যুদ্ধভূমিৰ চিৎকাৰ
যুদ্ধবিৰতি চলি আছে ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ মাজত৷ ইয়াৰ মাজতে গাজাত যুদ্ধবিৰতি পালন কৰিছে যদিও পেলেষ্টাইনৰ অন্য এক অঞ্চল ৱেষ্ট বেংকত অভিযান অব্যাহত ৰাখিছে ইজৰাইলে৷ ইজৰাইলৰ এনে কার্যত আন্তর্জাতিক সম্প্রদায়ে যুদ্ধবিৰতি উলংঘা কৰা বুলি অভিযোগ কৰিছে যদিও বিষয়টোত গুৰুত্ব দিয়া নাই ইজৰাইল চৰকাৰে৷ লক্ষণীয়ভাৱে যুদ্ধবিৰতিৰ প্রাৰম্ভিক পর্যায় হিচাপে হামাছ আৰু ইজৰাইলে পণবন্দী তথা পেলেষ্টাইনী বন্দী মুক্তিৰ প্রক্রিয়া চলাই আছে৷ ইতিমধ্যে হামাছে সাতগৰাকী মহিলা পণবন্দীক মুক্তি দিছে৷ ইয়াৰ ভিতৰত আছে চাৰিগৰাকী ইজৰাইলী সৈনিক৷ ২০২৩ চনৰ ৭ অক্টোবৰত গাজাৰ পৰা ইজৰাইলী ভূ–খণ্ডত আক্রমণ চলাইছিল হামাছে৷ তাৎক্ষণিকভাৱে হামাছে চলোৱা এই আক্রমণত নিহত হৈছিল ১,২০০ লোক৷ ইয়াৰ উপৰি ২৫০গৰাকী ইজৰাইলী তথা অন্য দেশৰ নাগৰিকক অপহৰণ কৰিছিল হামাছে৷ ইয়াৰ পাছতে গাজাত হামাছক উৎখাতৰ বাবে যুদ্ধ আৰম্ভ কৰে ইজৰাইলী সেনাই৷ ইজৰাইলী সেনাৰ অভিযানত বধ্যভূমিত পৰিণত হয় গাজা৷ চৰকাৰী সূত্রই সদৰী কৰা অনুসৰি ইজৰাইলৰ বোমা–ক্ষেপণাস্ত্রৰ আঘাতত গাজাত থকা নিৰীহ পেলেষ্টাইনী লোকৰ ৬০ শতাংশ বাসগৃহ ধ্বংস হয়৷ এই যুদ্ধত হামাছৰ কেইবাগৰাকীও শীর্ষ নেতা নিহত হয় যদিও আটাইতকৈ বেছি মূল্য ভৰিবলগীয়া হয় সাধাৰণ পেলেষ্টাইনী নাগৰিকসকলে৷ সূত্রই সদৰী কৰা অনুসৰি এই যুদ্ধত প্রায় ৪৭ হাজাৰ নিৰীহ পেলেষ্টাইনী নিহত হৈছে৷ নিহতসকলৰ গৰিষ্ঠসংখ্যকেই শিশু আৰু মহিলা৷ ইফালে আহত হৈছে লক্ষাধিক লোক৷ লক্ষণীয়ভাৱে ২০ লক্ষাধিক বাসিন্দা এই যুদ্ধৰ বাবে গৃহহীন হ’বলগীয়া হৈছে৷ সমগ্র গাজাত আক্রমণ চলাইছিল ইজৰাইলে৷ শেহতীয়াকৈ কাটাৰ, ছৌদি আৰব, ইজিপ্তৰ উদ্যোগত যুদ্ধবিৰতিৰ প্রতি সন্মতি প্রকাশ কৰে ইজৰাইল আৰু হামাছে৷ ইতিমধ্যে যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছে উভয় পক্ষই৷ এই চুক্তি অনুসৰি বিয়াল্লিশ দিনৰ ভিতৰত উভয়পক্ষই পণবন্দী আৰু বন্দী মুক্তিৰ প্রক্রিয়া সম্পন্ন কৰিব৷ ইয়াৰ পাছতেই গাজালৈ শান্তি আৰু সুস্থিৰতা ওভতাই অনাৰ বাবে উভয় পক্ষই কাম কৰিব৷ কিন্তু যুদ্ধভূমি উত্তৰ গাজালৈ পেলেষ্টাইনী নাগৰিকসকলক ইজৰাইলে ওভতাৰ নিয়াৰ অনুমতি দিয়াৰ পাছতে ভয়াৱহ ঘটনা পোহৰলৈ আহিছে৷
