নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ১০০ আগশাৰীৰ বিজ্ঞানীৰ তালিকাত অসমৰ ড০ বিস্মিতা হাজৰিকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ যোৱা ১৪ ফেব্রুৱাৰীত বিশ্বজুৰি প্রকাশিত ‘ভৱিষ্যতৰ বেতাঁৰ প্রযুক্তিবিদ্যাৰ ষষ্ঠ প্রজন্ম’ৰ (6G) ডদ্ভাৱন আৰু কার্যকৰীকৰণত ২০২৫ বর্ষৰ বিশ্বৰ প্রথম এশগৰাকী আগশাৰীৰ মহিলা বিজ্ঞানীৰ তালিকা প্রকাশ পায়৷ এহ তালিকাত অসমৰ যুৱতী, গুৱাহাটীৰ জাপৰিগোগ নিৱাসী বর্তমান কানাডাৰ মেমোৰিয়েল বিশ্ববিদ্যালয়ৰ গৱেষক হিচাপে কর্মৰত ড০ বিস্মিতা হাজৰিকাই স্থান লাভ কৰিছে৷ ড০ হাজৰিকাৰ এই স্বীকৃতিয়ে বেঁতাৰ প্রযুক্তিৰ পৰৱর্তী প্রজন্মৰ ক্ষেত্রখনত তেওঁৰ অসাধাৰণ অৱদানক উজ্জ্বল কৰি তোলাৰ লগতে অসমৰ বহু যুৱ গৱেষকলৈ প্রেৰণা আগবঢ়ায়৷ ড০ হাজৰিকাই গুৱাহাটীৰ খানাপাৰাস্থিত ডিজলেণ্ড সুকল বর্তমানৰ সুদর্শন পাব্লিক সুকলৰ পৰা প্রৱেশিকা পৰীক্ষাত ডত্তীর্ণ হৈ শ্রীমন্ত শংকৰদেৱ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হয়৷ পিছলৈ গুৱাহাটীৰ ভাৰতীয় তথ্য–প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ (IIIT,G) পৰা কম্পিডটাৰ ছায়েঞ্চ আৰু অভিযান্ত্রিক বিষয়ত এমটেক ডিগ্রী সম্পূর্ণ কৰে আৰু টাহৱানৰ নেচনেল ছান য়াট চেন বিশ্ববিদ্যালয়ৰ পৰা তিনি বছৰতকৈও কম সময়ৰ ভিতৰতে অভিযান্ত্রিক পিএইডি ডিগ্রী লাভ কৰে৷ বর্তমান ড০ হাজৰিকাই কানাডাৰ মেমোৰিয়েল বিশ্ববিদ্যালয়ত মূলতঃ কৃত্রিম বুদ্ধিমত্তা, কোৱাণ্টাম মেচিন লার্নিং আৰু যান্ত্রিক নেটৱর্কৰ ওপৰত গৱেষণাত ব্রতী হৈ আছে৷ আন্তঃৰাষ্ট্রীয় মঞ্চত ভাৰতীয় যুৱ গৱেষকৰ অপৰিসীম সম্ভাৱনাৰ প্রমাণ হিচাপে ড০ হাজৰিকাৰ নিষ্ঠা উদ্ভাৱন আৰু বিশ্বব্যাপী স্বীকৃতি লেখত ল’বলগীয়া৷ এই স্বীকৃতিয়ে বেতাঁৰ প্রযুক্তিৰ পৰৱর্তী ক্ষেত্রখনত তেওঁৰ অসাধাৰণ অৱদানক উজ্জ্বল কৰি তোলে৷ বিস্মিতা জাপৰিগোগ নিৱাসী অসম লোকনির্মাণ বিভাগৰ অৱসৰপ্রাপ্ত অভিযন্তা প্রকাশ হাজৰিকা আৰু নৱমল্লিকা হাজৰিকাৰ একমাত্র কন্যা৷

You might also like