চাৰি মাহ উকলিল : হিচাপেই নিদিলে বিহালী মহাবিদ্যালয় ৰূপালী জয়ন্তী উদযাপন সমিতিয়ে
নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ বিগত ১৯৮৯ চনত বিহালীৰ সৰ্বস্তৰৰ আৰ্থিক-কায়িক সহযোগিতাৰ ফলশ্ৰুতিত গঢ় লৈ উঠা একমাত্ৰ ঐতিহ্যমণ্ডিত উচ্চশিক্ষা অনুষ্ঠান হ’ল বিহালী মহাবিদ্যালয় খনে বিগত ২০১৪ চনত ৰূপালী বৰ্ষ অতিক্ৰম কৰিছিল যদিও প্ৰায় ১০ বছৰৰ পিছত ৰাইজৰ সহযোগত বিগত ২০২৪ চনৰ ৪ আৰু ৫ অক্টোবৰ তাৰিখত বিহালী মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হৈ যায়৷ অতিগুৰুত্বপূৰ্ণ বিষয়টো হ’ল- বিহালী মহাবিদ্যালয়খনে ৩৫ বৰ্ষত ভৰি দিয়াৰ বছৰটোত ৰূপালী জয়ন্তী সমাৰোহ উদযাপন কৰাৰ চাৰি মাহ দিন-কাল ওকলিল যদিও অদ্যাপি ৰূপালী জয়ন্তী সমাৰোহৰ খা-খৰচৰ হিচাপ-নিকাচ দাখিল নহ’ল৷ জানিব পৰা মতে, বিহালীৰ ঐতিহ্যমণ্ডিত বিহালী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ দুদিনীয়া সমাৰোহৰ বাজেটে আছিল সৰ্বমুঠ ১৮ লাখ টকা৷ উল্লেখযোগ্য যে- বিহালী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ কাৰ্যসূচী ৰূপায়ণৰ বাবে উদযাপন সমিতিয়ে ৰাইজৰ দান-বৰঙণি সংগ্ৰহ কৰি চেলিব্ৰেটি নিমন্ত্ৰণ জনাই অনুষ্ঠান সামৰণি মৰাৰ চাৰি মাহৰ পিছতো উদযাপন সমিতিয়ে হিচাপ দাখিল নকৰাৰ বিষয়টো তাৎপৰ্যপূৰ্ণ বহন কৰিছে৷ বিহালী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ দুদিনীয়া সমাৰোহ কাৰ্যসূচীৰ ৰূপায়ণ বেলিকা মহাবিদ্যালয়খনত অধ্যয়ৰণৰত ছাত্ৰ-ছাত্ৰীৰ উপৰি প্ৰাক্তণ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আছিল অতিসেৰেঙা৷ আনহাতে মহাবিদ্যালয় ৰূপালী জয়ন্তী সমাৰোহ উদযাপনৰ দ্বায়িত্বত থকা তথা বিহালী মহাবিদ্যালয়ৰ হৰ্তাকৰ্তা দুজন বৰা উপাধিৰ দুজন মূধাফূটা অধ্যাপকে সমাৰোহৰ বেলিকা নিচাসক্ত অভৱ্য আচৰণ কৰাৰো অভিযোগ সৰ্বজনবিদিত৷ আনকি মহাবিদ্যালয়খনৰ অধ্যাপক দুগৰাকীয়ে বিহালী কনিষ্ঠ মহাবিদ্যালয়ৰ ছেত্ৰী উপাধিৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকক বিভিন্ন কথা-বাক্যৰে অপদস্ত কৰাৰ অভিযোগ সৰ্বজনবিদিত৷ তদুপৰি মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী সমাৰোহৰ স’তে সঙ্গতি ৰাখি প্ৰকাশ কৰা স্মৰণিকা খনত বহু গণ্য-মান্য ব্যক্তিৰ গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ নহ’ল৷ উত্থাপিত অভিযোগ মতে, বিহালী মহাহিদ্যালয় ৰূপালী জয়ন্তী উপলক্ষ্যে প্ৰকাশিত স্মৰণিকা সম্পাদনা সমিতিৰ দ্বায়িত্ব গ্ৰহণ কৰা সম্পাদনা সমিতিৰ দ্বায়িত্বশীল ব্যক্তিসকলৰ চূড়ান্ত অদ্বায়িত্বশীল কাণ্ড কাৰখানাত ২ লাখ ৫০ হাজাৰ টকা ব্যয়সাপেক্ষে স্মৰণিকাখন বিসঙ্গতিপূৰ্ণভাৱে প্ৰকাশ হয়৷ অভিযোগ মতে বিহালী মহাবিদ্যালয়খনৰ উপৰি বহুকেইগৰাকী প্ৰাক্তণ ছাত্ৰ-ছাত্ৰীৰ বহু তথ্য সমৃদ্ধ গুৰুত্বপূৰ্ণ লেখা প্ৰকাশ নহ’ল৷ উল্লেখ্য যে বিভিন্ন বেমেজালিৰ মাজেদি বিহালীৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বিহালী মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী সমাৰোহৰ সভাপতি ৰঞ্জিত দত্ত, সম্পাদকদ্বয় অধ্যক্ষদ্বয় ৰমেন বৰা আৰু পৰশু ছেত্ৰী আৰু সহকাৰী সম্পাদক আছিল উৎপল বৰা আৰু প্ৰশান্ত কুমাৰ শৰ্মা৷
প্ৰেৰক দিগন্ত শইকীয়া