শচীন–দ্রাবিড়–গেইলক অতিক্রম ৰোহিতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ফেব্ৰুৱাৰীঃ অৱশেষত দূৰ হ’ল ভাৰতীয় ক্রিকেট অনুৰাগীৰ দীর্ঘদিনীয়া চিন্তা৷ চেম্পিয়নছ ট্ৰফীৰ পূর্বে প্রতিগৰাকী ভাৰতীয় ক্রিকেট অনুৰাগীক সকাহ দিলে হিটমেন ৰোহিতে৷ দীঘলীয়া সময় ধৰি ৰান সংগ্রহৰ বাবে পৰিশ্রম কৰিবলগা ভাৰতীয় অধিনায়কগৰাকী অৱশেষত উভতিল পৰিচিত ফর্মলৈ৷ কটকত স্বকীয় শৈলীৰে শতক অর্জন কৰি ফর্মলৈ উভতি অহাৰ ইংগিত দিয়ে ৰোহিতে৷ বিস্ফোৰক বেটিঙেৰে মাত্র ৯০টা বলত ৭টা ছয় আৰু ১২টা চাৰিৰে ১১৯ ৰান কৰি ৰোহিতে বহুকেইগৰাকী কিংবদন্তি প্রাক্তন তাৰকাক অতিক্রম কৰি একাধিক অভিলেখো গঢ়ে৷ কটকত ৰোহিতে এদিনীয়া কেৰিয়াৰৰ ৩২সংখ্যক আৰু সামগ্রিকভাৱে আন্তঃৰাষ্ট্রীয় কেৰিয়াৰত ৪৯সংখ্যক শতক অর্জন কৰে৷ ৰোহিতে ক্রিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰৰ এক অভিলেখ ভংগ কৰে৷ শচীনক অতিক্রমি ৰোহিত এতিয়া ৩০ বছৰ বয়সৰ পিছত সর্বাধিক শতক অর্জন কৰা ভাৰতীয় বেটাৰ হিচাপে পৰিগণিত হৈছে৷ এইপর্যন্ত ৰোহিতে ৩০ বছৰ বয়সৰ পিছত ৩৬টা শতক অর্জন কৰিছে৷ ইয়াৰ পূর্বে শচীনে ৩৫ শতকেৰে এইক্ষেত্রত শীর্ষত আছিল৷ ৰোহিতে লগতে আন্তঃৰাষ্ট্রীয় ক্রিকেটত সর্বাধিক শতক অর্জন কৰাৰ ক্ষেত্রত ৰাহুল দ্রাবিড়ক অতিক্রম কৰে৷ দ্রাবিড়ে নিজৰ কেৰিয়াৰত ৪৮টা শতক অর্জন কৰিছিল৷ ৰোহিতে লগতে এদিনীয়াত সর্বাধিক ৰান সংগ্রহৰ ক্ষেত্রতো দ্রাবিড়ক অতিক্রম কৰে৷ এইপর্যন্ত ৰোহিতে এদিনীয়াত ১০,৯৮৭ ৰান সংগ্রহ কৰাৰ বিপৰীতে দ্রাবিড়ে এই ফর্মেটত ১০,৮৮৯ ৰান সংগ্রহ কৰিছিল৷ ইয়াৰ উপৰি ভাৰতীয় অ’পেনাৰ হিচাপে সর্বাধিক ৰান সংগ্রহৰ ক্ষেত্রত শচীনক অতিক্রম কৰে ৰোহিতে৷ অ’পেনাৰ হিচাপে ৰোহিতে ৩৬৮ ইনিংছত ১৫,৪০৪ ৰান সংগ্রহ কৰাৰ বিপৰীতে শচীনে ১৫,৩৩৫ ৰান সংগ্রহ কৰিছিল৷ ইফালে সক্রিয় খেলুৱৈৰ ভিতৰত আন্তঃৰাষ্ট্রীয় ক্রিকেটত সর্বাধিক শতক অর্জন কৰাৰ ক্ষেত্রত তেওঁ তৃতীয় স্থানত উপনীত হৈছে৷ ৰোহিতে ৫২৬ ইনিংছত ৪৯টা শতক অর্জন কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে ৮১টা শতকৰে প্রথম আৰু জ’ ৰুটে ৫২টা শতকৰে দ্বিতীয় স্থানত আছে৷ হিটমেন ৰোহিতে লগতে ছয় কোবোৱাৰ ক্ষেত্রতো ভংগ কৰিছে অভিলেখ৷ এদিনীয়াত এতিয়ালৈকে ৰোহিতে ২৫৯ ইনিংছত ৩৩৮টা ছয় কোবাইছে৷ তেওঁ ৱেষ্ট হণ্ডিজৰ প্রাক্তন তাৰকা ক্রিছ গেইলক অতিক্রম কৰি দ্বিতীয় স্থানলৈ উন্নীত হয়৷ এইক্ষেত্রত পাকিস্তানৰ প্রাক্তন তাৰকা শ্বাহিদ আফ্রিদী ৩৬৯ ইনিংছত ৩৫১টা ছয় কোবাই শীর্ষত আছে৷ ইপিনে, এদিনীয়াত তেওঁ অধিনায়ক হিচাপে প্রথম ৫০খন মেচৰ ভিতৰত ৩৯খনত জয়লাভ কৰি ক্লাইভ লয়ড, ৰিকি পণ্টিং আৰু বিৰাট কোহলিক স্পর্শ কৰে৷