নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যবিত্তক সকাহ : নির্মলাৰ নির্মল বাজেট

🔹 মোদী ৩.০ চৰকাৰৰ প্রথম পূর্ণাংগ বাজেট

নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : মোদী ৩.০ৰ প্রথম পূর্ণাংগ বাজেটত প্রতিফলন হৈছে বিকশিত ভাৰতৰ ৰূপৰেখা৷ বিকশিত ভাৰতৰ দিশে যাত্রাত গণতন্ত্র, জনগাঁথনি আৰু চাহিদাই সর্বাধিক গুৰুত্ব লাভ কৰে৷ ভাৰতৰ বিকাশৰ কাৰণে মধ্যবিত্ত শ্রেণীয়ে শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে৷ এই ধাৰণাকেই প্রাধান্য দি কেন্দ্রীয় বাজেট ২০২৫–২৬৷ চলিত সংসদৰ বাজেট অধিৱেশনত কালি লোকসভাত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ একেৰাহে তিনিটা কার্যকালৰ প্রথমখন সাধাৰণ বাজেট দাখিল কৰে৷ একেৰাহে অষ্টমবাৰৰ বাবে অভিলেখসংখ্যক বাজেট দাখিল কৰি কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে বাজেট ভাষণ আৰম্ভ কৰে তেলেগু কবি, নাট্যকাৰ শ্রীগুৰজাড়া আপ্পাৰাওৰ আপ্তবাক্য ‘এখন দেশ কেৱল ভূমি নহয়/এখন দেশ ইয়াৰ জনতাৰ’- এই আপ্তবাক্যৰে বাজেট ভাষণ আৰম্ভ কৰি কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে ২০২৫–২৬ বিত্তীয় বর্ষৰ বাজেটত বিকশিত ভাৰতৰ ৰূপৰেখা দাঙি ধৰা হৈছে বুলি মন্তব্য কৰে৷ বিকশিত ভাৰতৰ লক্ষ্য নির্ধাৰণ কৰাৰ ক্ষেত্রত কৃষি, গ্রাম্য সমৃদ্ধি, নগৰ বিকাশ আৰু নগৰ শ্রমিকৰ বিনিয়োগক প্রাধান্য দি বাজেট প্রস্তুত কৰা হৈছে বুলিও কয় বিত্তমন্ত্রী সীতাৰমণে৷ দৰিদ্র, যুৱ, অন্নদাতা আৰু মহিলাক প্রাধান্য দি দেশৰ সকলো প্রান্তৰ বিকাশৰ ধাৰণাৰে দাখিল কৰা বাজেটখনত মধ্যবিত্তক কৰ ৰেহাই চমকপ্রদ৷ দৰিদ্রতা নির্মূলৰ বাবে বিভিন্ন আঁচনিৰ উপৰি যুৱচামৰ দক্ষতা বৃদ্ধি, সংস্থাপনৰ বাবে সিদ্ধান্ত আৰু মহিলাৰ সবলীকৰণৰ বাবেও কেইবাখনো আঁচনি ঘোষণা কৰা হৈছে৷ অনুসূচিত জাতি/অনুসূচিত জনজাতি, পিছপৰা সম্প্রদায়ৰ প্রথমবাৰৰ উদ্যোগী মহিলাৰ কাৰণে ২ কোটি টকাৰ ঋণৰ ব্যৱস্থাৰ প্রস্তাৱ লোৱা হৈছে৷ মধ্যবিত্তক ৰেহাইৰে দাখিল কৰা বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ নির্মল বাজেটত কৰৰ নতুন ব্যৱস্থা ঘোষণা কৰা হৈছে৷ মধ্যবিত্ত শ্রেণীক সকাহ দি মাহিলি এক লাখকৈ টকা উপার্জন কৰা লোকে কোনো কৰ দিব নালাগে৷ অর্থাৎ বছৰি ১২ লাখ টকা উপার্জনকাৰীয়ে কৰৰ পৰা ৰেহাই পায়৷ ঠিক তেনেদৰে দৰমহাপ্রাপ্ত কর্মচাৰীয়ে ১২.