নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ নিম্ন আদালতত সাংসদ-বিধায়কৰ বিৰুদ্ধে বিচাৰাধীন ৭৩টা গোচৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ ৰাজ্যৰ নিম্ন আদালতসমূহত সাংসদ–বিধায়কৰ বিৰুদ্ধে বিচাৰাধীন হৈ আছে ৭৩টা গোচৰ৷ এই তথ্য উন্মোচিত হৈছে জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহৰ বিচাৰ প্রক্রিয়া নিৰীক্ষণৰ বাবে গঠন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডেজিগনেটেড আদালতত৷ এই সন্দর্ভত ৰুজু হোৱা এটা নিজাববীয়া গোচৰৰ শুনানি গ্রহণ কৰি এখন খণ্ড বিচাৰপীঠে নিম্ন আদালতসমূহত বিচাৰাধীন গোচৰসমূহ দ্রুতভাৱে নিষ্পত্তি কৰিবলৈ সকলোধৰণৰ পদক্ষেপ ল’বলৈ পৰামর্শ দিয়ে৷ ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ত সাংসদ–বিধায়কৰ বিৰুদ্ধে ২০টা গোচৰ ৰুজু হৈ আছে৷ ইয়াৰে ৫টা গোচৰ ইতিমধ্যে নিষ্পত্তি কৰা হৈছে৷ আন ১৫টা গোচৰ শুনানিৰ বাবে ফেব্রুৱাৰীত তালিকাভুক্ত হৈছে৷ পৰৱর্তী সময়ত এই গোচৰসমূহৰ বিচাৰপ্রক্রিয়াৰ ষ্টেটাছ ৰিপ’ট দাখিল কৰিবলৈ খণ্ড বিচাৰপীঠখনে পঞ্জীয়কক নির্দেশ দিছে৷ উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত উচ্চ ন্যায়ালয়ে জনপ্রতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ বিচাৰ প্রক্রিয়াৰ নিৰীক্ষণ কৰিবলৈ উদ্যোগ গ্রহণ কৰিছে৷

You might also like