হিটলাৰ আছিল ‘মধুৰ–সমকামী’
🔹 ব্রিটিছ প্রেয়সীৰ ডায়েৰীক লৈ চাঞ্চল্য
নিউজ ডেস্ক, ২০ জানুৱাৰী : এড’ল্ফ হিটলাৰক লৈ মৃত্যুৰ আঠ দশক অতিক্রম কৰাৰ পিছতো কৌতূহলৰ শেষ নাই সমগ্র পৃথিৱীত৷ এইবাৰ সেই কৌতূহলত নতুন মাত্রাৰ সংযোজন ঘটাইছে ফেচীবাদী শাসকজনৰ ব্রিটিছ বান্ধৱী ইউনিটি মিটফ’ৰ্ডৰ ডায়েৰীয়ে৷ কেনে আছিল নাজী হিটলাৰ? ইউনিটিৰ লেখাত সেই সম্পর্কে উল্লেখ কৰা হৈছে যে হিটলাৰ আছিল অতি মধুৰ আৰু সমকামী৷ স্বাভাৱিকতে এই ডায়েৰীক লৈ আৰম্ভ হৈছে চাঞ্চল্য৷ বিগত শতিকাৰ ’৩০ৰ দশকটোত হিটলাৰৰ সৈতে বন্ধুত্ব হৈছিল ইউনিটিৰ৷ শেহতীয়াকৈ উদ্ধাৰ হৈছে এই ডায়েৰী৷ গ্রন্থৰ ৰূপতো প্রকাশ পাইছে এই ডায়েৰী৷ ডায়েৰীৰ পাতে পাতে হিটলাৰৰ সৈতে থকা সম্পর্কৰ কথা বর্ণনা কৰিছে ইউনিটিয়ে৷ ডায়েৰীৰ পাতত বাৰে বাৰে উল্লেখ কৰা হৈছে যে হিটলাৰ আছিল এজন সমকামী৷ ১৯৩৫ৰ পৰা ১৯৩৯ চনলৈকে দুয়োৰে মাজত ১৩৯বাৰ সাক্ষাৎ হৈছিল৷ প্রথম সাক্ষাততে হিটলাৰৰ প্রেমত পৰে ইউনিটি৷ ব্রিটিছ নাগৰিকসকলৰ ভিতৰত কোনেও হিটলাৰৰ ইমান নিকট সম্পর্কলৈ আহিব পৰা নাছিল৷ জার্মানীয়ে পোলেণ্ড দখল কৰাৰ পিছতে ইউনিটিয়ে জানিব পাৰিলে যে জার্মানী আৰু তেওঁৰ মাতৃভূমি ব্রিটেইনৰ মাজত আৰম্ভ হৈছে যুদ্ধ৷ এই কথাই ইউনিটিক আঘাত দিয়ে৷ গতিকে মূৰত গুলীয়াই চৰম পথ বাছি লোৱাৰ চেষ্টা চলায় ইউনিটিয়ে৷ কিন্তু ইউনিটিৰ জীৱন ৰক্ষা পৰে৷ মনৰ দুখত ব্রিটেইনলৈ উভতি আহে ইউনিটি৷ ১৯৪৮ চনত ইউনিটিৰ মৃত্যু হয়৷ তেতিয়া তেওঁৰ বয়স হৈছিল ৩৩ বছৰ৷ নতুনকৈ প্রকাশ পোৱা গ্রন্থখনৰ নাম ‘হিটলার্ছ ইংলিছ গার্লফ্রেণ্ড’৷