ক্লীনশ্বুইপৰ লক্ষ্যৰে নামিব টীম ইণ্ডিয়া, সন্মান ৰক্ষাৰ যুঁজ ইংৰাজ বাহিনীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি তৃতীয় তথা অন্তিমখন এদিনীয়াত অৱতীর্ণ হ’ব ঘৰুৱা দল টীম ইণ্ডিয়াই৷ ভ্রমণকাৰী দল ইংলেণ্ড আৰু টীম ইণ্ডিয়াৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ অন্তিমখন মেচ আজি আহমেদাবাদত অনুষ্ঠিত হ’ব৷ প্রথম দুখন মেচত জয়লাভ কৰি ইতিমধ্যে শৃংখলা হস্তগত কৰা টীম ইণ্ডিয়াই আজিৰ মেচখনতো জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্য লৈছে৷ আগন্তুক চেম্পিয়নছ ট্রফীলৈ সাজু হোৱাৰ বাবে আজিৰ মেচখনতো জয়লাভ কৰাৰ বাবে ঘৰুৱা দলটোৱে চেষ্টাৰ অকণো ত্রুটি নকৰে বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই কয় যে আজিৰ মেচখন আমাৰ বাবে বিশেষ গুৰুত্বপূর্ণ নহয় যদিও চেম্পিয়নছ ট্রফীৰ প্রস্তুতি হিচাপে আমি মেচখনক অধিক গুৰুত্বসহকাৰে লৈছোঁ৷ কাৰণ চেম্পিয়নছ ট্রফীৰ পূর্বে এইখনেই হ’ব আমাৰ অন্তিমখন এদিনীয়া মেচ৷ গতিকে এই মেচখনত আমাৰ ভুলৰ শুধৰণি কৰাৰ বাবে এক সুযোগ লাভ কৰিছোঁ৷ ইফালে আজিৰ মেচখন বিৰাট কোহলিৰ বাবেও বিশেষ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ কাৰণ হেৰুওৱা ছন্দ ঘূৰাই অনাৰ বাবে হাবাথুৰি খাই ফুৰা কোহলিয়ে শৃংখলাৰ দ্বিতীয়খন মেচত দললৈ প্রত্যাৱর্তন কৰে যদিও বিফল হয়৷ সেয়েহে আজিৰ মেচখনত নিজৰ ফর্ম উদ্ধাৰৰ বাবে এক সুযোগ লাভ কৰিব তাৰকা বেটাৰগৰাকীয়ে৷ আনহাতে আজিৰ মেচখনত শুভমন গিল আৰু শ্রেয়াছ আয়াৰক বিশ্রাম দিয়াৰ সম্ভাৱনা আছে৷ মূল একাদশলৈ প্রত্যাৱর্তন ঘটাৰ সম্ভাৱনা আছে উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টৰ৷
খেলৰ সময়ঃ দিনৰ ১.৩০ বজা৷