প্রথমবাৰলৈ ৰঞ্জিৰ ফাইনেলত কেৰালা, পৰাস্ত ৪২বাৰৰ চেম্পিয়ন মুম্বাই
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ কোৱার্টাৰ ফাইনেল আৰু ছেমিফাইনেলত গুৰুত্বপূর্ণ অগ্রগতিৰ জৰিয়তে প্রথমবাৰৰ বাবে ৰঞ্জি ট্রফীৰ ফাইনেলত প্রৱেশ কৰিলে কেৰালাই৷ ফাইনেলত দলটোৱে বিদর্ভৰ বিপক্ষে মুখামুখি হ’ব৷ আনখন ছেমিফাইনেলত বিদর্ভই ৮০ ৰানত পৰাস্ত কৰে ৪২বাৰৰ চেম্পিয়ন মুম্বাইক৷ প্রথম ইনিংছত কেৰালাই ৪৫৭ ৰান সংগ্রহ কৰিলেও গুজৰাটে প্রিয়াংক পঞ্চালৰ ১৪৮, আর্য দেশাইৰ ৭৩, জয়মিত প’টেলৰ ৭৯ ৰানৰ জৰিয়তে তীব্র প্রত্যাহ্বান আগবঢ়ায়৷ গুজৰাটে ৭ উইকেটত ৪২৯ ৰানৰ পৰা খেলিবলৈ আৰম্ভ কৰিছিল৷ খেলৰ অন্তিম দিন৷ সেইবাবে ২৯ ৰান কৰি প্রথম ইনিংছত অগ্রগতি লাভ কৰিব পাৰিলেই গুজৰাটৰ ফাইনেল নিশ্চিত আছিল৷ এনে অৱস্থাত কেৰালাক বিজয় উপহাৰ দিয়ে বাঁওহতীয়া স্পিনাৰ আদিত্য ছৰৱাটে৷ তেওঁ অন্তিম তিনিওটা উইকেট দখল কৰে৷ জয়মিত আৰু সিদ্ধান্ত যুটিয়ে এটা সময়ত কেৰালাক হতাশ কৰিছিল৷ অগ্রগতিৰ বাবে ২৩ ৰান লগা অৱস্থাত জয়মিতৰ কেচ পেলাইছিল কেৰালাৰ অধিনায়ক শচীন বেবীয়ে৷ অৱশ্যে সেই অভাৰতে একাধিক ৰিপ্লেৰ জৰিয়তে আম্পায়াৰে তেওঁক আউট দিয়ে৷ কিন্তু অর্জুন নাগৱাছৱালাৰ আগ্রাসী খেলে গুজৰাটক অগ্রগতি লাভৰ দুৱাৰডলিত উপনীত কৰাইছিল৷ গুজৰাট ১১ ৰানত পিছপৰি থকা অৱস্থাত নৱমটো উইকেট হেৰুৱায়৷ ছৰৱাটে আউট কৰে সিদ্ধার্থক৷ অৱশ্যে গুজৰাটে অগ্রগতি ল’বলৈ তিনি ৰান লগা অৱস্থাত নাগৱাছৱালাৰ এটি প্রচণ্ড শ্বট লেগত ফিল্ডিং কৰি থকা ছলমন নিজাৰৰ হেলমেটত লাগি ওপৰলৈ উঠি যোৱাত শচীনে কেচ ধৰে৷ ফলত দুই ৰানৰ অগ্রগতিৰে ফাইনেল নিশ্চিত কৰে কেৰালাই৷ ইপিনে, বিদর্ভৰ প্রথম ইনিংছত সংগৃহীত ৩৮৩ ৰানৰ প্রত্যুত্তৰত ২৭০ ৰানতে ইনিংছ সামৰে মুম্বায়ে৷ দ্বিতীয় ইনিংছত ২৯২ ৰান কৰে বিদর্ভই৷ মুম্বাইক ৪০৬ ৰানৰ প্রয়োজন হৈছিল যদিও দলটো ৩২৫ ৰানতে অলআউট হয়৷ দলৰ তাৰকা বেটাৰসকল ব্যর্থ হোৱাত মুম্বাইৰ পৰাজয় নিশ্চিত হয়৷