মৰিয়নি স্বাস্থ্য কেন্দ্ৰৰ মাটি বেদখলমুক্ত প্ৰশাসনৰ
বিশেষ বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ মৰিয়নি নগৰৰ ৫নং ৱাৰ্ডৰ বাপুজী ষ্টেডিয়ামৰ গাতে লাগি থকা এডোখৰ চৰকাৰী মাটি আজি প্ৰশাসনে বেদখলমুক্ত কৰে। মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নামত থকা এই মাটিখিনিত দীৰ্ঘদিন ধৰি একাধিক পৰিয়ালে বেদখল চলাই ঘৰ সাজি বসবাস কৰি আছিল। ঠাইডোখৰ মুক্ত কৰি দিবৰ বাবে মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়াই কেবাবাৰো জাননী জাৰি কৰিছিল যদিও পৰিয়ালকেইটাই গুৰুত্ব দিয়া নাছিল। শেহতীয়াকৈ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ঠাইডোখৰ বেদখল মুক্ত কৰিবৰ বাবে পৰিয়ালকেইটাক অন্তিম সময় বান্ধি দিয়ে। তৎস্বত্বেও ঠাইডোখৰ এৰি নিদিয়াত ঘৰকেইটা উচ্ছেদ কৰাৰ উদ্দেশ্যে প্ৰশাসন, আৰক্ষী আৰু বিদ্যুৎ বিভাগৰ এটা দল আজি দুপৰীয়া উক্ত স্থানত উপস্থিত হয়। কিন্তু পৰিয়ালকেইটাই ঘৰ এৰি নিদিয়াৰ লগতে প্ৰশাসনৰ কামত বাধা আৰোপ কৰাত মহিলা আৰক্ষী সহ অতিৰিক্ত আৰক্ষী মোতায়েন কৰি এক্সকেভেটৰৰ সহায়ত তিনিটাকৈ ঘৰ সম্পূৰ্ণৰূপে উচ্ছেদ কৰে আৰু স্বাস্থ্য বিভাগৰ ঠাইডোখৰ মুকলি কৰে। মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া কিষানজ্যোতি ডেকা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুনীন চুতীয়া আদি উচ্ছেদথলীত উপস্থিত থাকে। ঠাইডোখৰ বেদখলমুক্ত কৰাৰ স্থানীয় সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া