গাজাৰ প্রশাসনে দাবী কৰা অনুসৰি উত্তৰ গাজাত এটা বাসগৃহও অক্ষত অৱস্থাত নাই৷ ইয়াৰ উপৰি প্রতিটো বাসগৃহৰ ধ্বংসস্তূপৰ তলত বহু মৃতদেহ পৰি থকা বুলি দাবী কৰিছে হামাছ নিয়ন্ত্রিত গাজাৰ স্বাস্থ্য মন্ত্রালয়ে৷ স্বাস্থ্য মন্ত্রালয়ৰ এক সূত্রই সদৰী কৰা অনুসৰি ধ্বংসস্তূপৰ তলত দহ সহস্রাধিক মৃতদেহ পৰি আছে৷ অর্থাৎ গাজাৰ যুদ্ধত নিহত লোকৰ সংখ্যা পূর্বৰ হিচাপতকৈ যথেষ্ট বেছি হ’ব৷ ইয়াৰ উপৰি গাজাক পুনৰ বসবাসৰ উপযুক্ত কৰি তুলিবলৈ এটা দশকতকৈ অধিক সময়ৰ প্রয়োজন হ’ব বুলি দাবী কৰিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাই সদৰী কৰা অনুসৰি গাজাত যিসকল লোক গৃহহীন হৈছিল, তেওঁলোকৰ গৰিষ্ঠসংখ্যক এতিয়া অস্বাস্থ্য আৰু অপুষ্টিৰ চিকাৰ৷ এই লোকসকলৰ অধিকসংখ্যকৰে চিকিৎসা আৰু খাদ্যৰ অভাৱত মৃত্যুৰ আশংকা আছে৷ লক্ষণীয়ভাৱে গাজাৰ যুদ্ধই যি ধ্বংসস্তূপৰ আৱর্জনাৰ স্তূপ সৃষ্টি কৰিছে তাক আঁতৰ কৰিবলৈ কেইবা লাখ কোটি টকাৰ প্রয়োজন হ’ব বুলি দাবী কৰিছে ৰাষ্ট্রসংঘই৷ অর্থাৎ ১৫ মহীয়া যুদ্ধই গাজাৰ ভৌগোলিক মানচিত্র সলনি কৰি দিছে৷ একালৰ কোলাহলপূর্ণ গাজাত এতিয়া কেৱল চৌদিশে ধ্বংসস্তূপ৷ গতিকে উত্তৰ গাজালৈ পেলেষ্টাইনী লোকসকল উভতিছে যদিও তেওঁলোকৰ আর্ত চিৎকাৰে অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ আত্মীয়ক হেৰুৱাই হিয়া ঢাকুৰি কান্দিবলগীয়া হৈছে নিৰীহ পেলেষ্টাইনী লোকসকলে৷ আশ্রয় ল’বলৈ এতিয়া উত্তৰ গাজাৰ লোকসকলৰ নাই এখন চালি৷ এনে পৰিস্থিতিত সমগ্র অঞ্চলটোৰ লাখ লাখ বাসিন্দাৰ পুনৰ সংস্থাপনৰ বাবে কি ব্যৱস্থা গ্রহণ কৰা হ’ব সেই সন্দর্ভত ৰাষ্ট্রসংঘৰ তৰফৰ পৰাও কোনো তথ্য সদৰী কৰা হোৱা নাই৷ লক্ষণীয়ভাৱে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে গাজাৰ বাসিন্দাসকলক স্থানান্তৰ কৰি যুদ্ধই উপহাৰ দিয়া আৱর্জনা আগতে আঁতৰ কৰিব লাগিব বুলি মন্তব্য আগবঢ়াইছে৷ কিন্তু এনে ভয়াৱহ পৰিস্থিতি সত্ত্বেও উদ্বিগ্ণ নহয় ইজৰাইল চৰকাৰ৷ বৰঞ্চ হামাছে যুদ্ধবিৰতি উলংঘা কৰিলে পুনৰ গাজাত অভিযান চলোৱা হ’ব পাৰে বুলি হুংকাৰ দিছে ইজৰাইলৰ প্রধানমন্ত্রীয়ে৷