নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্নীতিৰ বাবেই ৰাইজে বিদায় দিব বিপিএফক

বাগ্সাত ইউপিপিএলৰ যোগদান কার্যসূচীত সভাপতি প্রমোদ বড়ো

নিয়মীয়া বার্তা, ১৬ মার্চঃ বিটিচি নির্বাচনৰ পিছতে ই এম, জি এমৰ দাদাগিৰি নাথাকিব ৷ নানা দুর্নীতি–ভ্রষ্টাচাৰৰ বাবেই ৰাইজে বিপিএফক বিদায় দিব ৷ বিটিচিত চৰকাৰ গঠন কৰিব ইউ পি পি এলে ৷ এই মন্তব্য ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ ৷ দেওবাৰে বাগসা জিলাৰ আঠিয়াবাৰীত অনুষ্ঠিত ইউপিপিএলৰ যোগদান কার্যসূচীত অংশগ্রহণ কৰি তেওঁ কয় যে বৃহৎ সংখ্যক জনতাই বিপিএফৰ দাদাগিৰিৰ পৰা মুক্ত হ’ব বিচাৰিছে ৷ হাগ্রামা মহিলাৰীয়ে সোতৰ বছৰ ধৰি বিটিচিৰ শাসনত আছে যদিও কোনো উন্নয়নমূলক কাম কৰা নাই ৷ সোতৰ বছৰ ধৰি বিটিচিৰ শাসনত থাকিও বিপিএফে এই অঞ্চলটোত উন্নতি নকৰিলে ৷ সুবিধা পায়ো হাগ্রামা মহিলাৰীয়ে উন্নতি কৰিব নোৱাৰাটো দুর্ভাগ্যজনক ৷ সেয়ে ৰাইজে এইবাৰ পৰিৱর্তন বিচাৰিছে ৷ বিগত সময়ছোৱাত হাগ্রামা মহিলাৰীয়ে বিবাহৰ সময়ত কইনাক দুই তোলা সোণ দিব বুলি কৈছিল যদিও আজিলৈ নিদিলে ৷ প্রতিটো বিভাগতে দুর্নীতিয়ে ছানি ধৰিছে ৷ কেৱল বিপিএফৰ নেতাসকলৰ বাহিৰে আন কাৰোৰে উন্নতি হোৱা নাই ৷

সোতৰ বছৰ ধৰি শাসনত থকা বিপিএফক এইবাৰ ৰাইজে বিদায় দিয়াৰ বাবে কঁকালত টঙালি বান্ধিছে ৷ সভাত প্রমোদ বড়োৱে কয় যে বিটিচিৰ সমস্যাৰ কথা পৰিষদত মাত্র এঘণ্টাতে শেষ হয় ৷ বিটিচিৰ চল্লিশটা বিভাগৰ সমস্যা মাত্র এঘণ্টাতে কেনেকৈ সম্ভৱ হয় বুলি প্রশ্ন কৰি তেওঁ কয় যে হাগ্রামা মহিলাৰীয়ে এই সমস্যাসমূহ জনাধাৰণক অন্ধকাৰত ৰাখি সোনকালে শেষ কৰে ৷ সভাত গোবিন্দ বসুমতাৰী, ইউপিপিএলৰ বাগ্সা জিলাৰ সম্পাদক দয়াল শৰণীয়াকে ধৰি বহু লোক উপস্থিত থাকে ৷ এই অনুষ্ঠানতে অৱসৰপ্রাপ্ত জিলা পশু চিকিৎসা বিষয়া ডাঃ গজন চন্দ্র বডো, অৱসৰপ্রাপ্ত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক লক্ষেশ্বৰ নার্জাৰী, আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ গিৰীশ চন্দ্র বডো, শিক্ষাবিদ মাইনুল আলী, বাগ্সা ব্লক কংগ্রেছৰ সাধাৰণ সম্পাদক দিবাকৰ পাঠককে ধৰি সহস্র লোকে ইউপিপিএল দলত যোগদান কৰে ৷

You might also like