নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহবুবুল হক এজন ডাঙৰ প্রৱঞ্চক : মুখ্যমন্ত্রী

🔹 অসমৰ শিক্ষা ব্যৱস্থাক বজাৰলৈ ৰূপান্তৰ কৰিবলৈ দিয়া নহ’ব

নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰী : শেহতীয়াকৈ বিতর্কত সাঙোৰ খাই পৰা ইউএছটিএমৰ উপাচার্য তথা শিক্ষা প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰী মহবুবুল হকৰ গ্রেপ্তাৰ সম্পর্কত প্রতিক্রিয়া হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেতবোৰ বিস্ফোৰক অভিযোগ প্রকাশ কৰিছে৷ চাংসাৰিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই মহবুবুল হকক ইতিহাসৰ এগৰাকী ডাঙৰ প্রৱঞ্চক বুলি অভিহিত কৰি কয় যে অসমত বহু দিনৰ পৰা ডাঙৰ চক্র এটাক লক্ষ্য কৰি আছিলোঁ৷ সেইটো হ’ল মেডিকেল, ইঞ্জিনীয়াৰিং আৰু চিবিএছইৰ পৰীক্ষাৰ আগত ল’ৰা–ছোৱালীসকলক পৰীক্ষাৰ কেন্দ্র সলনি কৰি দিয়া হয় আৰু কিছুমান নির্দিষ্ট স্কুললৈ লৈ যোৱা হয়৷ গোৱালপাৰা, নগাঁও, কামৰূপ জিলাৰ ২৪৭গৰাকী ছাত্র–ছাত্রীক চিবিএছই পৰীক্ষাত ৩০ নম্বৰকৈ অধিক দিয়াৰ প্রতিশ্রুতি দি বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল৷ পিছত যেতিয়া তাত সুবিধা নাপালে ছাত্র–ছাত্রীসকলে হুলস্থূল কৰিলে৷ লাহে লাহে গোটেই চক্রটো পোহৰলৈ আহিছে আৰু এইটো চিবিএছইতে সীমাবদ্ধ নাথাকি মেডিকেল এন্ট্ৰেঞ্চ পৰীক্ষাতো চলি থকা ডাঙৰ প্রৱঞ্চনা এটা আমাৰ সন্মুখলৈ আহি যাব৷ মুখ্যমন্ত্রী ড০ শর্মাই ইউএছটিএমৰ স্বত্বাধিকাৰীগৰাকীৰ নাম উল্লেখ নকৰাকৈ কয় যে মই আগতেই কৈ আহিছোঁ মানুহজন ডাঙৰ প্রৱঞ্চক৷ তেওঁৰ ইতিহাস প্রৱঞ্চনাৰে ভৰা৷ আমাৰ অসমৰ কিছু বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ নি অসমৰ মানুহক বিপথে পৰিচালিত কৰাৰ চেষ্টা ইমানদিনে চলাই আহিছে৷ লাহে লাহে কথাবোৰ ধৰা পৰিব৷ অসমত যাতে শিক্ষাক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয়, তাৰ বাবে আমি প্রচেষ্টা কৰি থাকিম৷ মুখ্যমন্ত্রী ড০ শর্মাই পিএইচডি ডিগ্রীৰ প্রসংগতো তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে বিশ্ববিদ্যালয়ত এটা ডাঙৰ সমস্যা হ’ল পিএইচডি ডিগ্রী লৈ আছে কাম কৰা মানুহেও৷ কিন্তু কাম কৰা মানুহজনে ছুটী লোৱা নাই৷ কাম আৰু পিএইচডি একেলগে হ’ব পাৰে নেকি? লাহে লাহে এই গোটেই বিষয়বোৰ অনুসন্ধান কৰা হ’ব৷

You might also like