আইএছআইৰে জড়িত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ!
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ফেব্ৰুৱাৰীঃ লোকসভাত কংগ্রেছ সংসদীয় দলৰ উপ–দলপতি তথা যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ বিৰুদ্ধে উত্থাপিত হৈছে পাকিস্তানৰে ঘনিষ্ঠ সম্পর্কৰ লগতে আইএছআইৰে জড়িত থকাৰ বিস্ফোৰক অভিযোগ৷ সামাজিক মাধ্যমত উত্থাপিত অভিযোগ অনুসৰি গৌৰৱ গগৈৰে বিবাহপাশত আবদ্ধ হোৱাৰ পূর্বে এলিজাবেথ কলবার্নে পাকিস্তানৰ ‘লিড’ নামৰ এটা এনজিঅ’ৰ হৈ ভাৰতত কাম কৰিছিল৷ এই এনজিঅ’টোৰ নেতৃত্বত আছিল পাকিস্তানৰ নাগৰিক তথা পাকিস্তানৰ পৰিকল্পনা আয়োগৰ মূল উপদেষ্টা আলী তৌকিৰ শ্বেখ৷ আলী তৌকিৰ শ্বেখ এনজিঅ’টোৰ মুখ্য কার্যবাহী উপদেষ্টা৷ লিডৰ অধীনস্থ প্রকল্প ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱর্ক, চমুকৈ চিডিকেএনৰ সমন্বয়ক আছিল এলিজাবেথ কলবার্ন৷ আইচিএলইএল নামৰ এটা সংস্থাৰ সহযোগত কাম কৰা লিডে লাভ কৰিছিল ২১ লাখ মার্কিন ডলাৰ৷ সামাজিক মাধ্যমত উত্থাপিত অভিযোগ অনুসৰি মার্কিন ‘দীপ টেৰট’ প্রবক্তা তথা ৰাষ্ট্রীয়তাবাদী বিৰোধী হিচাপে পৰিচিত জর্জ চৰছৰ সৈতেও এলিজাবেথ কলবার্নৰ সম্পর্ক আছিল৷ অসমৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান আৰু আইএছআইৰ সৈতে সম্পর্ক থকাৰ ভয়ংকৰ খবৰে ইতিমধ্যে ৰাজনৈতিক মহলত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রতিক্রিয়া প্রকাশ কৰি কয় যে কিছুমান গুৰুতৰ প্রশ্নৰ উত্তৰ দিব লাগিব৷ আইএছআইৰ সৈতে সম্পর্কৰ অভিযোগ, ব্রেইনৱাছ কৰি যুৱক–যুৱতীক মৌলবাদ বিয়পোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ পাকিস্তান দূতাৱাসলৈ লৈ যোৱা তথা ১২ বছৰ ধৰি ভাৰতীয় নাগৰিকত্ব ল’বলৈ অস্বীকাৰ কৰাৰ সম্পর্কত উঠা প্রশ্ণসমূহৰ উত্তৰ দিব লাগিব৷ তদুপৰি ৰাষ্ট্রীয় নিৰাপত্তা অস্থিৰ কৰাৰ বাবে ধর্মান্তৰকৰণ জোঁটত অংশগ্রহণ আৰু জর্জ চৰছকে ধৰি বাহ্যিক উৎসৰ পৰা পুঁজি লাভ কৰা আদি হৈছে গুৰুতৰ উদ্বেগপূর্ণ বিষয়, যাক কেতিয়াও এৰি দিব নোৱাৰি৷ কিছুক্ষেত্রত দায়বদ্ধতাৰ প্রয়োজন হয়৷ কেৱল দায়িত্বচ্যুত কৰি বা বেলেগ দিশলৈ মনোযোগ স্থানান্তৰ কৰি বিপথে পৰিচালিত কৰাৰ চেষ্টাৰে মূল বিষয়ৰ পৰা হাত সাৰিব নোৱাৰিব৷ আজি দেশে লুক–ঢ়াক নোহোৱাকৈ প্রকৃত সত্যক জানিবলৈ বিচাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে সোনকালেই হওক বা পলমকৈয়েই হওক জর্জ চৰছৰ পৰিস্থিতিতন্ত্রৰ নেতৃত্বত কেনেদৰে বৈদেশিক শক্তিয়ে ২০১৪ চনত অসম কংগ্রেছৰ এটা গুৰুত্বপূর্ণ সিদ্ধান্তক প্রভাৱিত কৰিছিল সেই কথা জানিবলৈ পোৱা যাব৷ আশা কৰিছোঁ যথাসময়ত সত্য নিশ্চিতভাৱে পোহৰলৈ আহিব৷ সেইদৰে আন এটা সামাজিক মাধ্যমৰ পোষ্টত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ছিংগাপুৰত ভাৰতৰ বৈদেশিক সেৱাৰ এগৰাকী বিষয়াৰ সৈতে হোৱা বার্তালাপৰ সময়ত জানিব পাৰে যে ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকলে বিদেশী নাগৰিকক বিয়া কৰাব নোৱাৰে৷ তদুপৰি অনুমতি পোৱাৰ পাছতো এক চর্তাৱলী থাকে যে পত্নীয়ে ছমাহৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব লাগিব৷ কিন্তু আমোদজনকভাৱে এই নিয়ম আমাৰ সাংসদসকলৰ ক্ষেত্রত প্রযোজ্য নহয়৷ সাংসদৰ বিদেশী পত্নীয়ে ১২ বছৰ কালক বিদেশী নাগৰিকত্বৰ সৈতে থাকিবলৈ পোৱাৰ দৰে বিষয়সমূহ ভাবি চাবলগীয়া৷ আন সকলো বিবেচনাতকৈ জাতিৰ প্রতি আনুগত্যই সদায় অগ্রাধিকাৰ পোৱা উচিত৷ ইপিনে ৰাজ্যিক বিজেপিয়ে এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ সাধাৰণ অভিযোগ নহয়৷ ইছলামাবাদত পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ লগত পাকিস্তানৰ পৰিকল্পনা আয়োগৰ মূল উপদেষ্টা তৌকীৰ শ্বেখৰ অধীনত কাম কৰা বুলি উত্থাপিত অভিযোগৰ যথাযথ উত্তৰৰ প্রয়োজন আছে৷ ৰাজ্যিক বিজেপিৰ মুখপাত্র কিশোৰ উপাধ্যায়ে এক বিবৃতিত কয় যে লোকসভাত কংগ্রছৰ উপ–দলপতি হিচাপে গৌৰৱ গগৈ এক বিশিষ্ট ৰাজনৈতিক দায়িত্বত অধিষ্ঠিত, যিয়ে দেশৰ নীতি নির্ধাৰণ কৰা আৰু জনসাধাৰণৰ আশা–আকাংক্ষাক প্রতিনিধিত্ব কৰে৷ আই এছ আইৰ সৈতে তেওঁৰ পত্নীৰ কথিত সম্পর্কৰ কথা গম পোৱাৰ লগে লগে গৌৰৱ গগৈৰ ব্যক্তিগত আৰু ৰাজনৈতিক সম্পর্কৰ ওপৰত চকু ৰখাৰ প্রয়োজনীয়তা আছে৷ তেওঁক লোকসভাত কংগ্রছৰ উপ–দলপতি হিচাপে কর্তব্য ফলপ্রসূভাৱে পালন কৰাৰ ক্ষমতাক লৈ ৰাইজৰ সন্দেহৰ সৃষ্টি হৈছে৷ এইবোৰ গুৰুতৰ প্রশ্ণ, যিবোৰক উপেক্ষা কৰিব নোৱাৰি৷ বিবৃতিটোত আৰু কয় যে ইতিমধ্যে কংগ্রেছৰ বহু নেতা আৰু নেতাৰ পৰিয়ালৰ মানুহে জর্জ চৰছ আৰু জর্জ চৰছৰ এনজিঅ’ যেনে– অ’পেন ছ’চাইটী ফাউণ্ডেচনৰ পৰা দেশৰ বিভিন্ন বিষয়ত হস্তক্ষেপ কৰিবলৈ আন্দোলনৰ বাবে পইচা লোৱাৰ অভিযোগ আছে৷ চেম পেট্র’ডাৰ পৰা আৰম্ভ কৰি মনমোহন সিঙৰ জীয়েকলৈকে এনে এশ এবুৰি উদাহৰণ আছে, য’ত কংগ্রেছৰ নেতা আৰু পৰিয়ালৰ মানুহে দেশৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ জর্জ চৰছৰ সহযোগ লাভ কৰিছে৷ তদুপৰি কংগ্রেছৰ কিছু নেতাৰ লগত পাকিস্তানৰ ৰাজনৈতিক ব্যক্তি আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ লগত গোপন সম্পর্কৰ বিষয়েও সকলোৱে অৱগত৷ এনে পৰিপ্রেক্ষিতত গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰ অতি ভয়ংকৰ আৰু এই বিষয়ত আইনী অনুসন্ধান আৰু ব্যৱস্থা গ্রহণৰ প্রয়োজনীয়তা আছে৷ ৰাজ্যিক বিজেপিয়ে লোকসভাত কংগ্রেছৰ উপ–দলপতি গৌৰৱ গগৈৰ পৰা এই বিষয়ত নিজৰ স্থিতি গভীৰভাৱে স্পষ্ট কৰিবলৈও আহ্বান জনায়৷