নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাস্পতালৰ পৰা পলায়ন ৫ ক’ৰোনা আক্রান্তৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ মহাৰাষ্ট্রৰ নাগপুৰত এখন ৰাজ্যিক হাস্পতালত ক’ৰোনা ভাইৰাছৰ সন্দেহত চিকিৎসাধীন হৈ থকা ৫ জনকৈ ব্যক্তিয়ে কর্তৃপক্ষক নজনোৱাকৈ পলায়ন কৰিছে৷ এওঁলোকৰ ভিতৰত আছিল দুগৰাকী মহিলা৷ এই ঘটনাই ৰাজ্যখনত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷

জানিব পৰা মতে, ৰাজ্যখনৰ ইন্দিৰা গান্ধী গৱর্নমেণ্ট মেডিকেল কলেজ আৰু হাস্পতালত কালি এই সন্দেহযুক্ত ৰোগীকেইজনৰ তেজৰ নমুনা গ্রহণ কৰা হৈছিল৷ তেওঁলোকক আইছ’লেচন ৱার্ডত ৰখা হৈছিল৷ কিন্তু কালি নিশা এই লোক ৫ জনে হাস্পতাল কর্তৃপক্ষক নজনোৱাকৈ হাস্পতালৰ পৰা পলায়ন কৰে৷

আৰক্ষী সূত্রই জনোৱা মতে, সন্দেহযুক্ত ক’ভিড–১৯ ৰোগত আক্রান্ত লোককেইজনৰ ফোন আৰক্ষীয়ে ট্রেক কৰি যোগাযোগ কৰিবলৈ সক্ষম হয়৷ ৰোগীকেইজনক হাস্পতাললৈ ঘূৰি আহিবলৈ জনোৱা হয় যদিও তেওঁলোকে জনায় যে তেজ পৰীক্ষাৰ ফলাফল পাওঁতে পলম হোৱাত ক্ষুণ্ণ হয়৷

আনহাতে, হাস্পতালত ভর্তি কৰোৱা ক’ৰোনা ভাইৰাছ ৰোগত আক্রান্ত লোকৰ সৈতে একেটা শৌচালয় ব্যৱহাৰ কৰিব লগা হোৱা বাবে তেওঁলোক শংকিত হৈ পৰে৷ উল্লেখ্য যে এতিয়ালৈকে নাগপুৰত তিনিজন লোকৰ দেহত ক’ৰোনা ভাইৰাছ পোৱা গৈছে৷

You might also like