নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটন প্ৰকল্প স্থাপনৰ বিৰোধিতাৰে চিনামৰা বাগিচাত উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ দ্বাৰা ঐতিহাসিক চিনামৰা চাহ বাগিছাত চাহ পৰ্যটন প্ৰকল্প স্থাপন কৰাৰ বিৰোধীতাৰে আটছাই কৰা প্ৰতিবাদী কাৰ্যসূচীত উত্তাল হৈ পৰে চিনামৰা বাগিছে। চাহ জনজাতি ছাত্ৰ সন্থাৰ বেনাৰ তলত একত্ৰিত হোৱা বাগিছাখনৰ কেবা শতাধিক শ্ৰমিকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ পৰ্যটন কেন্দ্ৰ স্থাপনৰ বিৰোধীতাৰ শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে। উল্লেখনীয় যে স্বাধীনতা সংগ্ৰামী, ছহিদ মণিৰাম দেৱানে স্থাপন কৰা আৰু পাছত ইংৰাজৰ পৰা ৰাজ্য চৰকাৰৰ হাতলৈ অহা ঐতিহাসাক বাগিছাখনৰ ২০০ বিঘা ভূমি চৰকাৰৰ পৰ্যটন বিভাগে অধীগ্ৰহন কৰি মণিৰাম দেৱানৰ সমাধীৰ সমীপতে তাত পৰ্যটন কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহন কৰিছে। ইতিমধ্যে এই সংক্ৰান্তত প্ৰাৰম্ভিক কামকাজ আৰম্ভ কৰিছে। ইয়াকেলৈ সোচ্ছাৰহৈ পৰিছে বাগিছাখনৰ চাহ শ্ৰমিক। শ্ৰমিকসকলে জানিবলৈ দিয়া মতে এই সিদ্ধান্ত সম্পূৰ্ণ চাহ শ্ৰমিক বিৰোধী। চৰকাৰৰ অমনোযোগিতাৰ ফলত বিভিন্ন সমস্যাৰে জৰ্জৰিত ইতিহাস প্ৰসিদ্ধ বাগিছাখন তথৈবছ। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে যিকোনো প্ৰকাৰে শ্ৰমিক ৰাইজৰ জীৱন জীৱকাৰ সম্বল বাগিছাখনৰ উন্নতিৰ হকে কাম কৰিব লাগিছিল। কিন্তু তাকে নকৰি মুষ্টিমেয় কিছুলোকৰ স্বাৰ্থ পূৰণৰ কাৰণে পৰ্যটন কেন্দ্ৰ স্থাপন কৰিবলৈ লোৱাতো গৰিহণাৰ যোগ্য। প্ৰতিবাদস্থলীত উপস্থিত শ্ৰমিকসকলে জানিবলৈ দিয়া মতে বাগিছাখনৰ কেবা শ বিঘা ভূমিত আজিও চাহ গছ ৰোপণ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত দিনক দিনে উতপাদন কমি আহিছে। একেসময়তে অৱসৰ লোৱা বহু শ্ৰমিকে আজিও লাভ কৰা নাই পি এফ, গ্ৰেচুইটি আদিৰ ধন। দীৰ্ঘদিনে বৃদ্ধি হোৱা নাই হাজিৰা। লাভ কৰা নাই বদলি কাম। এনে অৱস্থাত কেবাশ কোটি টকা ব্যয়ৰে বাগিছাখনত পৰ্যটন কেন্দ্ৰ খুলিবলৈ লোৱাতো একপ্ৰকাৰ শ্ৰমিক ৰাইজক ভাতে মৰাৰ অভিসন্ধি বুলিও তেওঁলোকে কব খোজে। পাছত তেওঁলোকে বাগিছা পৰিচালকৰ যোগেদি জিলা উপায়ুক্তলৈ এখন বহুদাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে। স্মাৰক পত্ৰত চৰকাৰখনৰ এনে সিদ্ধান্ত কোনোপধ্যে মানি লোৱা নহব বুলি হুংকাৰদি আটছাৰ বিষয়ববীয়াসকলে কয় যে চাহ উদ্যোগৰ লগতে ৰাজ্যখনৰ ঐতিসাহিক প্ৰেক্ষাপটতো চিনামৰা বাগিছাখনৰ এক ঐতিহাসিক গুৰুত্ব আছে। এই সকলোবোৰ জলাঞ্জলি দি চৰকাৰখনে কেৱল কিছুলোকৰ পেট ভৰাবলৈ শ্ৰমিকৰাইজৰ জীৱনলৈ পিঠি দিয়াটো কোনোপধ্যে মানি লোৱা নহব। এনে হঠকাৰি সিদ্ধান্ত শীঘ্ৰেই বাতিল নকৰিলে শ্ৰমিক ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়িতোলা হব আৰু ইয়াৰ পৰা উদ্ভৱ হব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰখনেই জগৰীয়া হব বুলিও তেওঁলোকে সকীয়াই দিয়ে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like