মাজুলীত ৰণক্ষেত্রত পৰিণত বৰদলৈ ট্রফীৰ ফাইনেল
বিশেষ বার্তা, ১৪ ফেব্রুৱাৰীঃ মাজুলী মিনি ষ্টেডিয়ামত চলি থকা বৰদলৈ ট্ৰফী ফুটবল চূড়ান্ত খেলখন অনুষ্ঠিত হয় গড়মূৰ ৰিভাৰিন ক্লাব আৰু কাৰপুং পুলি একাদশৰ মাজত৷ খেলৰ আৰম্ভণিতে মাজুলীৰ বহু গণ্য–মান্য ব্যক্তি আৰু বৃহৎসংখ্যক দর্শকৰ উপিস্থিতত আনন্দময় পৰিৱেশত অনুষ্ঠিত হয়৷ খেলখন উত্তেজনাময় ৰোমাঞ্চকৰ মাজত দুয়োটা দলে প্রদর্শনৰ প্রচেষ্টা চলাইছিল৷ খেলৰ শেষ হ’বলৈ ২১ মিনিট থকা অৱস্থাত এটা অফছাইড খেল পৰিচালকে নধৰা আৰু তাৰ পিছত আন এটা ফাউল নধৰাৰ বাবে কাৰপুং পুলি দলৰ খেলুৱৈসকলে অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু খেল পৰিচালকে তাৰ বিপৰীতে এজন খেলুৱৈক হালধীয়া কার্ড দেখুৱাই পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ চেষ্টা চলাই নিজৰ দোষ ঢ়াকিব বিচাৰিছিল যদিও কাৰপুং পুলি দলৰ খেলুৱৈসকলে পৰিচালকৰ এই কাণ্ডক মানি ল’ব বিচৰা নাছিল৷ খেল পৰিচালকৰ এনে ভুল সিদ্ধান্তত খর্গহস্ত হৈ একাংশ খেলুৱৈৰ লগতে প্রত্যক্ষদর্শী দর্শকে খেল পৰিচালক অপূর্ব পেগুক গুৰুলা–গুৰলকৈ প্রহাৰ কৰে আৰু খেলপথাৰত খেল চলি থকাৰ সময়তে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়৷ কাৰপুন পুলি ক্লাবৰ একাংশ সমর্থকে আক্রমণৰ লক্ষ্য কৰি লোৱা ৰেফাৰী অপূর্ব ৰেগনে প্রাণ ৰক্ষাৰ বাবে দৌৰিবলৈ ধৰে যদিও চাৰিও ফালৰ পৰা ঘেৰি ধৰাত অপূর্ব ৰেগন নামৰ ৰেফাৰীজন গুৰতৰভাৱে আহত হয়৷ উপায়ন্তৰ হৈ ঘটনাস্থলীত আৰক্ষী আৰু অর্ধসামৰিক বাহিনী উপস্থিত হৈ লাঠীচার্জ কৰে৷ ফুটবল খেলখনত ৰেফাৰীয়ে একপক্ষীয় ভূমিকা লোৱাৰ অভিযোগত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱা বুলি প্রত্যক্ষদর্শী খেল উপভোগকাৰী দর্শকসকলেও মন্তব্য কৰে৷ গুৰুতৰভাৱে আঘাতপ্রাপ্ত অপূর্ব ৰেগন বর্তমান গড়মূৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