নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইমৰ বর্ষশ্রেষ্ঠ নাৰীৰ তালিকাত পূর্ণিমা দেৱী বর্মন

🔹 হাড়গিলা সংৰক্ষণৰ স্বীকৃতি

নিউজ ডেস্ক, ২১ ফেব্রুৱাৰী : বিৰল হাড়গিলা সংৰক্ষণৰ বাবে গ্রীন অস্কাৰ বঁটা, নাৰীশক্তি পুৰস্কাৰেৰে বিভূষিত পূর্ণিমা দেৱী বর্মনলৈ আন এক আন্তঃৰাষ্ট্রীয় স্বীকৃতি৷ বিশ্ব প্রসিদ্ধ টাইম আলোচনীৰ ২০২৫ বর্ষৰ বর্ষশ্রেষ্ঠ নাৰীৰ তালিকাত অন্তর্ভুক্ত পৰিৱেশ সংৰক্ষণ কর্মী পূর্ণিমা দেৱী বর্মন৷ টাইম আলোচনীয়ে ২০২৫ বর্ষৰ শ্রেষ্ঠ নাৰীৰ তালিকাত ১৩ বিশিষ্ট নাৰীক স্থান দিছে৷ প্রসিদ্ধ অভিনেত্রী–প্রযোজক নিক’ল কিডমেন, অলিম্পিক জিমনাষ্ট জর্ডান চিলিছ, শিল্পী ল’ফে, অভিনেত্রী আন্না ছাৱাই, মানৱ অধিকাৰ কর্মী আমান্দা জুৰাৱস্কী, ফিডিং আমেৰিকাৰ চিইঅ’ ক্লেইৰ বেবীনক্স–ফণ্টেনত, জাম্বিয়াৰ নাৰী অধিকাৰ কর্মী ফাটৌ বাল্লে, সামাজিক কর্মী–লেখিকা ৰেকুৱেল উইলিছ, অভিনেত্রী–স্তন কর্কট ৰোগৰ সজাগ অভিযান কর্মী অলিভিয়া মুনৰ সৈতে তালিকাত স্থান লাভ পৰিৱেশ সংৰক্ষণ কর্মী পূর্ণিমা দেৱী বর্মনৰ৷ অসমৰ বন্যপ্রাণী জৈৱবিদ পূর্ণিমা দেৱী বর্মনে বিৰল হাড়গিলা সংৰক্ষণ কৰাৰ বাবে সমূহ মহিলাৰ হাড়গিলা আর্মী গঠন কৰিছিল৷ কামৰূপৰ দদৰাত বিৰল হাড়গিলা সংৰক্ষণেৰে দেশৰ লগতে বিশ্বজুৰি স্বীকৃতি লাভ কৰা পূর্ণিমা দেৱী বর্মনক ২০১৭ চনত গ্রীন অস্কাৰ হিচাপে বিবেচিত হুইটলী এৱার্ডেৰে সন্মানিত কৰা হয়৷ ইয়াৰ লগতে দেশৰ মহিলাকেন্দ্রিক সর্বোচ্চ অসামৰিক সন্মান নাৰীশক্তি পুৰস্কাৰেৰেও সন্মানিত কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা জীৱবিদ্যাত স্নাতকোত্তৰ ডিগ্রীধাৰী পূর্ণিমা দেৱী বর্মনে জৈৱ–বৈচিত্র্য সংৰক্ষণৰ অন্যতম বেচৰকাৰী সংস্থা আৰণ্যকত জ্যেষ্ঠ বন্যপ্রাণী জৈৱবিদ হিচাপে কার্যনির্বাহ কৰি কামৰূপৰ গ্রামাঞ্চলত হাড়গিলা সংৰক্ষণৰ বাবে অভিযানত নামে৷ হাড়গিলা সংৰক্ষণেৰে দেশৰ লগতে আন্তর্জাতিক পর্যায়ত স্বীকৃতি লাভ কৰা পৰিৱেশ সংৰক্ষণবিদ পূর্ণিমা দেৱী বর্মনে টাইমৰ বর্ষশ্রেষ্ঠ নাৰীৰ তালিকাত অন্তর্ভুক্ত হৈ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

You might also like