নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ আয়োজন

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰী : উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ ঢকুৱাখনাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বার্ষিক পালনামভাগি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্রস্তুতি চলিছে। শ্রীশ্রী বাসুদেৱ থান নৰোৱা সত্ৰ প্রাংগণত বিগত ৬৮ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ১১ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। সুদীৰ্ঘ কাল পালনাম ভাগ নিৰবিচ্চিন্নভাৱে উদযাপন কৰি আহিছে সত্ৰৰ পৰিচালনা সমিতিৰ লগতে ভকত-বৈষ্ণৱসকলে। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি এই পালনাম মহোৎসৱৰ তিনিওটা দিনৰ কাৰ্যসূচীত আইসকলৰ নাম, সমূহীয়া নাম-প্ৰসংগ,প্ৰাতঃ প্ৰসংগ, পালনাম-দিহানাম,ঘোষা পাঠ আদিৰ আয়োজন কৰা বুলি উৎসৱ উপ-সমিতিৰ সভাপতি যগেশ্বৰ চুতীয়া আৰু সম্পাদক অভিজিত দেৱ গোস্বামীয়ে জানিবলৈ দিছে। কাৰ্যসূচী অনুসৰি ১১ ফেব্ৰুৱাৰীৰ সন্ধ্যা বন্তি প্ৰজ্বলনেৰে পালনাম মহোৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে। উক্ত তিনিদিনীয়া পালনাম কাৰ্যসূচীত শিৱসাগৰৰ কোৱামৰা সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন গোস্বামী, নগাঁওৰ বালিসত্ৰৰ ডেকাসত্ৰীয়া কমল গোস্বামী,নগাঁও আইভেটিৰ শ’লগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ শচিন্দ্ৰ দেৱ গোস্বামী, বুবুল মহন্ত আৰু মাজুলীৰ প্রাচীন চামগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভৰত মহন্ত আদিয়ে নামাচাৰ্য,দুহাচাৰ্য আৰু পাঠাচার্য কৰিব। পালনামৰ তিনিওটি দিনৰ কাৰ্যসূচীত ধর্মপ্রাণ ভকত-বৈষ্ণৱসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতি আৰু শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ পৰিচালনা সমিতিয়ে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like