আবকাৰী শুল্ক বৃদ্ধিঃ লিটাৰেপ্ৰতি ৩ টকাকৈ বাঢ়িল পেট্র’ল ডিজেলৰ মূল্য
নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্রাস পোৱাৰ বিপৰীতে ভাৰতত পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ সাধাৰণ জনতাৰ মূৰত মাধমাৰ শোধাই কালি নিশা ১২ বজাৰ পৰাই কেন্দ্রই পেট্র’ল আৰু ডিজেলত ৩ টকাকৈ মূল্যবৃদ্ধি কৰিব৷ পৰোক্ষ কৰ আৰু আবকাৰী বিভাগৰ কেন্দ্রীয় ব’র্ডে জাৰি কৰা এখন জাননীতে পেট্র’ল আৰু ডিজেলত আবকাৰী শুল্ক আৰু পথ কৰ বৃদ্ধি কৰিছে৷
সেই অনুসৰি পেট্র’লত আবকাৰী শুল্ক ২ টকাৰ পৰা ৮ টকালৈ প্রতিলিটাৰ আৰু ডিজেলত ২ টকাৰ পৰা ৪ টকালৈ বৃদ্ধি কৰিছে৷ অতিৰিক্তভাৱে ডিজেল আৰু পেট্র’লত ১ টকাকৈ পথ কৰ আৰোপ কৰা হৈছে৷
বিশেষজ্ঞই জনোৱা মতে, দেশৰ দুর্বল অর্থনীতি সবল কৰিবলৈকে এই সিদ্ধান্ত লোৱা হৈছে৷ আবকাৰী শুক্ল বৃদ্ধিৰ জৰিয়তে চৰকাৰৰ বার্ষিক ৰাজহ অতিৰিক্ত ৩৯,০০০ কোটি টকা জমা হ’ব৷ ইফালে, কালি নতুন দিল্লীত অনুষ্ঠিত হোৱা জিএছটি কাউন্সিলৰ বৈঠকত বিত্তমন্ত্রী নির্মলা সীতাৰমণে ম’বাইল ফোন আৰু পার্টছৰ ওপৰত জিএছটি ১৮ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ পূর্বে ম’বাইল ফোনৰ জি এছ টি আছিল ১২ শতাংশ৷ এই জিএছটি অহা ১ এপ্রিলৰ পৰা কার্যকৰী হ’ব৷