নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা গুৱাহাটীত এডভাণ্টেজ আছাম ২.০

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ আজিৰ পৰা আৰম্ভ হ’ব এডভাণ্টেজ আছাম ২.০ : বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন৷ ৰাজ্যখনত ব্যৱসায়, ঔদ্যোগিক খণ্ড আৰু আন্তঃগাঁথনি খণ্ডত বৃহৎ বিনিয়োগৰ লক্ষ্য আগত ৰাখিয়ে আয়োজন কৰা হৈছে এই সন্মিলনৰ৷ দুদিনীয়া ভ্রমণসূচীৰে কালি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ আনুষ্ঠানিকভাৱে সন্মিলনখনৰ শুভাৰম্ভ কৰিব৷ সন্মিলনখন শুভাৰম্ভ কৰাৰ পূর্বেই কালি নিশা প্রধানমন্ত্রী মোদী সন্মিলনস্থলীত উপস্থিত হয়৷ সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্রদর্শনীখন প্রধানমন্ত্রী মোদীয়ে পৰিদর্শন কৰে৷ এই প্রদর্শনীয়ে দেশৰ কেইবাটাও আগশাৰীৰ উদ্যোগ প্রতিষ্ঠান তথা ৰাজ্যখনৰ ক্ষুদ্র আৰু মজলীয়া উদ্যোগলমূহে নিজৰ উদ্যোগিক দিশসমূহ প্রতিফলিত কৰে৷ উল্লেখ্য যে এই প্রদর্শনীৰ জৰিয়তে অসমত উদ্যোগ খণ্ডৰ সম্ভাৱনীয়তাৰ দিশসমূহ দাঙি ধৰা হৈছে৷ আনহাতে, প্রদর্শনীস্থলীত অসমৰ কেইবাখনো জিলাৰ ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ দ্বাৰা উৎপাদিত বিভিন্ন সামগ্রী প্রদর্শন কৰা হয়৷ প্রদর্শনী পৰিদর্শনকালত প্রধানমন্ত্রী মোদীৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী কেশৱ মহন্ত, মুখ্যসচিব ড০ ৰবি কোটা উপস্থিত থাকে৷ আনহাতে, আজি হ’বলগীয়া সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী মোদীৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰ, কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া, সর্বানন্দ সোণোৱাল, পৱিত্র মার্ঘেৰিটা আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহাও উপস্থিত থাকিব৷ এই সন্মিলনত অংশগ্রহণৰ বাবে ইতিমধ্যে বৈদেশিক পৰিক্রমা মন্ত্রী ড০ এছ জয়শংকৰৰ নেতৃত্বত ৬১খন দেশৰ ৰাষ্ট্রদূত গুৱাহাটীত আহি উপস্থিত হৈছে৷ ইণ্ডোনেছিয়া, অষ্ট্রিয়া, জাপানৰ পৰা ৰাষ্ট্রদূতেই নহয়, বৃহৎ ব্যৱসায়িক প্রতিনিধিও আহিছে৷ মন কৰিবলগীয়া এয়ে যে প্রধানমন্ত্রী মোদীৰ আজিৰ উদ্বোধনী অনুষ্ঠানত ভূটানৰ কৃষিমন্ত্রীৰ নেতৃত্বত এটা বৃহৎ দলো উপস্থিত থাকিব৷ সেইদৰে বিশিষ্ট উদ্যোগপতি নটৰাজন চন্দ্রশেখৰন, মুকেশ ধীৰুভাই আম্বানি, গৌতম আদানি, অনিল আগৰৱালা, সজ্জন জিন্দাল, প্রশান্ত ৰুইয়া, অনিল ছামালেছেট্টি, অভিজিৎ বৰুৱা, অনুপম ডেকা, সাবিত্রী জিন্দাল, সংগীতা জিন্দাল, বি কে গোৱেংকা আদিও উপস্থিত থাকিব৷ আন্তঃগাঁথনি খণ্ডত বিনিয়োগৰ প্রসংগত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিৰ ভাষণত বহুকেইটা আন্তঃগাঁথনিৰ ঘোষণা থাকিব৷ বিদেশলৈ যাবলগীয়া কার্যসূচী থকাৰ বাবে কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে ভিডিঅ’যোগে তেওঁৰ ভাষণ প্রেৰণ কৰিছে৷ সেইদৰে আজি ছেমিকণ্ডাক্টৰ উদ্যোগক লৈ হ’বলগীয়া ছেমিনাৰত কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰিব৷ আনহাতে আজি প্রধানমন্ত্রী মোদীৰ ভাষণ শেষ হোৱাৰ পাছৰে পৰাই একাদিক্রমে বিভিন্ন ছেমিনাৰ অনুষ্ঠিত হ’ব৷ এই ছেমিনাৰসমূহ অনুষ্ঠিত কৰাৰ বাবে প্লেনাৰী হলত দুহাজাৰ লোক বহিব পৰা ব্যৱস্থা কৰা হৈছে৷ এহাজাৰ লোক বহিব পৰাকৈ অর্ধ–প্লেনাৰী হল স্থাপন কৰা হৈছে৷ সেইদৰে ৫০০ আৰু ১৫০ লোক বহিব পৰাকৈ তিনিটা হলৰো ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে আজি আৰম্ভ হ’বলগীয়া সন্মিলনখনৰ পূর্বেই বিভিন্ন বিনিয়োগকাৰীৰ পৰা ১.২২ লাখ কোটি টকাৰ বিনিয়োগৰ প্রস্তাৱ আহিছে আৰু ৰাজ্যিক কেবিনেটে সেই প্রস্তাৱত অনুমোদনো জনাইছে৷ সেইদৰে এই এডভাণ্টেজ আছাম ২.০ চলি থকাৰ সময়তে বিভিন্ন জিলা আয়ুক্তৰ কার্যালয়তো বিনিয়োগৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব৷ ৫ লাখৰ পৰা ৫০ কোটি পর্যন্ত বিনিয়োগৰ প্রস্তাৱসমূহৰ ক্ষেত্রত জিলা পর্যায়ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব৷ স্থানীয়ভাৱে অহা এনেধৰণৰ বিনিয়োগৰ বাবে মুঠ ১৫,৯১১ কোটি টকাৰ বুজাবুজিৰ চুক্তি সম্পাদিত হ’ব৷

You might also like