নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ জনগোষ্ঠীয়ে অসমৰ ভাষা-কৃষ্টি-সংস্কৃতিক সমৃদ্ধ কৰিছে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ ঝুমুৰ অসমীয়া সংস্কৃতিৰ উৎকৃষ্টতম উপাদান আৰু এই ঝুমুৰক লৈ প্রতিগৰাকী অসমীয়াই গৌৰৱবোধ কৰে৷– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ সৰুসজাই ক্রীড়া প্রকল্পত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰে৷ বহুতেই ঝুমুৰ ঝাৰখণ্ড, চত্তিশগড় আদিৰ পৰা অহা বুলি কৰা মন্তব্যৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই ঝুমুৰ অসমৰ চাহ বাগিচাৰ সন্তানসকলে কৰা৷ তেওঁলোকে অসমৰ ভূমিক লৈ সুন্দৰ বর্ণনা ঝুমুৰত নিহিত হৈ আছে৷ তেওঁলোকে কেনেকৈ অসমক নিজৰ ৰাজ্য হিচাপে লৈছে তাৰ বর্ণনাও এই ঝুমুৰত আছে৷ অসমৰ জাতীয় জীৱনৰ ইতিহাসত এক অমৃত উজ্জ্বল দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রায় ২০০ বছৰ পূর্বে জীৱিকাৰ তাগিদাত বিহাৰ, পশ্চিমবংগ, ওড়িশা, মধ্যপ্রদেশ, অন্ধ্রপ্রদেশকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ পৰা এচাম উদ্যমী, কর্মঠ ভাৰতীয়ৰ পৱিত্র অসমভূমিলৈ আগমন হৈছিল৷ এইসকল লোকে অসমলৈ আহি অসমকে নিজৰ মাতৃভূমি হিচাপে গ্রহণ কৰি সময়ৰ সোঁতত হাড়ে–হিমজুৱে অসমীয়া হৈ পৰিল৷ অসমৰ চাহ উদ্যোগৰ প্রসাৰত তেওঁলোকে মূল ভূমিকা লৈ দুশ বছৰ আগেয়ে অসমত উদ্যোগীকৰণৰ এক বিশাল ভেটি নির্মাণ কৰিলে৷ বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াৰ অমূল্য অৱদান আগবঢ়াই কলা–সংস্কৃতি, ৰীতি–নীতিৰে অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্রদায়ৰ লোকসকলে অসমীয়া জাতিক সমৃদ্ধ কৰিলে৷ কালক্রমত তেওঁলোকে চাহ জনগোষ্ঠী, আদিবাসী হৈ পৰিল৷ অসমৰ চাহ উদ্যোগৰ দুশ বছৰীয়া গৌৰৱময় ইতিহাসৰ সোঁৱৰণ আৰু জনগোষ্ঠীটোৰ প্রতি শ্রদ্ধা নিবেদন কৰি তাৰ আন্তৰিক প্রয়াস হিচাপে আজি এই ঝুমুৰ প্রদর্শন কৰা হৈছে৷ ৮,৮০০ৰো অধিক যুৱক–যুৱতীৰ দ্বাৰা অসমৰ চাহ জনগোষ্ঠী লোকৰ ঝুমুৰ প্রদর্শনৰ ব্যৱস্থা কৰা হৈছে৷ আমি গৌৰৱেৰে সৈতে মনত পেলাওঁ অসমৰ সংস্কৃতি আৰু কলা–কৃষ্টিলৈ অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকৰ সমৃদ্ধ বৰঙণি আছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ চাহ বাগিচাৰ লোকসকলে অসমীয়া ভাষাক নিজৰ ভাষা বুলি আদৰি লৈ আমাৰ ভাষা–কৃষ্টি আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে৷ আজিৰ এই ঝুমুৰ প্রদর্শন অসমৰ চাহ বাগিচা আৰু আদিবাসী লোকলৈ অসমবাসীৰ কৃতজ্ঞতা৷ অসমৰ ৩ কোটি ৫০ লাখ লোকৰ হৈ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁলোকৰ প্রতি কৃতজ্ঞতা জ্ঞাপন কৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে চাহ জনগোষ্ঠী আৰু আদিবাসী লোকৰ বাবে তৃতীয় আৰু চতুর্থবর্গৰ চৰকাৰী চাকৰিৰ ৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷ সেইদৰে চাহ বাগিচাত হাইস্কুল নির্মাণ, তিনিখনতকৈ অধিক আয়ুস্মান আৰোগ্য মন্দিৰৰ ব্যৱস্থা কৰিছে৷ চাহ বাগিচাৰ লাইনত কাম কৰা প্রতিগৰাকী লোকক ভূমিৰ অধিকাৰ প্রদান কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ আনহাতে ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্রী ড০ শর্মাই তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণৰ পাছত আজি নৰেন্দ্র মোদী প্রথমবাৰলৈ অসমলৈ অহাৰ উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীক্ অসমবাসী ৰাইজৰ হৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে৷ প্রধানমন্ত্রী মোদীয়ে তৃতীয়টো কার্যকালত অসমৰ বাবে তিনিটা গুৰুত্বপূর্ণ কাম কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মোদীৰ প্রচেষ্টাৰ বাবেই চৰাইদেউ মৈদামক ইউনেস্ক’ৱে বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতি প্রদান কৰে৷ সেইদৰে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মর্যাদা প্রদান কৰিলে৷ নামৰূপ সাৰ কাৰখানাৰ সম্প্রসাৰণ নোহোৱাত যি সময়ত সাৰ কাৰখানাটো বন্ধ হোৱাৰ উপক্রম হৈছিল, প্রধানমন্ত্রী মোদীয়ে এইবাৰ বাজেটত সাৰ কাৰখানাটোৰ উৎপাদন ক্ষমতা ১২ লাখ মেট্রিকটনলৈ বৃদ্ধি কৰিব বুলি ঘোষণা কৰি পুনৰুজ্জীৱিতকৰণৰ্ ব্যৱস্থা কৰিছে৷ মাত্র কিছুদিনৰ ভিতৰতে প্রধানমন্ত্রী মোদীয়ে অসমৰ বাবে এই তিনিটা বৃহৎ কাম কৰিব৷ আগন্তুক দিনতো প্রধানমন্ত্রী মোদীয়ে অসমবাসীক গর্বিত হোৱাৰ সুবিধা প্রদান কৰিব বুলি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like