নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুণগত শিক্ষাক অগ্রাধিকাৰ দিবলৈ বঢ়াব লাগিব শিক্ষার্থীৰ উপস্থিতি

🔹 বেজেৰা উঃ মাঃৰ মহাৰজত জয়ন্তীত প্রাইড ইষ্টৰ চিএমডি

নিয়মীয়া বার্তা, বেজেৰা, ১৯ জানুৱাৰী : গৌৰৱোজ্জ্বল ৭৫ বছৰীয়া বর্ণিল ইতিহাসেৰে সমৃদ্ধ অবিভক্ত কামৰূপ জিলাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান পৰহিৰ পৰা তিনিদিনীয়াকৈ চলি আছে৷ কালি দ্বিতীয় দিনাৰ কার্যসূচীত পুৱা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাত বিদ্যালয়ৰ ছাত্র–ছাত্রী, প্রাক্তন ছাত্র–ছাত্রী আৰু দাঁতিকাষৰীয়া বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে অংশগ্রহণ কৰে৷ বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাই চৌপাশৰ পৰিৱেশ মুখৰ কৰি তোলে৷ পুৱা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই উদ্বোধন কৰা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাত গায়ন–বায়ন, বিহুনৃত্য, দৰা–কইনা, আয়তীৰ দলসহ ভিন্ন থলুৱা সংস্কৃতিৰ সমন্বয় ঘটে৷ সহস্রাধিক লোকে ভাগ লোৱা এই সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰি ৰিণিকি ভূঞা শর্মাই কয় যে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাৰ গাঁথনি গঢ়ি উঠিছে৷ শিক্ষক তথা অভিভাৱকসকল সততে সষ্টম আৰু সচেতন হ’ব লাগিব বুলিও ব্যক্ত কৰাৰ লগতে গুণগত শিক্ষাৰ ক্ষেত্রত অগ্রাধিকাৰ দিবলৈ হ’লে ছাত্র–ছাত্রীৰ উপস্থিতি বৃদ্ধি কৰিব লাগিব বুলি উল্লেখ কৰে৷ তেওঁ লগতে কয় যে মুখ্যমন্ত্রীগৰাকীয়ে যি সপোন দেখিছিল প্রত্যেক ল’ৰা–ছোৱালীৰ মৌলিক অধিকাৰ পঢ়া–শুনাৰ ব্যৱস্থা, তাৰে বহুখিনিত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱদান আছে৷ বিদ্যালয়খনত বৌদ্ধিক পৰিৱেশৰ গাঁথনি গঢ়ি উঠিছে৷ তেওঁ ভৱিষ্যতে এই বিদ্যালয়খনৰ ছাত্র–ছাত্রীসকলে বিভিন্ন দিশত ৰাজ্যখনলৈ যাতে সুনাম কঢ়িয়াই আনে, তাৰ বাবে কামনা কৰে৷ বেজেৰা হাইস্কুল খেলপথাৰৰ পৰা উলিওৱা এই বর্ণিল শোভাযাত্রা ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে শালমাৰালৈ গৈ আকৌ খেহেনীপাৰালৈ পৰিভ্রমণ কৰে আৰু বিদ্যালয়ৰ খেলপথাৰত সামৰণি পৰে৷ স্থানীয় শিক্ষানুৰাগী ৰাইজ, অভিভাৱক, প্রাক্তন ছাত্র–ছাত্রী, শিক্ষক–শিক্ষয়িত্রী আদিৰ পূর্ণ সহযোগিতাত অনুষ্ঠিত মহাৰজত জয়ন্তীৰ অনুষ্ঠানত সহস্রাধিক লোকৰ সমাগমে উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে৷ এই সাংস্কৃতিক শোভাযাত্রাত ভাগ লয় কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, বিশিষ্ট সমাজসেৱিকা, কবি উর্বশী চৌধুৰী, মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, ব্যক্তিগত সচিব ৰণজিৎ ভট্টাচার্য, প্রাণজিৎ ডেকাসহ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে৷

আনহাতে, আবেলি বঁটা বিতৰণ আৰু সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ ইয়াত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা সমাজহিতৈষী প্রয়াত গণেশ চন্দ্র ডেকাৰ কবিতা পুথি উন্মোচন কৰা হয়৷ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ মুখ্য সভাপতি বিশ্বেশ্বৰ ডেকা আৰু সভাপতি কৰুণাকান্ত ডেকা উপস্থিত থকা সভাখনত কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক তপন কুমাৰ কলিতাই উপস্থিত থাকি মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত বিভিন্ন প্রতিযোগিতাৰ বঁটা বিতৰণ কৰে৷ লগতে বেজেৰা হাইস্কুলৰ প্রতিষ্ঠাপক প্রধান শিক্ষক প্রয়াত শৰৎ চন্দ্র ডেকাৰ পৰিয়ালৰ হৈ বৰ জীয়ৰী অঞ্জনা ডেকা আৰু প্রতিষ্ঠাপক মাইনৰ স্কুলৰ প্রয়াত শিৱনাথ ভূঞাৰ হৈ সম্বর্ধনা লয় অমৰজ্যোতি ভূঞাই৷ ইয়াৰ পিছত সন্ধিয়া বন্তি প্রজ্বলন কৰে আমন্ত্রিত অতিথিসকলে৷ তিনিদিনীয়াকৈ অনুষ্ঠিত বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান আজি সামৰণি পৰিব৷

You might also like