ছাত্ৰক চোকা কা*টাৰেৰে আ*ক্ৰমণকাৰী প্ৰধান শিক্ষকক আটক
নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ চলি থকা গুণোৎসৱ কাৰ্যসূচীৰ মাজতে কাছাৰ জিলাৰ এখন স্কুলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কাছাৰৰ বাঁশকান্দি এম ভি স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ এজনক বিদ্যালয়ৰ প্ৰধান শিক্ষকে চোকা কাগজ কাটাৰেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ উত্থাপন হৈছে। কালি লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তর্গত বাঁশকান্দি এম ভি বিদ্যালয়খনত সংঘটিত হয় এই ঘটনা। আঘাতপ্রাপ্ত হাতৰ কব্জিৰ তেজ বন্ধ কৰিবলৈ ৯টা চিলাইৰ প্ৰয়োজন হৈছে। জানিব পৰা মতে,কালি গুণোৎসৱ চলি থকাৰ সময়তে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে জিলাখন ভ্ৰমণ কৰিছিল। শিক্ষামন্ত্ৰীৰ ভ্ৰমণ কৰাৰ এই ঘটনা সংঘটিত হৈছিল যদিও বিষয়টো স্কুল কতৃপক্ষই লুকুৱাই ৰাখিছিল। কিন্তু ছাত্ৰ গৰাকীৰ পৰিয়ালে বাঁশকান্দি আৰক্ষী চকীত অভিযোগ দায়েৰ কৰাৰ পিছত ঘটনাটো পোহৰলৈ আহিছে। আৰক্ষীয়ে ইতিমধ্যে বাঁশকান্দি এম ভি স্কুলৰ প্ৰধান শিক্ষক বদৰ উদ্দিন মজুমদাৰক আটক কৰিছে। ইপিনে সপ্তম শ্ৰেণীৰ ছাহিদ আহমেদ নামৰ ছাত্ৰজনৰ হাতৰ কব্জিত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ বর্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। খবৰ অনুসৰি, গুণোৎসৱৰ মূল্যায়ন চলি থকাৰ সময়তে প্রধান শিক্ষক বদৰ উদ্দিন মজুমদাৰে ছাত্রজনক চোকা কাগজৰ কাটাৰেৰে আক্ৰমণ কৰাৰ অভিযোগ। প্রত্যক্ষদর্শীয়ে দাবী কৰে যে প্ৰধান শিক্ষকে ল’ৰাজনৰ ডিঙিৰ ওচৰত ব্লেডখন ৰাখিছিল আৰু তেতিয়া নিজকে ৰক্ষা কৰাৰ প্ৰয়াস কৰে ছাত্ৰজনে আৰু তেতিয়া তাৰ হাতৰ কব্জিত গভীৰভাৱে কাটি যায়।এই আক্ৰমণৰ পিছতে ছাহিদৰ পৰিয়ালে সংকটজনক অৱস্থাত তাক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে তথ্য লাভ কৰাৰ লগে লগে বিদ্যালয়ত উপস্থিত হৈ অভিযুক্ত প্রধান শিক্ষকজনক আটক কৰে। ছাত্ৰ গৰাকীৰ সহপাঠীয়ে কয়,’আমি বন্ধু-বান্ধৱীৰ মাজত খেলি আছিলো। ছাৰ (হেডমাষ্টাৰ বদৰ উদ্দিন মজুমদাৰ) আহি ছাহিদ আহমেদৰ ডিঙিত কাটাৰ ব্লেড লগাই মূৰ কাটিব বুলি সকীয়াই দিছিল। ইয়াৰ ভয়ত সি হাতখনেদি ৰক্ষা কৰিবলৈ চেষ্টা চলায় আৰু তাৰ হাতৰ কব্জি কাটি যায়। গভীৰ কাটি যোৱাৰ বাবে তাৰ শিৰাবোৰো ওলাই আহে। অৱশ্যে প্ৰধান শিক্ষক মজুমদাৰে এই অভিযোগ অস্বীকাৰ দাবী কৰি কয় যে,তেওঁ কেৱল ছাত্র-ছাত্ৰীৰ মাজত হোৱা কাজিয়াত হস্তক্ষেপ কৰিছিল আৰু ছাত্ৰজনে হাত লৰচৰ কৰাত ভুলবশতঃ আঘাত পাইছে। তেওঁ কয় যে, তেওঁৰ হাতত প্ৰশ্নকাকতৰ খামৰ ছীল খুলিবলৈ কাটাৰটো আছিল আৰু আনকি তেওঁ আহত ছাত্রজনক প্রাথমিক চিকিৎসাৰ বাবে ফার্মাচীলৈও লৈ গৈছিল। বিশেষকৈ গুণোৎসৱৰ অংশ হিচাপে শিক্ষামন্ত্রী ৰনোজ পেগু জিলাখনত বিদ্যালয় পৰিদৰ্শন কৰি থকাৰ সময়তে এই ঘটনাই ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। ইফালে, সূত্ৰৰ পৰা জানিব পৰা মতে, এদল মধ্যভোগীয়ে ভুক্তভোগীৰ পৰিয়ালৰ বিৰুদ্ধে ধন আগবঢ়াই আৰু ভয়-ভাবুকিৰ কৌশল ব্যৱহাৰ কৰি গোচৰটো দমন কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পূৰ্বেও একেজন প্রধান শিক্ষকৰ দ্বাৰা নাবালক ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে যৌন নির্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ ফলত এই গোচৰক লৈ বিতৰ্ক আৰু অধিক তীব্ৰতৰ হৈ পৰিছে।অভিযোগৰ ভিত্তিত বাঁশকান্দি আৰক্ষীয়ে প্ৰধান শিক্ষক মজুমদাৰক গ্ৰেপ্তাৰ কৰিছে, আৰু অধিক তদন্ত চলি আছে।
প্ৰেৰক গৌতম তালুকদাৰ