দিনাজপুৰত বাংলাদেশী দুষ্কৃতিকাৰীৰ ভাৰতত প্ৰৱেশৰ অবৈধ প্ৰচেষ্টা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ পশ্চিম বংগ সীমান্তৰ মাজেৰে ভাৰতলৈ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে আজি পুৱা বি এছ এফৰ এটা টহলদাৰী দলক আক্ৰমণ কৰি এজন জোৱান আহত কৰে। অনুপ্ৰৱেশকাৰীয়ে বৃহৎসংখ্যক লাঠী লৈ আহিছিল আৰু তেওঁলোকৰ হাতত তাঁৰ কাঁটাও আছিল। বি এছ এফৰ জোৱানসকলে যেতিয়া তেওঁলোকক প্ৰত্যাহ্বান জনাইছিল, তেতিয়া তেওঁলোকে ৰৈ থকাৰ পৰিৱৰ্তে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। এই ঘটনা আজি পুৱা সংঘটিত হয়। দক্ষিণ দিনাজপুৰৰ সমীপৰ মালিকপুৰ গাঁৱত বাংলাদেশী দুষ্কৃতিকাৰীৰ এটা দলে চোৰাং ব্যৱসায় বা ডকাইতিৰ অবৈধ প্ৰচেষ্টা চলাইছিল। ভাৰতৰ সীমান্তত প্ৰৱেশ কৰা বিএছএফৰ জোৱানসকলে তেওঁলোকক ৰ’বলৈ কয় যদিও ৰৈ থকাৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীয়ে বিএছএফৰ জোৱানক আক্ৰমণ কৰে। বিএছএফৰ সৈন্যই তেওঁলোকক বাধা দিবলৈ অমাৰাত্মক গোলাবাৰুদেৰে গুলীচালনা কৰে যদিও বাংলাদেশী নাগৰিকে আগ্ৰাসন অব্যাহত ৰাখি বিএছএফ দলটোক ঘেৰাও কৰে। দুষ্কৃতিকাৰীয়ে বি এছ এফৰ জোৱানৰ ডব্লিউ পি এন কাঢ়ি নিবলৈ চেষ্টা কৰে আৰু এই কাজিয়াত বি এছ এফৰ জোৱান আহত হয়। নিজৰ জীৱনৰ প্ৰতি বিপদ অনুভৱ কৰি বি এছ এফৰ জোৱানসকলে আত্মৰক্ষাৰ বাবে বাংলাদেশী দুষ্কৃতিকাৰীৰ ওপৰত গুলীচালনা কৰে, যাৰ ফলত তেওঁলোক পলায়ন কৰে। পিছত অঞ্চলটোত তালাচী চলোৱাত এজন বাংলাদেশী অপৰাধী আহত অৱস্থাত উদ্ধাৰ হয়। সেই বাংলাদেশীজনক ততাতৈয়াকৈ বি এছ এফে চিকিৎসাৰ বাবে গংগাৰামপুৰ হাস্পতাললৈ লৈ যায়। সেই স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ, লাঠী আৰু তাঁৰ কাঁটা উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি এজন আহত জোৱানকো চিকিৎসালয়লৈ লৈ যোৱা হয়। বাংলাদেশী অপৰাধীয়ে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এইটোৱেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ সীমান্তত বাধা দিবলৈ চেষ্টা কৰিছিল বি এছ এফৰ জোৱানে। বহু সময়ত ধৰা পৰি চুবুৰীয়া দেশৰ হাতত তুলি দিয়া হৈছিল।