নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটকত আজি ইংলেণ্ডৰে ৰোহিত বাহিনীৰ দ্বিতীয় এদিনীয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ কটকত এদিনীয়া শৃংখলা দখলৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি কটকত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাৰ প্রথমখন মেচত বিজয় সাব্যস্ত কৰি অগ্রগতি লাভ কৰা ভাৰতীয় দলটোৱে কটকত ইংৰাজ বাহিনীক পৰাস্ত কৰি ২–০ৰ অগ্রগতিৰে এদিনীয়া শৃংখলাটো দখল কৰাৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ অৱশ্যে মেচখনৰ পূর্বে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাৰ দুর্বল ফর্মে দলটোক কিছু পৰিমাণে চিন্তিত কৰি তুলিছে৷ ইফালে আঘাতৰ পৰা আৰোগ্য লাভ কৰা বিৰাট কোহলিয়ে আজিৰ মেচখনত খেলাটো প্রায় খাটাং৷ আঘাতৰ বাবে প্রথমখন এদিনীয়াত অংশ লোৱাৰ পৰা বিৰত আছিল তাৰকা বেটাৰগৰাকীয়ে৷ ইফালে কোহলিৰ প্রত্যাৱর্তনত মূল একাদশৰ পৰা কোন খেলুৱৈক বাদ দিয়া হ’ব তাক লৈ দোমোজাত পৰিছে ভাৰতীয় দলটো৷ যদি কোহলিয়ে মূল একাদশত স্থান লাভ কৰে তেতিয়াহ’লে আজিৰ মেচখনত যশস্বী জয়ছোৱাল অথবা শ্রেয়াছ আয়াৰে মূল একাদশৰ পৰা বাদ পৰাৰ পূর্ণ সম্ভাৱনা আছে৷ অৱশ্যে প্রথমখন মেচত আয়াৰে দর্শনীয় অর্ধশতকীয় ইনিংছ খেলি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাক লৈ চাই মেচখনত জয়ছোৱাল বাদ পৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ইফালে শৃংখলাটোত প্রত্যাৱর্তনৰ লক্ষ্যৰে মেচত নামিব ইংৰাজ বাহিনী৷ প্রথমখন মেচত পৰাস্ত হ’লেও সতীর্থসকলে চাপত থকা নাই বুলি উল্লেখ কৰি দলটোৰ অধিনায়ক বাটলাৰে কয় যে মেচখনত জয়লাভ কৰি শৃংখলাটোত বর্তি থকাটোৱে তেওঁলোকৰ প্রধান লক্ষ্য৷

খেলৰ সময়ঃ দুপৰীয়া ১.৩০ বজা৷

You might also like