী আদৰ্শ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীমুনমুন দেৱগোস্বামীয়ে আৰু উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰবিন দত্তই। সমান্তৰালভাৱে ৰূপালী জয়ন্তী উপলক্ষে আন ২৪খন পতাকা তিনিচুকীয়াৰ বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিসকলে উত্তোলন কৰে। পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ কৰাৰ লগতে ২০০০ হাজাৰ গৰাকী আইয়ে সমূহীয়াকৈ দিহানাম পৰিবেশন কৰি অন্য এক ধাৰ্মিক পৰিবেশৰ সৃষ্টি কৰে ভাওনাস্থলীত। উদ্যোক্তাসকলে জানিব দিয়া অনুসৰি ৰাজহুৱা সভাৰ সিদ্ধান্তমৰ্মে ৰূপালী জয়ন্তী উপলক্ষে তিনিটা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইসন্দৰ্ভত উদযাপন সমিতিৰ মুখ্য সম্পাদক অৰূপ দত্তই কয় যে ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে সত্ৰত অনুষ্ঠিত ৰাজহুৱা সভাত উদ্যোগীক আৰু অসমীয়া সমাজ জীৱনত বিশিষ্ট বৰঙনি আগবঢ়োৱা নাৰীক “আদৰ্শ উদ্যোগী মহিলা বঁটা” প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই বঁটাৰ বাবে অসমীয়া উদ্যোগী মহিলা আৰু সমাজ সেৱিকা হিচাপে বিশ্ব দৰবাৰত অসমৰ নাম প্ৰতিষ্ঠা কৰিবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰাৰ লগতে বিভিন্ন সফলতাৰে অসমবাসীক গৌৰাৱাম্বিত কৰাৰ স্বীকৃতিস্বৰূপে শ্ৰীশ্ৰী আদৰ্শ সত্ৰৰ পৰিচালনা সমিতিয়ে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী ৰিণিকি ভূঞা শৰ্মাক “আদৰ্শ উদ্যোগী মহিলা বঁটা” প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ সমান্তৰালভাৱে একে সভাৰ সিদ্ধান্তমৰ্মে সদৌ অসম সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদক প্ৰান্তিক গোস্বামীলৈ “সত্ৰৰ ৰত্ন” বঁটা আৰু চাবুৱা মুনীন দত্তলৈ “ভাওনা সাধক” বঁটা ঘোষণা কৰা হৈছে। উক্ত তিনিওগৰাকী বঁটাপ্ৰাপকে ২৪ জানুৱাৰীত শ্ৰীশ্ৰী আদৰ্শ সত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ মুকলি সভাত বঁটা গ্ৰহণ কৰিবলৈ তিনিওগৰাকী বঁটা প্ৰাপকলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে। ইফালে, ৮ দিনীয়াকৈ আয়োজন কৰা সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক ভাওনা সমাৰোহ ও বাণিজ্য মেলাত ৰাজ্যৰ ২৪ খনকৈ সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থকাৰ লগতে ৰাজ্যৰ ১৪ টা বাচকবনীয়া ভাওনা দ’লে অংশগ্ৰহণ কৰিব ৷ লগতে থলুৱা বাণিজ্য মেলা, দিহানাম, নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠানৰ কায্যসূচীও চলি থাকিব। গতিকে আটাইকেইটা দিনৰ কায্যসূচীৰ বাবে শুভাকাংক্ষী ভক্তগন তথা সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি প্ৰবীন দত্ত, সত্ৰ পৰিচালনা সমিতিৰ যুতীয়া সম্পাদক গিৰিণ দত্ত, মিণ্টু বৰুৱাকে আদিকৰি উদযাপন সমিতিৰ বিষয়ববীয়াসকলে।

প্ৰেৰক বিবেক বড়া

You might also like