🔹 ছাত্র সন্থাৰ কেন্দ্রীয় সাধাৰণ সভাত নির্বাচিত
বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : জাতিটোৰ অস্তিত্বৰ সংকটৰ সময়ত নির্ভীকতাৰে মাত মাতি অহা অসমৰ শক্তিশালী জাতীয় সংগঠন তথা শতবর্ষ গৰকা সদৌ অসম ছাত্র সন্থা, চমুকৈ আছুৰ শিৱসাগৰ সাধাৰণ সভাৰ বিশাল প্রতিনিধি সভাই সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰে শিৱসাগৰৰ সমীৰণ ফুকনক৷ প্রতিনিধি সভাত শিৱসাগৰৰ ছাত্র নেতাজন মনোনীত হোৱা বুলি ঘোষণা কৰাৰ পাছতেই ঐতিহাসিক তলাতলৰ বাকৰি, পৰাগ চলিহা ষ্টেডিয়ামৰ সমান্তৰালকৈ জিলাখনতেই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ সমগ্র অসমৰ ছাত্র প্রতিনিধিৰ লগতে অসম তথা শিৱসাগৰৰ কেইবাশ দল–সংগঠন, অনুষ্ঠান–প্রতিষ্ঠান আৰু ব্যক্তিয়ে নৱনির্বাচিত ছাত্র নেতাজনক অভিনন্দনৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে৷ সমীৰণ ফুকনৰ নেতৃত্বত অসমৰ পুৰণি ছাত্র সংগঠনটোৱে এক নতুন গতি লাভ কৰিব বুলি আশা ব্যক্ত কৰে সকলোৱে৷ ১৯৭৯ আৰু ১৯৮৬ চনৰ পাছতেই সুদীর্ঘ তিনি দশকৰ পাছত শিৱসাগৰত অনুষ্ঠিত হোৱা আছুৰ সাধাৰণ সভাত শিৱসাগৰৰ এগৰাকী সন্তানে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰাত বিশেষভাৱে শিৱসাগৰীয়া ৰাইজে গৌৰৱ অনুভৱ কৰিছে৷ উল্লেখ্য যে সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা সমীৰণ ফুকনৰ জন্ম হয় ১৯৮৯ চনৰ ১৯ ছেপ্টেম্বৰত শিৱসাগৰত৷ শিৱসাগৰ চহৰৰ সমীপৱর্তী জয়সাগৰৰ জয়ানগৰ নিৱাসী তথা চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত উপাধ্যক্ষ তাৰাপ্রসন্ন ফুকন আৰু অৱসৰপ্রাপ্ত প্রধান শিক্ষয়িত্রী অঞ্জলি বৰুৱা ফুকনৰ পুত্র সমীৰণ ফুকন ছাত্রাৱস্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাৰ লগত জড়িত৷ অষ্টম শ্রেণীত অধ্যয়নৰত সময়ত ২০০২–০৩ বর্ষৰ বাবে অসমৰ দ্বিতীয় পুৰণি শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ আলোচনী সম্পাদক ৰূপে নির্বাচিত হৈ প্রত্যক্ষ ছাত্র ৰাজনীতিত প্রৱেশ কৰা সমীৰণ ২০০৩–০৪ বর্ষতো একেটা পদত দ্বিতীয়বাৰৰ বাবে নির্বাচিত হয়৷ ২০০৫ বর্ষত সদৌ অসম ছাত্র সন্থাৰ স’তে পোনপটীয়াকৈ জড়িত হৈ জয়সাগৰত এটা প্রাথমিক গোট গঠন কৰি তাৰ সাধাৰণ সম্পাদক ৰূপে আছুৰ মজিয়াত যাত্রা আৰম্ভ কৰে৷ একাদশ শ্রেণীত অধ্যয়নৰত সময়ত ২০০৫–০৬ বর্ষত একেখন শিক্ষানুষ্ঠানৰ সাধাৰণ সম্পাদক ৰূপে নির্বাচিত হয়৷ কলেজীয়া দিনতো সক্রিয় ছাত্র ৰাজনীতিত জড়িত হৈ শিৱসাগৰ কলেজ ছাত্র একতা সভাৰ ২০০৭–০৮ আৰু ২০০৮–০৯ বর্ষৰ সাধাৰণ সম্পাদক নির্বাচিত হোৱাৰ উপৰি ২০০৯–১০ বর্ষত উপ–সভাপতি ৰূপে নির্বাচিত হৈ একতা সভাৰ নির্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে নির্বাচিত হোৱাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ কলেজীয়া ছাত্র হৈ থকা সময়তে ২০১০ বর্ষত শিৱসাগৰ আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নির্বাচিত হৈ ২০১৪ বর্ষলৈকে দায়িত্বত থাকি ২০১৪ বর্ষৰ শেষৰ ভাগৰ পৰা ২০১৬ বর্ষৰ জানুৱাৰীলৈ সভাপতিৰ দায়িত্বত আছিল৷ ২০১৬ বর্ষৰ জানুৱাৰীত বর্তমানৰ চৰাইদেউ জিলাসহ সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰূপে দায়িত্ব লৈ তাৰ পৰৱর্তী পর্যায়ত ২০২০ চনৰ অক্টোবৰ মাহত পুনৰ দ্বিতীয়টো কার্যকালৰ বাবে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নির্বাচিত হয়৷ ২০২০ চনৰ নৱেম্বৰত সদৌ অসম ছাত্র সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত শিৱসাগৰ জিলাক প্রতিনিধিত্ব কৰি আছুৰ কেন্দ্রীয় কার্যনির্বাহক ৰূপে নির্বাচিত হয়৷ ২০২২ বর্ষৰ ছেপ্টেম্বৰ মাহত আছুৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে নির্বাচিত হৈ ২০২৩ বর্ষৰ নৱেম্বৰত অনুষ্ঠিত অষ্টাদশ মৰিগাঁও অধিৱেশনলৈকে উক্ত পদবীত কার্যনির্বাহ কৰে৷ ২০২৩ বর্ষৰ নৱেম্বৰৰ পৰা ২০২৪ বর্ষৰ ডিচেম্বৰ পর্যন্ত আছুৰ কেন্দ্রীয় কার্যনির্বাহক ৰূপে থাকি পুনৰ সহকাৰী সাধাৰণ সম্পাদক নির্বাচিত হয়৷ শিৱসাগৰ কলেজ, জয়সাগৰৰ পৰা ৰাজনীতি বিভাগৰ স্নাতক ডিগ্রীধাৰী ফুকনে পৰৱর্তীকালত সংযোগী শিক্ষাৰ অধীনত ৰাজনীতি বিজ্ঞান আৰু গণসংযোগ আৰু সাংবাদিকতা বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰাৰ উপৰি বর্তমান সমাজতত্ত্ব বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্রমৰ অন্তিম ষাণ্মাসিকৰ ছাত্র৷