পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয়ক কম্পিউটাৰ দান দুই প্ৰাক্তন ছাত্ৰৰ
নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰী : প্ৰাথমিক পৰ্যায়তে শিশুসকলক কম্পিউটাৰৰ সম্যক শিক্ষা দিয়াৰ বাবে পাটাছাৰকুছিৰ মাজ মজিয়াত অৱস্থিত ১২৫ বছৰ গৰকা ঐতিহ্যমণ্ডিত ৬৪নং পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয়খনে গ্ৰহণ কৰা অভিনব আচনিখনৰ সাকাৰ ৰূপ দিবলৈ আগবাঢ়ি আহিল বিদ্যালয়খনৰে দুজন প্ৰাক্তন ছাত্র। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ জয় জয় ময় ময় অবস্থাৰ সময়তো শতিকা প্ৰাচীন এই বিদ্যালয়খনৰ গৌৰৱ গাঠাই আজিও আকৰ্ষিত কৰে বিদ্যাৰ্থী আৰু অভিভাৱকসকলক। শেহতীয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খনত কম্পিউটাৰ শিক্ষা প্ৰচলনৰ আঁচনি গ্ৰহণৰ বিষয়ে ৰাইজ আৰু প্ৰাক্তন ছাত্র- ছাত্রী সকলক অবগত কৰিছিল। এই বিষয়ে জানিব পাৰি বিদ্যালয়খনৰে দুই ভিন্ন বৰ্ষৰ প্ৰাক্তন ছাত্ৰ তথা পাটাছাৰকুছি নিবাসী ক্ৰমে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বজালী জিলাৰ জ্যেষ্ঠ পৰিদৰ্শক নিতুল শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক আমিনুল হকে বিদ্যালয়খনলৈ দান কৰিলে এটি কম্পিউটাৰ ছেট। এই কম্পিউটাৰ ছেটটো নিতুল শৰ্মা আৰু আমিনুল হকে বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ, পাটাছাৰকুছিৰ গৌৰৱ, অসম লোকসেৱা আয়োগৰ অৱসৰী অধ্যক্ষ তথা সম্প্রতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে কৰ্মৰত ভাৰত ভূষণ দেৱ চৌধুৰীৰ (অৱসৰী আই এ এছ বিষয়া) হাতেৰে বিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাবে প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে বিদ্যালয়ত খেলা ধুলাৰ উপৰিও বৰ্তমান দিনত কম্পিউটাৰ শিক্ষাৰ অতি প্ৰয়োজন বুলি উল্লেখ কৰি প্ৰাক্তন ছাত্ৰ দুই গৰাকীৰ বদান্যতাত সন্তোষ প্ৰকাশ কৰি ইয়াৰ দ্বাৰাই বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰী উপকৃত হব বুলি আশা প্ৰকাশ কৰে৷ বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে আজি এটা আদৰ্শৰ দিন বুলি উল্লেখ কৰে। অনুষ্ঠানত বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ তথা পূৱ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড° বলেন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু নিতুল শৰ্মাও বক্তব্য ৰাখে। শিক্ষা বিভাগৰ খণ্ড হিচাপ ৰক্ষক উজ্জ্বল শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰণজিৎ শৰ্মা (ৰণ্টু), বিদ্যালয়ৰ প্ৰধান শিক্ষক সমীন্দ্ৰ চৌধুৰী সমন্বিতে শিক্ষক- শিক্ষয়িত্ৰী আদিৰ লগতে কেইগৰাকীমান শুভাকাংক্ষীও উপস্থিত থাকে।
প্ৰেৰক উৎপল মেধি