অসমীয়া জাতীয় জীৱনক আধ্যাত্মিক, সামাজিক আৰু সংস্কৃতিৰ একতাৰ ডোলেৰে বান্ধি বৰ অসমৰ ভেটি সবল কৰাৰ বাবে অহোপুৰুষার্থ কৰিছিল মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে৷ গুৰুজনাৰ আদর্শৰাজি কেৱল বত্তৃণতাৰে নহয়, বিদ্যায়তনিক ক্ষেত্রৰে বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ সপক্ষে মত ব্যক্ত কৰিছে শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্রনাথ ডেকাই৷
‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিভিন্ন দিশ সম্পর্কে কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে চতুর্থবাৰৰ বাবে সংঘৰ পদাধিকাৰৰ দায়িত্ব লাভ কৰা ভবেন্দ্রনাথ ডেকাই৷ গুৰুজনাৰ আদর্শৰাজিক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ ক্ষেত্রত বিভিন্ন সময়ত বহুতেই বহু কথা ব্যক্ত কৰি অহাৰ সময়তে তেওঁ কয়– বিশ্ববিদ্যালয় শিক্ষাৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজি সমগ্র বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্রয়াস আমি কৰি আছোঁ৷ কেৱল বত্তৃণতাৰে নহয়, বিদ্যায়তনিক ক্ষেত্রৰে গুৰুজনাৰ আদর্শৰাজি আগুৱাই নিব পৰা যাব বুলি আমাৰ দৃঢ় বিশ্বাস৷
শ্রীমন্ত শংকৰদেৱ সংঘ সন্দর্ভতো তেওঁ কয়– ২৭টা জনগোষ্ঠী সমৱেত হৈ মহামিলনৰ এক পুণ্যতীর্থত পৰিণত হৈছে সংঘ৷ বৰ অসমৰ ভেটি সবল কৰাৰ ক্ষেত্রত আমি বিভিন্ন ধৰণে কাম কৰি আহিছোঁ আৰু সেয়া আমাৰ বাবে পৰম সন্তুষ্টিৰ কাৰক৷ যুৱপ্রজন্মৰ ভৱিষ্যতক লৈ তেওঁ কয় যে বর্তমান বিশ্বায়নৰ প্রভাৱত কেৱল অসমতে নহয়, দেশ আৰু বিশ্বত যুৱপ্রজন্মৰ এটি অংশৰ স্খলন হৈছে৷ যিহেতু যুৱপ্রজন্ম দেশ আৰু জাতিৰ ভৱিষ্যৎ, গতিকে তেওঁলোকৰ স্খলন হ’লে দেশৰ ক্ষতি হয়৷ এইক্ষেত্রত মাদক দ্রব্যৰ আসক্তি দূৰ কৰি সৎ চৰিত্র গঠনত গুৰুত্ব আৰোপেৰে তেওঁ কয় যে নৈতিক আৰু মানৱীয় গুণেৰে যুৱ চামক সুসংগঠিত কৰি এক আদর্শ গঢ়ি তোলাৰ বাবে সংঘই বিভিন্ন কাম কৰি আছে৷ মাদক দ্রব্যৰ বিৰুদ্ধেও সংঘৰ সেৱা বাহিনীয়ে সমগ্র ৰাজ্যতে সজাগতা কার্যসূচী সম্পন্ন কৰিছে৷
একেদৰে ৰাজ্যৰ অর্থনৈতিক দিশ সন্দর্ভতো তেওঁ কয় যে অসমত অসমীয়াগিৰি কৰিবলৈ হ’লে স্বাৱলম্বী হ’ব লাগিব৷ অসমীয়াই কেৱল হাঁহ–কুকুৰা পালন কৰি থাকিলেই নহ’ব৷ উদ্যোগো স্থাপন কৰিব লাগিব৷ অন্নৰ ব্যৱসায়েই হওক বা আন উদ্যোগেই হওক অসমীয়াৰ হাতত থাকিব লাগিব৷ চৰকাৰেও চাউল দিয়াতকৈ কর্মসংস্থাপনৰ দিহা কৰিব লাগে৷ খেতিৰ বাবে মাটি আবণ্টন দিব লাগে, যাতে সকলোৱে স্বনির্ভৰশীল হ’ব পাৰে৷ বিভিন্ন সময়ত সংঘৰ কিছুমান বিষয়ববীয়াকৈ লৈ বহুধৰণৰ বিতর্কৰ সৃষ্টি হৈ অহাৰ বিষয়টো উনুকিয়াই দিয়াত পদাধিকাৰগৰাকীয়ে কয় যে গণতান্ত্রিক অনুষ্ঠানত কেতিয়াবা বিতর্ক হোৱাটো স্বাভাৱিক, যিহেতু সকলো মানুহৰে মন একে নহয়৷ সংঘৰ সংবিধান ইমানেই কটকটীয়া যে কোনোৱে ইয়াক অমান্য কৰিব নোৱাৰে৷ বিতর্কই সংঘক শেষ কৰি দিব নোৱাৰে৷ কাৰণ সংঘৰ সংবিধানৰ প্রতি লক্ষ লক্ষ ভক্তৰ গভীৰ বিশ্বাস আৰু আস্থা আছে৷ কথা প্রসংগত পদাধিকাৰগৰাকীয়ে সাংস্কৃতিক সমন্বয়ৰ কথাও উল্লেখ কৰি কয় যে সকলো অসমীয়া মানুহৰ মাজত সমন্বয় থাকিব লাগিব৷ সাংস্কৃতিক সমন্বয়ৰ ক্ষেত্রত সংঘই বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে৷ জনগোষ্ঠীয় ভাষা, কৃষ্টি–সংস্কৃতি যদি আগবঢ়াই নিব পৰা যায়, তেন্তে অসমীয়া জাতি সামগ্রিকভাৱে শক্তিশালী হ’ব৷ পৰৱর্তী সময়ত সংঘৰ মজিয়াৰ মাধ্যমেৰে বৰ অসমৰ ভেটি সবল কৰাৰ ক্ষেত্রত প্রয়োজনীয় সকলো ব্যৱস্থাই গ্রহণ কৰা হ’ব বুলিও পদাধিকাৰ ভবেন্দ্র নাথ ডেকাই উল্লেখ কৰে৷