৭৫ লাখ টকাৰ পৰা ৭৫ হাজাৰ টকা ৰেহাই পাব৷ ইপিনে, নতুন কৰ ব্যৱস্থা অনুসৰি চাৰি লাখ টকালৈকে উপার্জনকাৰীয়ে এটকাও কৰ দিব নালাগে৷ অর্থাৎ বার্ষিক চাৰি লাখ টকা উপার্জন কৰা লোকে কৰ দিব নালাগে৷ তেনেদৰে চাৰি লাখৰ পৰা ৮ লাখলৈকে উপার্জনকাৰীয়ে ৫ শতাংশ, ৮ লাখৰ পৰা ১২ লাখলৈকে ১০ শতাংশ, ১২ৰ পৰা ১৬ লাখলৈকে ১৫ শতাংশ, ১৬ৰ পৰা ২০ লাখলৈকে ২০ শতাংশ, ২০ৰ পৰা ২৪ লাখলৈকে ২৫ শতাংশ আৰু ২৪ লাখৰ ঊর্ধ্বৰ উপার্জনকাৰীয়ে ৩০ শতাংশ কৰ দিব লাগিব৷ মধ্যবিত্তক সকাহ দিয়া বাজেটখনত বিকশিত ভাৰতৰ নীতিৰ আধাৰত দৰিদ্রশূন্য, স্কুল শিক্ষাত এশ শতাংশ ভাল মান, উচ্চ মানৰ বহনক্ষম স্বাস্থ্যসেৱা, সংস্থাপনৰ বাবে এশ শতাংশ দক্ষ শ্রমিক, অর্থনৈতিক কার্যকলাপত ৭০ শতাংশ মহিলা আৰু কৃষকে দেশক বিশ্বৰ খাদ্যৰ ভঁৰাল হিচাপে গঢ়ি তোলাত প্রাধান্য দিয়া হৈছে৷ কৃষিখণ্ডৰ পৰা শিক্ষাখণ্ড, স্বাস্থ্যখণ্ডৰ পৰা ক্রীড়াখণ্ডলৈকে, প্রতিৰক্ষা খণ্ডৰ পৰা আন বহুতো খণ্ডত পূর্বৰ বাজেটতকৈ অধিক পুঁজি আবণ্টন দি দেশক বিকশিত কৰি তুলিবলৈ ৰূপৰেখা প্রস্তুত কৰা হৈছে৷ বিত্তমন্ত্রী সীতাৰমণে দাখিল কৰা কেন্দ্রীয় বাজেট ২০২৫–২৬ত মূল ব্যয় ৫০.৬৫ লাখ কোটি টকা৷ ইয়াৰে ৰাজহ সংগ্রহ ২৮.৩৭ লাখ কোটি আৰু ঋণ ৩৪.৯৬ লাখ কোটি টকা৷ বাজেটত বিত্তীয় ঘাটি জিডিপিৰ ৪.৪ শতাংশত সীমাবদ্ধ ৰখাৰ পৰিকল্পনা৷ লক্ষণীয় যে বাজেটত উল্লেখ কৰা মতে, বজাৰৰ পৰা ঋণ সংগ্রহ ১৪.৮২ লাখ কোটি টকা আৰু মূলধন ব্যয় ১১.২১ লাখ কোটি টকা (জিডিপিৰ ৩.১ শতাংশ)৷ কৃষি আৰু শিক্ষাখণ্ডত বাজেটখনত কেইবাটাও নতুন পৰিকল্পনা ঘোষণা কৰা হৈছে৷ শিক্ষাত এআইৰ অন্তর্ভুক্তিৰে দেশত ৫টা ৰাষ্ট্রীয় এআইৰ কেন্দ্র স্থাপন কৰিব৷ চৰকাৰী বিদ্যালয়ত অটল টিংকাৰিং লেব, চৰকাৰী বিদ্যালয়সমূহত ব্রডবেণ্ড ইণ্টাৰনেট, আইআইটি উন্নীতকৰণৰ প্রস্তাৱ লোৱা হৈছে৷ আনহাতে, স্বাস্থ্যখণ্ডত দেশৰ সকলো জিলাত ডে’ কেয়াৰ কর্কট কেন্দ্র স্থাপনৰ সিদ্ধান্ত লৈ ২০২৬ বর্ষত ২০০ কেন্দ্র স্থাপন কৰিব৷ আনপিনে, কৃষিখণ্ডত দেশৰ এশ কম উৎপাদনশীল গাঁৱক সাঙুৰি লৈ প্রধানমন্ত্রী ধন–ধান্য কৃষি যোজনা মুকলি কৰা হ’ব৷ দাইলৰ ক্ষেত্রত আত্মনির্ভৰশীল হোৱাৰ বাবেই চৰকাৰে নতুন অভিযান আৰম্ভৰ ঘোষণা কৰিছে৷ শাক–পাচলি আৰু ফল–মূলৰ কাৰণেও এক কার্যসূচীৰ সিদ্ধান্ত লৈছে বাজেটত৷ বিহাৰত মাখনা ব’ৰ্ড গঠনৰ ঘোষণা কৰা হৈছে সীতাৰমণৰ বাজেটত৷ কৃষিৰ লগতে এমএছএমই বিনিয়োগ আৰু ৰপ্তানিত অধিক গুৰুত্ব দিয়া হৈছে৷ বাজেটখনত কৃষিক দেশৰ বিকাশৰ প্রথম ইঞ্জিন হিচাপে অভিহিত কৰাৰ বিপৰীতে এমএছএমইক দ্বিতীয়, বিনিয়োগক তৃতীয় আৰু ৰপ্তানিক চতুর্থ ইঞ্জিন হিচাপে ব্যাখ্যা কৰি বাজেটখনত এই বিষয় চাৰিটাত চৰকাৰে অধিক গুৰুত্ব দিছে৷ কৃষিৰ পৰা ৰপ্তানিলৈকে বিভিন্ন আঁচনি আৰু কার্যসূচী গ্রহণ কৰিছে বাজেটত৷ আনপিনে, কর্কটৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি বাজেটত কর্কটসহ বিভিন্ন ৰোগৰ ৩৬ জীৱনদায়িনী ঔষধত কৰ ৰেহাই দিয়া হৈছে৷ সংস্কাৰক ইন্ধন হিচাপে লৈ বাজেটত বিভিন্ন ক্ষেত্রত সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ প্রতিৰক্ষা শিতানত অভিলেখসংখ্যক পুঁজি আবণ্টন দি বাজেটত দেশখনক প্রতিৰক্ষাত আত্মনির্ভৰশীল হোৱাত গুৰুত্ব আৰোপ কৰা হৈছে৷ সশস্ত্র বাহিনীক আত্মনির্ভৰশীল আৰু অত্যাধুনিক প্রযুক্তিৰে শক্তিশালী কৰি তুলিবলৈ প্রতিৰক্ষা খণ্ডত বাজেটত ৬.৮১ লাখ কোটি টকা ধার্য কৰা হৈছে৷ ইপিনে, প্রত্যক্ষ বিদেশী বিনিয়োগৰ জৰিয়তে দেশৰ অর্থনীতি সবল কৰাৰ সিদ্ধান্ত লৈ বাজেটত বীমাখণ্ডত এফডিআই ৭৪ শতাংশৰ পৰা এশ শতাংশলৈ বৃদ্ধি কৰিছে৷ উল্লেখ্য যে বিকশিত ভাৰতৰ লক্ষ্যৰে বাজেটত কৃষিৰ পৰা শিক্ষালৈ পুঁজি বৃদ্ধি কৰা হৈছে যদিও ৰে’ল, পৰিবহণ, বিজ্ঞান–প্রযুক্তিকে ধৰি আন কেইবাটাও খণ্ডত পূর্বতকৈ অধিক কম গুৰুত্ব দিয়া প্রতিফলিত হৈছে৷ কেন্দ্রীয় বাজেটৰ লগত একেলগে সাঙুৰি লোৱা ৰে’লৰ ক্ষেত্রত এইবেলি চৰকাৰে ২.৫২ লাখ কোটি টকা ধার্য কৰিছে৷ ২০০ বন্দে ভাৰত ৰে’ল নির্মাণতো অনুমোদন জনোৱা হৈছে৷ আন্তঃগাঁথনি সংস্কাৰক প্রাধান্য দি ৰাজ্য চৰকাৰসমূহৰ কাৰণে ১.৫ লাখ কোটিটকীয়া বিনামূলীয়া ঋণ প্রদান কৰা হ’ব৷ দেশৰ সকলো প্রান্তৰ ভাৰসাম্য বিকাশেৰে সবকা বিকাশ মন্ত্রক সাঙুৰি বিত্তমন্ত্রী সীতাৰমণে দাখিল কৰা সাধাৰণ বাজেটখনক ভূয়সী প্রশংসা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ সহযোগী দলসমূহে বাজেটখনক লৈ সন্তুষ্টি ব্যক্ত কৰাৰ বিপৰীতে কংগ্রেছসহ বিৰোধীয়ে বাজেটখনক লৈ অসন্তুষ্টি প্রকাশ কৰিছে৷

You might also like