মাৰ্ঘেৰিটাৰ পৰা পলায়ন সহস্ৰাধিক অবৈধ কয়লা শ্ৰমিকৰ
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ উমাৰাংচু অবৈধ কয়লাখনিত সংঘটিত শ্ৰমিকৰ মৃত্যৰ ঘটনাৰ পাছতেই ৰাজ্য চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি মাৰ্ঘেৰিটা সম জিলাৰ অন্তৰ্গত নামদাং স্থিত তথাকথিত বিটু পাহাৰত বৃহৎ অভিযান চলাই ১৩টাকৈ ৰেটহ’ল মাইনিং বন্ধ কৰি দিয়াৰ লগতে ৪জন শ্ৰমিকক আটক কৰাৰ লগতে এখন এক্সেভেটৰ জব্দ কৰিছিল যোৱা শনিবাৰে। ইয়াৰ পাছতেই মাৰ্ঘেৰিটা-লিডুৰ পৰা হুৰাহুৰে পলায়ন কৰিছে শ শ অবৈধ কয়লা শ্ৰমিক। অবৈধ কয়লা খনিত শ্ৰমিক ৰূপী লোকৰ বাবে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় আজি লিডু ৰেলৱে ষ্টেচনত। টিকটৰ বাবে দীঘলীয়া শাৰী। উমৰাংছুৰ ঘটনাৰ পিছতে গা লৰিছে আৰক্ষী প্ৰশাসনৰ।অসম আৰক্ষী সঞ্চালক প্ৰধানৰ টুইটৰ পিছতে কপনি উঠিছে মাৰ্ঘেৰিটা-লিডুত। উল্লেখ্য যে,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে টুইটাৰযোগে মাৰ্ঘেৰিটা, লিডু, লেখাপানীত চলা ৰেটহল মাইনিং পৰৱৰ্তি সাত দিনৰ ভিতৰত বন্ধ কৰাৰ কাঢ়া নিৰ্দেশ দিয়াৰ পিছতে হাহাকাৰ লাগিছে। উমৰাংছু ঘটনাৰ পিছতে খুদ আৰক্ষী সঞ্চালক প্ৰধান গৰাকী মাৰ্ঘেৰিটা, লিডু, লেখাপানীলৈ আহি সমগ্ৰ পৰিস্থিতি বুজ লৈ মাৰ্ঘেৰিটাৰ বিতৰ্কিত চোৰাং কয়লাৰ লগতে ৰেটহল মাইনিং বন্ধ কৰাৰ কথা নিৰ্দেশনা দিয়াৰ পিছতে মাৰ্ঘেৰিটাত এক প্ৰকাৰ হাহাকাৰ লাগিছে। যি যেনেকৈ পাৰে গোৱালপাৰা, ধুবুৰী, নগাওঁ, মৰিগাওঁ, হাইলাকান্দি আদি জিলাৰ প্ৰায় দুই সহস্ৰাধিক শ্ৰমিকে লিডুৰ পৰা গুৱাহাটী অভিমূখী ইণ্টাৰচিটী ট্ৰেইন ৰাওনা হৈছে। অন্যহাতে আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ নিৰ্দ্দেশত মাৰ্ঘেৰিটাৰ ভিন্ন স্থানত ৪ টা গোটে চলাইছে অভিযান। লিডুৰ বিভিন্ন স্থানত অব্যাহত থকা অবৈধ কয়লাখনি (ৰেট হ’ল মাইনিং)ৰ বিৰুদ্ধে প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে অভিযান। নামদাং স্থিত অবৈধ কয়লাখনি ৰেট হ’ল মাইনিং আৰু লিডু টিৰাপত আজিও চলিল আৰক্ষীৰ অভিযান। মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰশাসন, সম-জিলা প্ৰশাসন আৰু উত্তৰপূৱ কয়লাক্ষেত্ৰই মাৰ্ঘেৰিটাৰ নামদাং স্থিত অবৈধ কয়লাখনি ৰেট হ’ল মাইনিংৰ ওপৰিও, লিডু, টিৰাপ, টিকক আদি কেইবাটাও স্থানত অবৈধ কয়লাখনি ৰ’ট হল মাইনিং)ৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত কেইবাটাও অবৈধ কয়লাখনি প্ৰশাসনে ছিল কৰি দিয়ে। আৰক্ষীৰ চকুৰ সন্মুখতে অব্যাহত থকা অবৈধ কয়লাখনি(ৰেট হ’ল মাইনিং) ৰ বিৰুদ্ধে শেষতীয়াকৈ আৰক্ষীৰ তথা মাৰ্ঘেৰিটা সম-জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে। আজিৰ অভিযানত উপস্থিত থকা সম জিলা প্ৰশাসনৰ কাৰ্য্যবাহী বিষয়া প্ৰণামিকা কোঁৱৰ সংবাদমাধ্যমক জানিবলৈ দিয়া অনুসৰি অহা চোৰাং কয়লা আৰু ৰে’ট হ’ল মাইনিং বিৰুদ্ধে অভিযান অব্যাহত থাকিব। শেহতীয়াকৈ অবৈধ কয়লাক্ষেত্ৰ চলা অভিযানে চোৰাং কয়লা মাফিয়াৰ মাজত সন্ত্ৰাস সৃষ্টি হোৱাৰ লগতে অবৈধ ৰেট হ’ল মাইনিং কৰা কয়লা মাফিয়াই বিনিদ্ৰ ৰজনী কটাইছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক মানস প্ৰতিম গগৈ