নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ ফেব্রুৱাৰী, মাঘ মাহৰ ১৯ তাৰিখ
দেওবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই

মেষ : এই ৰাশিৰ জাতক–জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব৷ শিক্ষার্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল৷ শুভ সংখ্যা ২ ৷

বৃষ : বন্ধুবর্গৰ পৰা সাৱধানে থাকিব৷ চাকৰিৰ ক্ষেত্রত বৰ ভাল নহয়৷ ঘৰলৈ কোনোবা মহান ব্যক্তিৰ আগমন৷ শুভ ৰং ৰঙা, সংখ্যা ১৷

মিথুন : কর্মক্ষেত্রত শত্রুৱে প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব৷ বিদ্যার্থীসকলৰ শুভ৷ যান–বাহনৰ পৰা সাৱধান৷ ব্যৱসায়ৰ ক্ষেত্রত অতি অশুভ৷

কর্কট : সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ গণেশ মন্দিৰত ৫টা লাড়ু দান কৰিব৷ শিক্ষার্থীয়ে ভবা মতে ফল নাপাব৷

সিংহ : ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ আর্থিকত মধ্যম৷ বিদ্যার্থীৰ শুভ৷ ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল৷

কন্যা : কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে৷ কর্মক্ষেত্রত সাফল্য আহিলেও আশানুৰূপ অর্থ নাহিব৷ শুভ ৰং গুলপীয়া, সংখ্যা ৮৷

তুলা : বিভিন্ন ফালে মনৰ আশা পূর্ণ হোৱাৰ যোগ দেখা যায়৷ ভিক্ষাৰীক দান কৰিব৷ দূৰ ভ্রমণ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

বৃশ্চিক : যান–বাহনৰ পৰা সাৱধানে থাকিব৷ বিবাহৰ যোগ৷ প্রেমত অশুভ৷ বিদ্যার্থীয়ে ভবা মতে ফল নাপাব৷ ভ্রমণৰ যোগ আছে৷

ধনু : গা ধোৱাৰ পিছত বেলগছৰ গুৰিত পানী ঢালিব৷ যাত্রা নকৰিব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ সংসাৰৰ প্রতি নজৰ ৰাখিব৷ সৰু–সুৰা শাৰীৰিক সমস্যা হ’ব পাৰে৷

মকৰ : ভাল–বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ কৰিব৷ বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা ফল পাব৷

কুম্ভ : প্রেমত শুভ৷ চাকৰিৰ ক্ষেত্রত বাধা৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ ঘৰত কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

মীন : এই ৰাশিৰ জাতক–জাতিকাই ৰঙা বস্ত্র পৰিধান কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ এজন ব্রাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব৷

You might also like