নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসৰ আজি দেহাৱসান ঘটে। মগজুৰ ৰক্তক্ষৰণৰ পিছত লক্ষ্ণৌৰ পিজিআইত চিকিৎসাধীন হৈ আছিল পুৰোহিতগৰাকী। চিকিৎসালয়ে জাৰি কৰা এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে অযোধ্যা ৰাম মন্দিৰৰ প্ৰধান পুৰোহিত সতেন্দ্ৰ দাসে আজি শেষ নিশ্বাস ত্যাগ কৰে। যোৱা ৩ ফেব্ৰুৱাৰীত ষ্ট্ৰোকত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত নিউৰ’লজী ৱাৰ্ডৰ এইচ ডি ইউত ভৰ্তি কৰোৱা হৈছিল। আচাৰ্য সত্যেন্দ্ৰ দাসে ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ‘ব্ৰেইন ষ্ট্ৰ’ক’ৰ বাবে সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি হোৱা শ্ৰীৰাম জন্মভূমি মন্দিৰ-অযোধ্যাৰ প্ৰধান পুৰোহিতগৰাকীয়ে পিজিআইত শেষ নিশ্বাস ত্যাগ কৰে। অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ প্ৰধান পুৰোহিত মহন্ত সত্যেন্দ্ৰ দাস (৮৫)ক ব্ৰেইন ষ্ট্ৰোকৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটাত ৩ ফেব্ৰুৱাৰীত লক্ষ্ণৌৰ সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল। ইফালে আচাৰ্য সত্যেন্দ্ৰ দাসৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ ছচিয়েল মিডিয়া চাইট এক্সত লিখিছে- ভগৱান ৰামৰ পৰম ভক্ত আৰু শ্ৰীৰাম জন্মভূমি মন্দিৰ, শ্ৰীঅযোধ্যা ধামৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ কুমাৰ দাসজী মহাৰাজৰ মৃত্যু অত্যন্ত দুখজনক আৰু সামাজিক আৰু আধ্যাত্মিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁক বিনম্ৰ শ্ৰদ্ধাঞ্জলি! ভগৱান শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে বিদেহ আত্মাক তেওঁৰ চৰণকমজত স্থান দিয়ক আৰু শোকগ্ৰস্ত শিষ্য আৰু অনুগামীসকলক এই অপৰিসীম ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। ওম শান্তি!

You might also like